ডিজিটেল ডেস্ক : ড০ মেঘনা চৌধুৰীৰ “ৰঙ্গিলা দালানৰ মাটি” শীৰ্ষক দ্বিতীয়খন উপন্যাস উন্মোচন কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন কলা ভৱনৰ প্ৰেক্ষাগৃহত শুক্ৰবাৰে বিয়লি ৪ বজাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোকসংস্কৃতি গৱেষণা বিভাগৰ সহকাৰী অধ্যাপিকা তথা বিশিষ্ট ঔপন্যাসিক ড০ মেঘনা চৌধুৰীৰ শীর্ষক উপন্যাসখন উন্মোচন কৰা হয় ।
সভাৰ মঞ্চ শুৱনি কৰে উন্মোচকদ্বয় ক্রমে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক অখিল ৰঞ্জন দত্ত আৰু প্ৰথিতযশা গল্পকাৰ তথা ঔপন্যাসিক গীতালি বৰা। উপস্থিত থাকে বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শ্ৰেণীসমূহৰ সচিব ড০ জগদীশ শর্মা।
উন্মোচনী ভাষণত অধ্যাপক অখিল ৰঞ্জন দত্তই গ্ৰন্থখনৰ আঁত ধৰি সেই দশকৰ অসমৰ সমাজব্যৱস্থাৰ ভূমিপ্রথা, জমিদাৰী প্রথা সন্দৰ্ভত এক বক্তব্য প্ৰদান কৰি কয় 'এইয়া ইতিহাস লিখন নহয় এইয়া ইতিহাসৰ পুনৰনিৰ্মাণ'। লগতে আনগৰাকী উন্মোচক গীতালি বৰাই উপন্যাসখনৰ আঁত ধৰি 'সাম্প্ৰতিক অসমীয়া সৃষ্টিশীল সাহিত্য' ৰ ওপৰত এটি বক্তব্য আগবঢ়ায় আৰু লগতে উপন্যাসখনৰ সঠিক সাহিত্য মূল্যাংকনৰ কথা উল্লেখ কৰে ।
ইতিহাসৰ পাতত হেৰাই যোৱা ৰাণী অভয়েশ্বৰীৰৰ বুৰঞ্জীমূলক চৰিত্ৰটি উপন্যাসখনৰ মাজেৰে চিত্ৰিত কৰাৰ যি প্ৰয়াস লেখিকাই নিজেই আঁত ধৰা অনুষ্ঠানটিৰ আৰম্ভণিতেই ব্যক্ত কৰে। লগতে তেওঁৰ উপন্যাসখনে বনলতা প্রকাশনে সোণালী জয়ন্তী উপলক্ষে অনুষ্ঠিত কৰা ' মাখন হাজৰিকা সোঁৱৰণি উপন্যাস পাণ্ডুলিপি প্ৰতিযোগিতা'ত বিচাৰকৰ বিশেষ বঁটা লাভ কৰাৰ কথা উল্লেখ কৰে আৰু লগতে বনলতা প্রকাশনক ধন্যবাদ জ্ঞাপন কৰে।
সভাৰ আৰম্ভণিতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোকসংস্কৃতি গৱেষণা বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে বন্তি প্ৰজ্বলন কৰে ৷ সভাত বিভাগটোৰ স্নাতকোত্তৰ ছাত্ৰ- ছাত্ৰী আৰু গৱেষক ছাত্র- ছাত্রীসকলে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। আনহাতে সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, ছাত্ৰ ছাত্ৰীসকলৰ লগতে বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
Also Read: জলপথেৰে বাৰ্মিজ চুপাৰী সৰবৰাহ : ৩ মটৰবোটসহ চুপাৰী জব্দ