মহানগৰীত নকল নোটসহ আটক ব্যৱসায়ী

মহানগৰীত নকল নোটসহ আটক ব্যৱসায়ী
Published on
Updated on

ডিজিটেল ডেস্কঃ মহানগৰীত স্পেচিয়েল টাক্স ফৰ্চৰ অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ নকল নোট। মঙলবাৰে নিশা লালমাটিস্থিত এখন হোটেলত অভিযান চলাই স্পেচিয়েল টাক্স ফৰ্চে ৫০০ টকীয়া নকল নোট জব্দ কৰে।

জানিব পৰা মতে, নকল নোটৰ লগতে এই অভিযানত টকা বনোৱা মেচিন, কাগজ আৰু নকল টকা উৎপাদনত ব্যৱহৃত বহু সামগ্রী জব্দ কৰা হৈছে। লগতে নকল নোট ব্যৱসায়েৰে জড়িত এজন লোককো আটক কৰা হৈছে। আটকাধীন লোকজনৰ নাম নজৰুল মজুমদাৰ বুলিও জানিব পৰা গৈছে।

আৰক্ষী সূত্ৰে জানিব পৰা মতে, বিগত কেইবাদিনো ধৰি শিলচৰৰ পৰা আহি নজৰুল মজুমদাৰে লালমাটিস্থিত হোটেলখনত থাকি নকল নোটৰ ব্যৱসায় চলাই আছিল। গোপন সূত্ৰৰ দ্বাৰা গম পোৱাৰ পিছতেই অভিযান চলাই আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

মহানগৰীত নকল নোটসহ আটক ব্যৱসায়ী
নগাঁৱত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in