কামৰূপ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত বিদায় সভা...

৩ গৰাকী বিষয়া, কৰ্মচাৰীক আনুষ্ঠানিক বিদায়, সম্বৰ্ধনা

author-image
Asomiya Pratidin
New Update
কামৰূপ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত বিদায় সভা...

কামৰূপ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত বিদায় সভা...

ডিজিটেল সংবাদ লগুৱাহাটীঃ কামৰূপ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত আজি তিনিগৰাকী বিষয়া, কৰ্মচাৰীক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়। জিলা কৃষি বিষয়া ধীৰেন্দ্ৰ নাথ কাৰ্জীৰ বিদায় উপলক্ষে আজি দুপৰীয়া উলুবাৰীস্থিত কামৰূপ জিলা কৃষি বিষয়া কাৰ্যালয়ৰ চৌহদত বিদায় সম্বৰ্ধনা সভাখন অনুষ্ঠিত কৰা হয়।

উক্ত অনুষ্ঠানত সভাপতিত্ব কৰে সহযোগী কৃষি সঞ্চালক হিতেশ বেজবৰুৱাই। মহকুমা কৃষি বিষয়া ক্ৰমে মৌছুমী হাজৰিকা ভূঞা, শংকৰ দত্ত আৰু গিৰিন্দ্ৰ শৰ্মাৰ সামগ্ৰিক পৰিচালনাত অনুষ্ঠিত সভাখনত কিছুদিন অগা পিছাকৈ অৱসৰ লোৱা আন দুগৰাকী কৰ্মচাৰী ক্ৰমে মামণি কাৰ্জী আৰু কৃষি পৰিদৰ্শক বসন্ত দাসকো আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়।

কাঁহিকুঁচি কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰধান তথা জ্যেষ্ঠ বিজ্ঞানী ড° ধীৰেন্দ্ৰ নাথ কলিতাই আমন্ত্ৰিত অতিথি ৰূপে অংশগ্ৰহণ কৰা সভাত মহকুমা কৃষি বিষয়া জ্যোতি প্ৰসাদ দাস, মহকুমা কৃষি বিষয়া মানস মহন্ত, কৃষি পৰিদৰ্শক গোপীনাথ ৰাজবংশী, প্ৰাক্তন জিলা কৃষি বিষয়া বিমলা প্ৰসাদ দেউৰীকে ধৰি কেবাগৰাকীও বিষয়া কৰ্মচাৰীয়ে নিজৰ ‌অনুভৱ ব্যক্ত কৰে।

কৰ্মজীৱনৰ এই বেদনাগধুৰ বিদায়ৰ সময়ত নিজৰ কৰ্মজীৱনৰ বিষয়ে ক’বলৈ গৈ আবেগিক হৈ পৰে বিদায়ী জিলা কৃষি বিষয়াগৰাকী। বিদায়ী প্ৰাৰ্থীসকলক গামোচা, শৰাই, মানপত্ৰ আদিৰে সম্বৰ্ধনা জনোৱা হয়।

সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় জ্যেষ্ঠ কৃষি উন্নয়ণ বিষয়া প্ৰফুল্ল চহৰীয়াই। বিদায় সভাখনত কৃষি উন্নয়ণ বিষয়া, বহু জ্যেষ্ঠ বিভাগীয় বিষয়াকে ধৰি কামৰূপ জিলা কৃষি বিষয়া কাৰ্যালয়ৰ সকলো বিষয়া কৰ্মচাৰী উপস্থিত থাকে।

Also Read: 'হাতত বন্দুক লোৱা ল'ৰাই BPF গঠন কৰি বিটিচিলৈ শান্তি আনিছিল'- শুদ্ধ বসুমতাৰী...

কৃষি বিষয়া বিদায় সম্বৰ্ধনা