সাউকুছিৰ দুৰ্গা পূজাৰ মুখপত্ৰ "শাৰদী" উন্মোচন

সাউকুছিৰ দুৰ্গা পূজাৰ মুখপত্ৰ "শাৰদী" উন্মোচন
Published on
Updated on

ডিজিটেল সংবাদ, গুৱাহাটী : ৪১ সংখ্যক বৰ্ষত পদাৰ্পণ কৰা প্ৰগতিশীল সংঘৰ উদ্যোগত অনুষ্ঠিত সাউকুছিস্থিত "দক্ষিণ গুৱাহাটী সাৰ্বজনীন দুৰ্গোৎসৱ সমিতি"পূজা স্থলি উথপথপ হৈ পৰিছে। বৃহস্পতিবাৰে নিশা ৮ বজাত দুৰ্গোৎসৱ সমিতিৰ মঞ্চত কুশলজিৎ কুমাৰ সভাপতি আৰু গীতাশ্ৰী বড়ো সম্পাদক হিচাপে লৈ প্ৰকাশিত আটকধুনীয়া স্মৃতিগ্ৰন্থ "শাৰদী" উন্মোচন কৰা হয়।

স্মৃতিগ্ৰন্থখনি উন্মোচন কৰি শীৰ্ষ আৰক্ষী বিষয়া, বিশিষ্ট কবি-‌ঔপন্যাসিক ড০ নন্দ সিং বৰকলাই কয়- "এখন স্মৃতিগ্ৰন্থই এটি ইতিহাস ধৰি ৰাখে। স্মৃতিগ্ৰন্থ এখনে বহু গৱেষকৰ বাবে গৱেষণাৰ সমল হয়। নাৰীক সুৰক্ষিত আৰু সন্মান কৰিলেহে দুৰ্গা পূজা পালনৰ সাৰ্থকতা আহিব।"

সভাত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সদস্য তথা সাংবাদিক দীপক শৰ্মাই বিশিষ্ট অতিথি হিচাপে অংশ লৈ কয়-‌ "গুৱাহাটীত সহস্ৰাধিক দুৰ্গা পূজাৰ মাজত সাউকুছি পূজাৰ পৰিস্কাৰ পৰিচ্ছন্নতা অন্যন্য। পূজা সমিতিৰ দৃষ্টিভংগী ইতিবাচক হোৱাটো ভাল। সাউকুছিয়ে ইয়াৰ নিদৰ্শন।"

অনুষ্ঠানত দুৰ্গোৎসৱ সমিতিৰ সভাপতি ৰাজেন চন্দ্ৰ মেধি, কাৰ্যকৰী সভাপতিদ্বয় ৰাজেন চন্দ্ৰ বড়ো, বিজু মেধি, সাধাৰণ সম্পাদক মৃদুপৱন বৰা প্ৰমুখ্যে ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আজি পূজাস্থলিত নিশা ৮-৩০ বজাৰ পৰা সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।

সাউকুছিৰ দুৰ্গা পূজাৰ মুখপত্ৰ "শাৰদী" উন্মোচন
বৰমালৈ গৌৰৱ কঢ়িয়াই আনিলে টাইকোৱাণ্ড খেলুৱৈ বোহৈথি স্বৰ্গীয়াৰীয়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in