পূজা কমিটীয়ে ব্যৱহাৰ কৰিব লাগিব অসমীয়া ভাষাঃ প্ৰশাসনৰ এছ অ' পি জাৰি

কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিলে দীঘলীয়া এছ অ' পি
পূজা কমিটীয়ে ব্যৱহাৰ কৰিব লাগিব অসমীয়া ভাষাঃ প্ৰশাসনৰ এছ অ' পি জাৰি
পূজা কমিটীয়ে ব্যৱহাৰ কৰিব লাগিব অসমীয়া ভাষাঃ প্ৰশাসনৰ এছ অ' পি জাৰি
Published on
Updated on

ডিজিটেল ডেস্কঃ সমাগত দুৰ্গা পূজা। শাৰদীয় এই দুৰ্গোৎসৱ আয়োজনত ব্যস্ত হৈ পৰিছে গুৱাহাটীৰো পূজা আয়োজকসকল। ঠায়ে ঠায়ে ইতিমধ্যে আৰম্ভ হৈছে পূজাৰ মণ্ডপ নিৰ্মাণৰ কাম।

তাৰ মাজতে আজি কামৰূপ মহানগৰ জিলা প্ৰশাসনে দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি পূজা কমিটীসমূহলৈ জাৰি কৰিছে কেতবোৰ নীতি নিৰ্দেশনা। সেই অনুসৰি পূজা কমিটীসমূহে লাউড স্পীকাৰ বা অনুভাষ যন্ত্ৰ ব্যৱহাৰ আৰু শব্দ প্ৰদূষণ সম্পৰ্কীয় নীতি নিয়ম সাৱধানতাৰে মানি চলিব লাগিব। এই সন্দৰ্ভত সকলো নিয়ম পূজা কমিটীয়ে তেওঁলোকৰ সকলো কৰ্মকৰ্তাকে বুজাই দিব লাগিব।

অস্থায়ী ভাৱে নিৰ্মাণ কৰা পূজা মণ্ডপ, বৈদ্যুতিক সা-সৰঞ্জাম আদিৰ পৰা সকলো দৰ্শনাৰ্থীৰ সুৰক্ষা নিশ্চিত কৰিব লাগিব। সুৰক্ষা আৰু নিৰাপত্তা সম্পৰ্কীয় সকলো নিৰ্দেশনা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত প্ৰশাসনৰ সৈতে সকলোৱে সহযোগিতা কৰিব লাগিব।

সকলোৱে শান্তিৰে দুৰ্গা পূজা অনুষ্ঠিত কৰিব লাগিব। উৎসৱস্থলীক সকলোধৰণৰ বিপদজনক সামগ্ৰীৰ পৰা মুক্ত কৰি ৰাখিব লাগিব। পৰিস্কাৰৰ দিশটোৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব।

জৰুৰীকালীন সময়ত ব্যৱহাৰ কৰিব পৰাকৈ এক সুকীয়া স্থানৰ ব্যৱস্থা কৰিব লাগিব। যিকোনোধৰণৰ জৰুৰীকালীন অৱস্থাৰ মোকাবিলা কৰিব পৰাকৈ এটা চিকিৎসকৰ গোট সাজু কৰি ৰাখিবলৈয়ো এই নিৰ্দেশনাত কোৱা হৈছে।

তাৰোপৰি পূজা কমিটীসমূহে পৰ্যাপ্ত স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগিব, তেওঁলোকক তেওঁলোকৰ দায়িত্ব বুজাই পৰিচয়পত্ৰ দিয়াৰো ব্যৱস্থা কৰিব লাগিব। কোনো গুৰুত্বপূৰ্ণ ব্যক্তিৰ আগমণ হ'লে পূজা কমিটীয়ে পূৰ্বেই আৰক্ষীক জনাব লাগিব।

পূজা স্থলীসমূহত মাদ্ৰক দ্ৰব্যৰ ব্যৱহাৰ, উপলদ্ধতা সম্পূৰ্ণৰূপে নিষিদ্ধ। অনুষ্ঠানৰ শেষত পূজাস্থলী পৰিস্কাৰ কৰিব লাগিব। কোনো কমিটীয়ে বলপূৰ্বকভাৱে চান্দা বৰঙণি আদি সংগ্ৰহ কৰিব নোৱাৰিব। পূজা কমিটীৰ সকলো বিষয়ববীয়া আৰু স্বেচ্ছাসেৱকৰ নাম আৰক্ষী থানাত দাখিল কৰিব লাগিব।

ইয়াৰোপৰি জিলা প্ৰশাসন এই নীতি নির্দেশনা অনুসৰি কাম কৰিবলৈ সকলো কৰ্মকৰ্তা, ভক্তক আহ্বান জনাবলৈ কোৱা হৈছে। তোৰোপৰি পূজা কমিটীসমূহে পূজাস্থলীলৈ নিৰাপত্তাৰ প্ৰতি ভাবুকি থকা ব্যক্তিৰ আগমন হ'লে আগতীয়াকৈ আৰক্ষীক জনাবলৈ আহ্বান জনোৱা হৈছে।

পুৰুষ-মহিলাৰ বাবে পৃথকে পৃথকে প্ৰৱেশ আৰু প্ৰস্থানৰ ব্যৱস্থা কৰিব লাগিব। পূজা মণ্ডপৰ আশে-পাশে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা ৰাখিব। বিজুলী সংযোগ ব্যাহত হলে এই ক্ষেত্রত পর্যাপ্ত বিজুলি সৰবৰাহ সুনিশ্চিত কৰাৰ কাৰণে Generator Set ৰ ব্যৱস্থা কৰিব লাগিব।

স্থানীয় আৰক্ষীৰ লগত আলোচনা কৰি গুৰুত্বপূর্ণ স্থানসমূহত পর্যাপ্ত CC TV Camera ৰ ব্যৱস্থা কৰিবলৈ কোৱা হৈছে। প্রতিমা বিসর্জনৰ সময়ত জিলা প্ৰশাসন আৰু আৰক্ষী প্রশাসনে বান্ধি দিয়া নিয়মসমূহ সম্পূর্ণভাৱে মানি চলিব লাগিব।ভক্তপ্ৰাণ ৰাইজৰ সুবিধার্থে প্রতিখন পূজা সমিতিয়ে একোটা ২৪x৭ সহায়ক কক্ষ স্থাপন কৰিব লাগিব।

প্রতিমা বিসর্জনৰ শোভাযাত্ৰাৰ সময়ত কোনো ধৰণৰ ফটকা আদি ফুটোৱা কার্যৰ পৰা বিৰতি থাকিব লাগিব। বিসর্জনৰ দিনাখন সকলো পূজা সমিতিকে তেওঁলোকৰ শোভাযাত্রা দিনৰ ১১ বজাৰ পৰা আৰম্ভ কৰাৰ বাবে আহ্বান জনোৱা হৈছে। পূজা সমিতি সমূহক পূজা সম্পর্কীয় সকলো বেনাৰ হার্ডিং, পোষ্টাৰ তোৰণ আদিত অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে প্ৰশাসনে।

এইসমূহ নীতি নিয়ম পূজা সমিতি সমূহে মানি চলাৰ উপৰিও আন কেতবোৰ কাম নকৰিবলৈয়ো আহ্বান জনাইছে। সেইসমূহ ক্ৰমে

  • ৰাজহুৱা পথৰ ওপৰত পূজা পেণ্ডেল সাজিব নোৱাৰিব।

  • পোষ্টাৰ বেনাৰ লগাই কোনো ৰাজহুৱা দেৱাল-সম্পত্তি, প্রাকৃতিক সম্পদ নষ্ট কৰিব নোৱাৰিব।

  • ৰাজহুৱা স্থানত কোনো কার্য্যালয়/ বিপণি আদি স্থাপন কৰিব নোৱাৰিব।

  • কোনো ৰাজহুৱা স্থানত পতাকা/ কাপোৰ/ পোষ্টাৰ লগাব নোৱাৰিব।

  • পেণ্ডেলৰ ১০০ মিটাৰ ভিতৰত যান-বাহন থোৱাৰ অনুমতি দিব নোৱাৰিব।

  • কোনো ৰাজহুৱা স্থানত প্লাষ্টিকৰ বেগ, পতাকা, বেনাৰ কাপোৰ বা পোষ্টাৰ ব্যৱহাৰ কৰিব নোৱাৰিব।

  • নিশা ১০ বজাৰ পিছত অনুভাষ যন্ত্র (Loud Speaker) ৰ ব্যৱহাৰ কৰিব নোৱাৰিব।

  • পূজা মণ্ডপ, তোৰণ আদি বিদ্যুৎ পৰিবাহী তাঁৰৰ তলত হ'ব নালাগিব।

  • জন সাধাৰণে সুৰক্ষিত আৰু নিৰাপদে উৎসৱ উদ্‌যাপন কৰাটো নিশ্চিত কৰিব লাগিব।

সকলোৰে সুবিধা হোৱাকৈ এই এছ অ' পিত কেতবোৰ গুৰুত্বপূৰ্ণ ফোন নম্বৰো জিলা প্ৰশাসনে ঘোষণা কৰিছে। সেই অনুসৰি জিলা প্ৰশাসনৰ নিয়ন্ত্রণ কক্ষৰ ফোন নম্বৰ ০৩৬১-২৭৩৩০৫২, মাচুল বিহীন ফোন নম্বৰঃ ১০৭৭। আৰক্ষী নিয়ন্ত্রক কক্ষৰ ফোন নম্বৰ ০৩৬১-২৪৬৪৫৫৭, ২৪৬১৫৫৬ আৰু ১০০।

অগ্নি আৰু জৰুৰীকালীনসেৱাৰ নিয়ন্ত্রণ কক্ষৰ ফোন নম্বৰ ০৩৬১-২৭৩৬৮০, ২৭৩৫৯৩৩, ২৭৩৫৯৩৫, ৯৪৩৫৯-৬০৬১৮। গুৱাহাটী পৌৰ নিগম নিয়ন্ত্রণ কক্ষৰ ফোন নম্বৰ ৮৮১১০০৭০০০, ৭৩৯৯০০৩০০১, ৭৩৯৯০০৩০০২। অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেডৰ ফোন নম্বৰ ৭০৮৬০৭৭৩৭৪, ৯৯৫৪১৯২১০৪, ৯৯৫৪১৯২১০৫ আৰু এন ডি আৰ এফ নিয়ন্ত্রণ কক্ষৰ ফোন নম্বৰ ৯৪৩৫১১৭২৪৬।

পূজা কমিটীয়ে ব্যৱহাৰ কৰিব লাগিব অসমীয়া ভাষাঃ প্ৰশাসনৰ এছ অ' পি জাৰি
হোষ্টেলৰ ২১ গৰাকী শিক্ষাৰ্থীক যৌন নিৰ্যাতন চলোৱা য়মকেন বাগ্ৰাক মৃত্যুদণ্ড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in