মহা দালাল 'দুলাল'ক লৈ গুৱাহাটীত উপস্থিত অসম আৰক্ষীৰ বিশেষ দল...

মহা দালাল 'দুলাল'ক লৈ গুৱাহাটীত উপস্থিত অসম আৰক্ষীৰ বিশেষ দল...
মহা দালাল 'দুলাল'ক লৈ গুৱাহাটীত উপস্থিত অসম আৰক্ষীৰ বিশেষ দল...
Published on
Updated on

ডিজিটেল ডেস্কঃ আৰ টি আইৰ উপৰিও নিউজ প'ৰ্টেল খুলি দালালিৰ এখন বৃহৎ বজাৰ মেলা দুলাল বৰাক লৈ গুৱাহাটীত উপস্থিত অসম আৰক্ষীৰ দল। দুলালৰ দালালিৰ বাবেই আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল বিজেপি নেতা দেৱজিৎ হাজৰিকাই।

ইয়াৰ পাছতেই দুলালৰ চূড়ান্ত পৰ্যায়ৰ দালালিৰ ইতিহাসৰ পৃষ্ঠা এখন এখনকৈ মুকলি হৈছিল। এনে পৰিস্থিতিতে অসম এৰি দিল্লীলৈ পলায়ন কৰা দুলাল বৰাক দিল্লী আৰক্ষীয়ে বুধবাৰে গ্ৰেপ্তাৰ কৰে।

ইয়াৰ পিছতে অসম আৰক্ষীয়ে ট্ৰেনজিত ৰিমাণ্ডত লৈ দুলাল বৰাক লৈ আহিছে। জানিব পৰা মতে দুলাল বৰাক লৈ বিভিন্ন স্থানত অভিযান চলাব। দুলাল বৰাৰ ঘৰৰ উপৰিও দালালিৰ বজাৰ মেলিবলৈ ব্যৱহাৰ কৰা নিউজ প'ৰ্টেলকে ধৰি একাধিক স্থানত চলিব এই অভিযান।

উল্লেখ্য যে, দুলাল বৰাৰ বিৰুদ্ধে ৩০ টাতকৈয়ো অধিক গোচৰ ৰুজু হৈ আছে। তথ্য জনাৰ অধিকাৰ আইনৰ দুৰ্ব্যৱহাৰ কৰি দুলাল বৰাই ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ মেলিছিল দালালিৰ বজাৰ।

এনে দালালিৰ জৰিয়তেই গঢ়িছিল সম্পত্তিৰ পাহাৰ। ৰাজ্যৰ কেইবাটাও স্থানত থকা দুলাল বৰাৰ সম্পত্তিত আৰক্ষীয়ে অভিযান চলাব। ইফালে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষেও দুলাল বৰাক গ্ৰেপ্তাৰ কৰাৰো সম্ভাৱনা আছে।

মহা প্ৰৱঞ্চক মৃদুপৱন নাথৰ সৈতে দুলাল বৰাৰ আছে অতি ঘনিষ্ঠ সম্পৰ্ক। দুলাল বৰাৰ নিউজ প'ৰ্টেলত বিনিয়োগ কৰিছিল মৃদুপৱন নাথে।

মহা দালাল 'দুলাল'ক লৈ গুৱাহাটীত উপস্থিত অসম আৰক্ষীৰ বিশেষ দল...
ৰঙিয়াৰ ইউক্লিড ছিনিয়ৰ ছেকেণ্ডাৰীৰ শৈক্ষিক সভা সম্পন্ন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in