কৰ্কট ৰোগৰ চিকিৎসা, গৱেষণালৈ অতুলনীয় অৱদান আগবঢ়োৱা বিশিষ্ট চিকিৎসক ড০ অমল চন্দ্ৰ কটকীলৈ 'প্ৰফেশ্যনেল এক্সচিলেঞ্চ এৱাৰ্ড'...

কৰ্কট ৰোগৰ চিকিৎসা, গৱেষণালৈ অতুলনীয় অৱদান আগবঢ়োৱা বিশিষ্ট চিকিৎসক ড০ অমল চন্দ্ৰ কটকীলৈ 'প্ৰফেশ্যনেল এক্সচিলেঞ্চ এৱাৰ্ড'...
Published on
Updated on

ডিজিটেল ডেস্কঃ ড০ বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক তথা বিশিষ্ট কৰ্কট ৰোগ চিকিৎসক ড০ অমল চন্দ্ৰ কটকীলৈ পেছাদাৰী উৎকৰ্ষসাধন বঁটা। গুৱাহাটী তথ উত্তৰ-পূবৰ অগ্ৰণী চিকিৎসালয় এপল হস্পাতালে বিশিষ্ট চিকিৎসকগৰাকীলৈ আগবঢ়াইছে এই সন্মান।

যোৱা ১জুলাই ২০২৪ক এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয় ড০ কটকীক। কৰ্কট ৰোগৰ চিকিৎসা, গৱেষণা আৰু মেডিকেল এডমিনিষ্টেশ্যনলৈ ড০ কটকীৰ অৱদানৰ বাবে তেওঁক যচাঁ হৈছে এই বঁটা। এই বঁটা গ্ৰহণ কৰি অতিশয় সন্তুষ্টি প্ৰকাশ কৰে ৰাজ্য তথা দেশৰ কৰ্কট ৰোগৰ চিকিৎসাখণ্ডলৈ অতুলনীয় অৱদান আগবঢ়োৱা ড০ অমল চন্দ্ৰ কটকীয়ে।

সামাজিক মাধ্যমযোগে সন্তুষ্টি ব্যক্ত কৰি কটকীয়ে কয়- এপল হস্পাতালে মোক যচাঁ এই সন্মানৰ বাবে মই অতিশয় আনন্দিত। এই বঁটাই মোক প্ৰেৰণা যোগাব। চিকিৎসালয়খনৰ সকলো বিষয়া-কৰ্মচাৰী, চিকিৎসকক ধন্যবাদ।‘

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in