আজি মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত উপস্থিত নহ'ল বিতৰ্কিত দুলাল বৰা...

বৰাৰ নিউজ প'ৰ্টেলৰ প্ৰবন্ধক গকুল বৰ্মনক সোধপোছ
আজি মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত উপস্থিত নহ'ল বিতৰ্কিত দুলাল বৰা...
আজি মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত উপস্থিত নহ'ল বিতৰ্কিত দুলাল বৰা...
Published on
Updated on

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰীৰ তদৰকী কোষৰ তলবৰ পাছতো আজি হাজিৰ নহ'ল বিতৰ্কিত দুলাল বৰা। শেহতীয়াকৈ সোণাৰিৰ চৰাইদেউত এগৰাকী বিজেপি নেতা তথা পঞ্চয়ত প্ৰতিনিধিয়ে আত্মহত্যা কৰা ঘটনাৰে নাম সাঙোৰ খাইছিল দুলাল বৰাৰ। তাৰোপৰি তেওঁৰ নিউজ প'ৰ্টেলত বিতৰ্কিত চিকিৎসকে ধন বিনিয়োগৰ প্ৰমাণ পাইছিল তদাৰকী কোষে।

ইয়াৰ পিছতেই সোমবাৰে দুলাল বৰাক মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছিল। কিন্তু আজি দুলাল বৰা উপস্থিত হোৱাৰ পৰিবৰ্তে বৰাৰ নিউজ প'ৰ্টেলৰ প্ৰৱন্ধক গকুল বৰ্মনহে উপস্থিত হয়। অৱশ্যে গকুল বৰ্মনকো আজি মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে তলব কৰিছিল।

আনহাতে দুলাল বৰাৰ নিউজ প'ৰ্টেলৰ এইছ আৰ মাধুৰিমা বৰাকো তলব কৰিছিল যদিও তেওঁ শাৰীৰিক অসুস্থতাৰ দোহাই দি উপস্থিত নহ'ল। মন কৰিলগীয়া যে, আৰ টি আই আবেদন কৰিব নোৱাৰাকৈ দুলাল বৰাক ব্লেক লিষ্টেড কৰি থোৱাৰ বাবে এই গকুল বৰ্মনৰ নামতেই দুলাল বৰাই আৰ টি আই কৰাৰ অভিযোগ আছে।

আজি গকুল বৰ্মক বহু সময় ধৰি জেৰা কৰে চি এম ভিজিলেঞ্চে। ইয়াৰ পিছত আহি গকুল বৰ্মনে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয়, তেওঁক চি এম ভিজিলেঞ্চে জেৰা কৰা নাই। নিয়ম মাফিক মাতিছিল, সেয়ে তেওঁ তালৈ সহাৰি জনাই আহিছে।

তাৰোপৰি তেওঁ কয়, ২০২২ চনৰ পৰা গণেশগুৰিত নিউজ প'ৰ্টেলটোৰ কাৰ্যালয় অহাৰ পৰা ঋণ লৈহে হেনো দুলাল বৰাই চলাই আহিছে। দ্বিতীয় কোনো ব্যক্তিয়ে তাত ধন বিনিয়োগ কৰা নাই।

উল্লেখ্য যে, দুলাল বৰা নিউজ প'ৰ্টেলত বিতৰ্কিত চিকিৎসক মৃদুপৱন নাথে ধন বিনিয়োগ কৰাৰ তথ্য লাভ কৰিছিল মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ৷ তাৰোপৰি বৃহস্পতিবাৰে বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ আত্মহত্যাৰে দুলাল বৰাৰ নাম জড়িত হৈ পৰে। ইয়াৰ পিছতে শুকুৰবাৰে নিশা দুলাল বৰাক বিচাৰি গুৱাহাটীত অভিযান চলাইছিল ৷

কিন্তু বৰাই আত্মগোপন কৰাৰ বাবে তদাৰকী কোষে তেওঁক ধৰিব নোৱাৰিলে। অভিযোগ অনুসৰি আৰ টি আই আবেদনেৰে কুখ্যাত হৈ পৰা দুলাল বৰাই দেৱজিৎ হাজৰিকাৰ ৰজাপুখুৰী পঞ্চায়তৰ এখন বিশেষ চৰকাৰী আঁচনি সন্দৰ্ভত আৰ টি আই আবেদন কৰিছিল ৷ পঞ্চায়তৰ ৩ নং ৱাৰ্ডত দেৱীটুকুৰা মন্দিৰ নিৰ্মাণত অনিয়ম সংঘটিত হোৱাৰো অভিযোগত কৰিছিল বৰাই ৷

এই আইৰ টি আই সন্দৰ্ভত দুলাল বৰাক বিভাগীয়ভাৱে উত্তৰ দিয়াৰ পিছতো দেৱজিৎ হাজৰিকাক বিভিন্ন ধৰণেৰে হাৰাশাস্তি কৰি আহিছিল দুলাল বৰাই। এই ঘটনাৰে আন কেইবাজনৰো নাম সাঙোৰ খাইছিল। আৰক্ষীয়ে তাৰ তিনিজনক গ্ৰেপ্তাৰ কৰিছে। আমাৰ হাতত পৰা এক খবৰ অনুসৰি দুলাল বৰাই অসম এৰি দিল্লীলৈ যাত্ৰা কৰিছে। অধ্যয়নৰ বাবে দিল্লীত থাকে বৰাৰ জীয়ৰী। গ্ৰেপ্তাৰৰ পৰা ৰক্ষা পাবলৈকে বৰাই এইদৰে অসম এৰি দিল্লীত আশ্ৰয় লোৱা বুলি এক সূত্ৰত প্ৰকাশ।

আজি মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত উপস্থিত নহ'ল বিতৰ্কিত দুলাল বৰা...
উফ্ এতিয়াহে শান্তি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in