ডিজিটেল ডেস্কঃ ৰাজ্যত জালনোটৰ ৰমৰমীয়া ব্যৱসায়। একাংশ অসাধু চক্ৰই চলাই আহিছে এই জালনোটৰ ৰমৰমীয়া ব্যৱসায়। তাৰ মাজতে যোৰাবাটত অসম আৰক্ষীয়ে এজন জালনোট সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
গ্ৰেপ্তাৰ হোৱা লোকজনৰ পৰা জব্দ কৰিছে ২৪.৫ লাখ টকা। জব্দ হোৱা এই ধনখিনিৰ আটাইবোৰ ৫০০ টকীয়া নোট। এই জালনোটখিনি কঢ়িয়াই আনিছিল জিয়াবুৰ ৰহমান নামৰ এজন যুৱকে।
আৰক্ষীয়ে প্ৰকাশ কৰা মতে এই ধনিখিনি লখিমপুৰ জিলাৰ পৰা আনিছিল। উল্লেখ্য যে, জোনমণি ৰাভাৰ মৃত্যুৰ পাছতে অসমত নকল সোণ আৰু জালনোটৰ এখন বৃহৎ বজাৰ লখিমপুৰৰ পৰা নিয়ন্ত্ৰিত হোৱাৰ তথ্য ৰাজহুৱা হৈছিল।
লখিমপুৰৰ আৰক্ষী অধীক্ষক হিচাপে আনন্দ মিশ্ৰই দায়িত্ব লোৱাৰ পাছতে বহু নকল সোণ ব্যৱসায়ীয়ে আত্মসম্পৰ্ণ কৰিছিল যদিও এতিয়াও জিলাখন এই অপৰাধ চক্ৰৰ পৰা মুক্ত হোৱা নাই। বশিষ্ঠ আৰক্ষী থানাৰ অন্তৰ্গত যোৰাবাট আউটপোষ্টৰ এটা দলে জিয়াবুৰক গ্ৰেপ্তাৰ কৰাৰ পাছতে এই তথ্য পোহৰলৈ আহিছে।