বিশিষ্ট গৱেষক পণ্ডিত ড০ দীপ্তি ফুকন পাটগিৰিৰ অভিনন্দন গ্ৰন্থ উন্মোচন...

গুৱাহাটী বিশ্ববিদ্যালয়ত ভাষা-সাহিত্যৰ গৱেষকগৰাকীৰ এই অনুষ্ঠান সম্পন্ন
বিশিষ্ট গৱেষক পণ্ডিত ডঃ দীপ্তি ফুকন পাটগিৰিৰ অভিনন্দন গ্ৰন্থ উন্মোচন...
বিশিষ্ট গৱেষক পণ্ডিত ডঃ দীপ্তি ফুকন পাটগিৰিৰ অভিনন্দন গ্ৰন্থ উন্মোচন...
Published on
Updated on

ডিজিটেল সংবাদ গুৱাহাটীঃ ভাষা-সাহিত্যৰ বিশিষ্ট পণ্ডিত তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন কলাগুৰু আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক ড০ দীপ্তি ফুকন পাটগিৰিৰ এখন অভিনন্দন গ্ৰন্থ দেওবাৰে উন্মোচন কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ আলোচনা কক্ষত "প্ৰজ্ঞাশীলা দীপ্তিঃ দীপ্তি ফুকন পাটগিৰিৰ জীৱন -এষণা আৰু গৱেষণা কৰ্মৰ ৰেঙণি" শীৰ্ষক এই অভিনন্দন গ্ৰন্থখনি আনুষ্ঠানিক ভাৱে উন্মোচন কৰে ভাষা-সাহিত্য আৰু সংস্কৃতিৰ বিশিষ্ট গৱেষক পণ্ডিত ড০ উপেন ৰাভা হাকাচামে।

অভিনন্দন গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত ড০ হাকাচামে দীপ্তি ফুকন পাটগিৰিয়ে অসমীয়া ভাষা, সাহিত্য আৰু গৱেষণাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ কথা দোহাৰি ড০ দীপ্তি পাটগিৰি ফুকন উপেক্ষিত হৈ থকা বুলিও আক্ষেপ কৰে। এই গ্ৰন্থ উন্মোচনী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ জ্যেষ্ঠ অধ্যাপক ড০ ননীগোপাল মহন্ত।

ড০ মহন্তয়ো ভাষণ প্ৰসংগত দীপ্তি ফুকন পাটগিৰিৰ প্ৰতিভা আৰু সৃষ্টিৰাজিৰ ওপৰত বিশেষভাবে আলোকপাত কৰে। এই সভাত আন এগৰাকী অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে কুমাৰ ভাস্কৰ বৰ্মা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ দীপক শৰ্মাই।ড০ নগেন্দ্ৰ নাথ মেধিৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত দীপ্তি ফুকন পাটগিৰি, তেওঁৰ স্বামী দিলীপ পাটগিৰিকে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰে।

প্ৰাজ্ঞপন্থ নামৰ অনুষ্ঠানটোৰ উদ্যোগত অধ্যাপক ড০ জ্যোতিৰেখা হাজৰিকাৰ মুখ্য সম্পাদনাত প্ৰকাশ কৰা এই গ্ৰন্থখনৰ উন্মোচনী সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী তথা বিশিষ্ট কবি -সমালোচক ড০ এম কামালুদ্দিন আহমেদ, অধ্যাপক ড০ কনক চহৰীয়া, ড০ বিমল মজুমদাৰ, বিশিষ্ট গল্পকাৰ তথ ঔপন্যাসিক জয়ন্ত মাধৱ বৰাকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

বিশিষ্ট গৱেষক পণ্ডিত ডঃ দীপ্তি ফুকন পাটগিৰিৰ অভিনন্দন গ্ৰন্থ উন্মোচন...
মহুৰামুখত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত ছিগা মথাউৰি পৰিদৰ্শন পীযুষ হাজৰীকাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in