প্ৰখ্যাত চিন্তাবিদ ড০ হীৰেন গোহাঁইৰ নাগৰিকত্ব ভিত্তি বৰ্ষৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া

''অসমীয়া জাতিৰ বিতৰ্ক দীৰ্ঘদিন হ'ব নিদিলে সৰ্বোচ্চ ন্যায়ালয়ে''
প্ৰখ্যাত চিন্তাবিদ ড০ হীৰেন গোহাঁইৰ নাগৰিকত্ব ভিত্তি বৰ্ষৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া
প্ৰখ্যাত চিন্তাবিদ ড০ হীৰেন গোহাঁইৰ নাগৰিকত্ব ভিত্তি বৰ্ষৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া
Published on
Updated on

ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা নাগৰিকত্ব সম্পৰ্কীয় বিতৰ্কৰ অৱসান ঘটিল। অসমীয়া জাতিৰ বিতৰ্ক দীৰ্ঘদিন হ'ব নিদিলে সৰ্বোচ্চ ন্যায়ালয়ে। আজি এই মন্তব্য কৰিছে ৰাজ্যৰ প্ৰসিদ্ধ চিন্তাবিদ, বুদ্ধিজীৱি তথা শিক্ষাবিদ ড০ হীৰেন গোহাঁয়ে।

উচ্চতম ন্যায়ালয়ে আজি অসমৰ নাগৰিকত্বৰ ভিত্তিবৰ্ষ অসম চুক্তি অনুসৰিয়েই ১৯৭১ চনৰ ২৫ মাৰ্চ নিৰ্ধাৰণ কৰি ৰায় প্ৰদান কৰিলে। এই ৰায়ৰ পাছতে বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

তাৰ মাজতে সংবাদ মাধ্যমৰ আগত ড০ গোহাঁয়ে তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, নাগৰিকত্ব সম্পৰ্কীয় বিতৰ্কৰ অৱসান ঘটিল। অসমীয়া জাতিৰ বিতৰ্ক দীৰ্ঘদিন হ'ব নিদিলে সৰ্বোচ্চ ন্যায়ালয়ে। ইয়াৰ দ্বাৰা অসমৰ ৰাইজে এক ডাঙৰ সকাহ লাভ কৰিলে।

তেওঁ পুনৰ কয়, অসমৰ জাতিগত আৰু গোষ্ঠীগত বিভেদৰো সমাধানৰ বাট ওলাল। অসমত বাস কৰি থকা পূৰণি মানুহ নাগৰিক হয় নে নহয়, ইয়াৰ জৰিয়তে গম পোৱা যাব। এই সন্দৰ্ভত যিসকলে মিছা দাবী কৰি আহিছে তেওঁলোকৰ পক্ষে এতিয়াৰে পৰা অসুবিধা হ'ব।

ড০ গোহাঁয়ে এই ৰায় মিঞা, অসমীয়া, বঙালী, মাৰোৱাৰী সকলোৰে বাবে আনন্দৰ কথা বুলিও কয়। তেওঁ কয়, যিমানে দেৰি হ'ল হয় সিমানেই সমস্যাৰ সৃষ্টি হ'ল হয়। যিসকলে ভিত্তিবৰ্ষ ১৯৩১ আৰু ১৯৫১ বিচাৰি আছিল তেওঁলোকৰ বাাবে আজিৰ পৰা একো থল নাথাকিল।

এই ৰায়ৰ জৰিয়তে অশান্তি দূৰ কৰাৰ এক সুযোগ অহাৰ কথাও তেওঁ উনুকিয়াই এন আৰ চিৰ কাম আগবঢ়াই নিয়া উচিত বুলিও কয়। এন আৰ চি উন্নিতকৰণৰ ক্ষেত্ৰত এতিয়া আৰু ভিত্তি বৰ্ষ হোৱা নাই বুলি কেন্দ্ৰীয় চৰকাৰে ক'ব নোৱাৰে। ৰাজ্য চৰকাৰেও কেন্দ্ৰীয় চৰকাৰক সোনকালে এন আৰ চিৰ কাম আগবঢ়াই নিবলৈ বাধ্য কৰিব লাগে বুলিও কয় বিশিষ্ট চিন্তাবিদগৰাকীয়ে।

প্ৰখ্যাত চিন্তাবিদ ড০ হীৰেন গোহাঁইৰ নাগৰিকত্ব ভিত্তি বৰ্ষৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া
নাগৰিকত্বৰ ভিত্তি বৰ্ষ ১৯৭১ ৰ ২৫ মাৰ্চ, ১৯৫১ নহয়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in