গুৱাহাটীত নিৰ্বাচন আয়োগৰ দলঃ কলাক্ষেত্ৰত সমষ্টি পুনৰ নিৰ্ধাৰণৰ শুনানি...

গুৱাহাটীত নিৰ্বাচন আয়োগৰ দলঃ কলাক্ষেত্ৰত সমষ্টি পুনৰ নিৰ্ধাৰণৰ শুনানি...

author-image
Asomiya Pratidin
New Update
গুৱাহাটীত নিৰ্বাচন আয়োগৰ দলঃ কলাক্ষেত্ৰত সমষ্টি পুনৰ নিৰ্ধাৰণৰ শুনানি...

গুৱাহাটীত নিৰ্বাচন আয়োগৰ দলঃ কলাক্ষেত্ৰত সমষ্টি পুনৰ নিৰ্ধাৰণৰ শুনানি...

ডিজিটেল ডেস্কঃ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত ৰাজ্যত প্ৰতিবাদ, প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে ৩ দিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিছে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত নিৰ্বাচন আয়োগৰ দল।

দুপৰীয়া প্ৰায় ১ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উপস্থিত হোৱা নিৰ্বাচন আয়োদৰ দলটোৱে ২ বজাৰ পৰা আৰম্ভ কৰিছে শুনানি। বৰঝাৰ বিমানবন্দৰৰ পৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ নিৰ্বাচন আয়োগৰ দলটোক লৈ অহাৰ লগতে কলাক্ষেত্ৰটো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।

আজি দিনৰ ২ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আয়োগৰ দলটোৱে কামৰূপ মহানগৰ, পশ্চিম কাৰ্বি আংলং, চিৰাং, বাক্সা আৰু ডিমা হাচাওৰ প্ৰতিনিধিৰে আলোচনাত বহিছে।একেটা প্ৰেক্ষাগৃহৰ ৩ নং হলত কামৰূপৰ প্ৰতিনিধি আৰু শ্ৰীশ্ৰী মাধৱদেৱ প্রেক্ষাগৃহত ওদালগুৰি, কাৰ্বি আংলং আৰু কোকৰাঝাৰ জিলাৰ প্রতিনিধিৰে বৈঠকত বহিছে আয়োগৰ দলটো।

উল্লেখ্য যে,২০ জুলাই ২০২৩ ৰ পুৱা ৯-৩০ বজাৰ পৰা দিনৰ ২ বজালৈ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত গোৱালপাৰা, বঙাইগাওঁ, বৰপেটা, নলবাৰী, শোণিতপুৰ আৰু কৰিমগঞ্জৰ প্ৰতিনিধিৰে, ৩ নং হলত দৰং, হাইলাকান্দি, কাছাৰ আৰু দক্ষিণ শালমাৰাৰ প্ৰতিনিধিৰে বৈঠকত বহিব।

শ্ৰীশ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত নগাওঁ, মৰিগাওঁ আৰু ধুবুৰীৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। বিয়লি ৩-৩০ বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিৰ সৈতে আলোচনাত বহিব।

আনহাতে ২১ জুলাই ২০২৩ত পুৱা ৯-৩০ বজাৰ পৰা দিনৰ ১২-৩০ বজালৈ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত তিনিচুকীয়া, ধেমাজি আৰু লখিমপুৰ জিলাৰ প্ৰতিনিধি আৰু শ্ৰীশ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত ডিব্ৰুগড়, চৰাইদেও, গোলাঘাট আৰু মাজুলীৰ প্ৰতনিধিৰে আয়োগ আলোচনাত বহিব।

Also Read: সমষ্টি পুনৰ নিৰ্ধাৰণঃ নিৰ্বাচন আয়োগৰ শুনানিৰ সময়সূচীত কিছু সালসলনি...

নিৰ্বাচন আয়োগ সমষ্টি পুনৰ নিৰ্ধাৰণ