ডিজিটেল ডেস্কঃ ৰাজ্যৰ মীন বিভাগৰ ফালৰ পৰা আজি ৰিফিজাৰেটৰ সংলগ্ন তিনিচকীয়া বাহণ বিতৰণ কৰা হয়। RIDF 26ৰ অধীনত এই বাহনসমূহ হিতাধাকিৰীক প্ৰদান কৰা হয়।
আজিৰ অনুষ্ঠানত মুঠ ১০ গৰাকী হিতাধিকাৰীক প্রদান কৰা হয় এনে বাহন। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকে মীন মন্ত্ৰী পৰিমল শুক্ল বৈদ্য। তেওঁ হিতাধিকাৰীসকলৰ মাজত বিতৰণ কৰে বাহনসমূহ।
মহানগৰীৰ বিভিন্ন প্রান্তলৈ মাছ যোগানৰ বাবে প্রদান কৰা হৈছে এই বাহনসমূহ। উল্লেখ্য যে ৰাজ্যৰ সৰ্বত্ৰে মুঠ ৩৯০ খন তিনিচকীয়া বাহন প্রদান কৰা হৈছে। কেৱল তিনিচকীয়াই নহয়, ৭০খন ৪ চকীয়া বাহনো অসমৰ মীন পালকক প্ৰদান কৰা হৈছে।
অনুষ্ঠানত মন্ত্ৰ শুক্লবৈদ্যই অসমলৈ অবৈধভাৱে অহা বাৰ্মিজ মাছৰ কথা স্বীকাৰ কৰিছে। তেওঁ বাৰ্মিজ মাছৰ বিৰুদ্ধে নিয়মীয়াভাৱে অভিযান চলাই থকা হৈছে বুলিও উল্লেখ কৰে।
আনহাতে আবকাৰী বিভাগৰো দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে সুৰা বিভাগৰ সন্দৰ্ভতো মন্তব্য কৰে। তেওঁ কয়, বিদেশী সুৰাৰ বিপণীত বিক্রী কৰিব নোৱাৰিব দেশীয় সুৰা। জনজাতীয় পানীয় বিক্রীৰ বাবে ল’ব লাগিব আবকাৰী বিভাগৰ অনুজ্ঞাপত্র।
Ceremonially distributed 10 Fish Transport Three wheelers Vehicles, to the beneficiaries under RIDF-XXVI scheme 2021-22 at the Directorate of Fisheries, Guwahati, today.
(1/2) pic.twitter.com/bDpAx1YgNq— Parimal Suklabaidya (@ParimalSuklaba1) March 23, 2023
Also Read: সোণাপুৰস্থিত ষ্টাৰ চিমেণ্টৰ কাৰখানাত শ্ৰমিকৰ কৰুণ মৃত্যু...