ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ বেহাঃ হিৰোইনসহ আটক ৩ সৰবৰাহকাৰী...

ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ বেহাঃ হিৰোইনসহ আটক ৩ সৰবৰাহকাৰী...
Published on
Updated on

ডিজিটেল ডেস্কঃ এক বিশেষ সূত্ৰৰ পম খেদি ২৫ জুনৰ পুৱতি নিশা গুৱাহাটীস্থিত এছটিএফ অসমৰ ডিআইজি শ্ৰী পাৰ্থসাৰথি মহন্ত, আইপিএছ-ৰ নেতৃত্বত আন্তঃৰাজ্যিক ড্ৰাগছ সৰবৰাহকাৰী এটা দলৰ পম খেদি কামৰূপৰ হাজোত চলোৱা আৰক্ষীৰ এটা অভিযানত এ এছ ০১ ডি টি ২৮৭৬ পঞ্জীয়ন নম্বৰৰ টয়োটা ফৰচুনাৰ গাড়ী এখনৰ পিছ লয় । পিছ লোৱা গাড়ীখনে অভিযানকাৰী আৰক্ষীৰ দলটোৰ পৰা পৰিত্ৰাণ পাবলৈ‌ দ্ৰুতগতিত গাড়ীসহ পলায়ন কৰাৰ প্ৰয়াস চলায় । পলায়ন কৰিবলৈ চেষ্টা চলাই যদিও পোৱামক্কালৈ উঠি যোৱা পাহাৰীয়া পথটিত নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখন পথৰ দাঁতিৰ পৰা প্ৰায় ১০০-১৫০ ফুট তললৈ বাগৰি পৰে।

অভিযানকাৰী আৰক্ষীৰ‌ দলটোৱে উক্ত গাড়ীখন উদ্ধাৰ কৰি তালাচী চলাই গাড়ীখনৰ পৰা ১০০ পেকেট চাবোন বাকচত মুঠ ১ কিলো ২৮০ গ্ৰাম ওজনৰ সন্দেহযুক্ত হিৰোইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। লগতে, অনেক বিচাৰ-খোচাৰ কৰাৰ পিছত দুৰ্ঘটনাত পতিত ঠাইডোখৰৰ কাষৰ পাহাৰীয়া জংঘলত আত্মগোপন কৰি থকা মঃ দিলৱাৰ হুছেইন নামৰ ড্ৰাগছ সৰবৰাহকাৰী জনক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

সেইদিনাই পুৱা চলোৱা আন এক অভিযানত গুৱাহাটীৰ জালুকবাৰীৰ প্ৰাগজ্যোতিষ নগৰৰ এটা ভাড়াঘৰৰ পৰা মঃ আব্দুল কালাম আৰু মঃ মোছতাকিন নামৰ দুগৰাকী মণিপুৰী যুৱকক ৬৫ টা পেকেটত ভৰাই ৰাখা মুঠ ৭৬৫ গ্ৰাম সন্দেহযুক্ত হিৰোইনসহ কৰায়ত্ব কৰাৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী সকলে ব্যৱহাৰ কৰা এখন মাৰুতি চুজুকি বাহন জব্দ কৰে। এই সংক্ৰান্তত এনডিপিএছ এক্টৰ ২১(চি)/২৯(১) ধাৰাৰ আধীনত এছটিএফ থানাত ০৪/২০২৩ নম্বৰত এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখা ৰায়।

এছটিএফ থানাৰ উক্ত গোচৰৰ তদন্তৰ সংক্ৰান্তত পৰৱৰ্তী পৰ্যায়ত ১ জুলাইত চলোৱা এটা অভিযানত ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰি ৰাখা ফৰচুনাৰ গাড়ীখনৰ গোপন চেম্বাৰৰ পৰা আন ৪০টা চাবোনৰ পেকেটত লুকুলাই থোৱা মুঠ ৪৮৭ গ্ৰাম সন্দেহযুক্ত হিৰোইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় । লগতে ৫ জুলাইত গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ স্থিত এটা ঘৰত চলোৱা আন এটা অভিযানত ২,০৮৮টা নিষিদ্ধ নিচাযুক্ত Spasmo Proxyvon টেবলেট উদ্ধাৰ কৰি জব্দ কৰিবলৈ সক্ষম হয়।

এই গোচৰৰ তদন্ত বৰ্তমানেও অব্যাহত আছে । গোচৰটোত জড়িত আন্তঃৰাজ্যিক ড্ৰাগছ নেটৱৰ্কৰ সদস্যৰ সন্ধান চলাই থকা হৈছে। এই গোচৰটোৰ সন্দৰ্ভত এতিয়ালৈকে মুঠ তিনিজন ব্যক্তিক আটক কৰাৰ লগতে মুঠ ২ কেজি ৫৩২ গ্ৰাম হিৰোইন আৰু দুখন চাৰিচকীয়া বাহন জব্দ কৰা গৈছে।

ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ বেহাঃ হিৰোইনসহ আটক ৩ সৰবৰাহকাৰী...
"তিনি গগৈ" বুলি কথা নাই, সমগ্ৰ অসমবাসী বিজেপি চৰকাৰৰ ওপৰত বিতুষ্ট হৈ পৰিছে"

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in