ডিজিটেল ডেস্কঃ মহানগৰীবাসীৰ ভাল খবৰ। পুনৰ মহানগৰীত মুকলি হোৱাৰ দিশে এখন অত্যাধুনিক ফুটব্ৰীজ।
কেৱল গুৱাহাটী মহানগৰবাসীৰ বাবেই নহয়, গুৱাহাটী তথা উত্তৰ পূৰ্বাঞ্চলৰ ব্যৱসায়ৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ফাঁচী বজাৰলৈ দৈনিক আগমণ ঘটা হাজাৰ হাজাৰ লোকৰ বাবেই সুবিধাজনক হ'ব নতুনকৈ নিৰ্মাণ কৰা এই ফুটব্ৰীজখন।
ফাঁচীবজাৰত নতুনকৈ নিৰ্মাণ কৰা অত্যাধুনিক ফুটব্ৰীজখন ১ ফেব্ৰুৱাৰী, বুধবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰি ৰাইজৰ বাবে মুকলি কৰিব।
উল্লেখ্য যে, ৭২.৯৩ মিটাৰ দৈৰ্ঘ্যৰ এই ফুটব্ৰীজখন নিৰ্মাণত ব্যয় কৰা হৈছে প্ৰায় ১০ কোটি। ফুটব্ৰীজখনত আছে বিভিন্ন অত্যাধুনিক সা-সুবিধা। বৈদ্যুতিক চিৰি সম্বলিত এই ফুটব্ৰীজখনৰ দুয়োকাষে আছে লিফ্টৰো ব্যৱস্থা।
জানিব পৰা মতে প্ৰায় ১ টা মাহ পূৰ্বেই এই ফুটব্ৰীজখনৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল যদিও মুখ্যমন্ত্ৰীৰ জন্মদিনৰ দিনটোতে ফুটব্ৰীজখন মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল নিৰ্মাতাই।
Also Read: আজীৱন জেলতেই পাৰ কৰিব লাগিব স্বয়ম্ভু গডমেন আশাৰাম বাপুৱে...