বিজেপি সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে ভঙাগড় আৰক্ষী থানাত এজাহাৰ দাখিল...

মানসিক ভাৰসাম্য সন্তুলন হেৰুৱাই পেলাইছে ভৱেশ কলিতাই- ৰাতুল কলিতা
বিজেপি সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে ভঙাগড় আৰক্ষী থানাত এজাহাৰ দাখিল...
বিজেপি সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে ভঙাগড় আৰক্ষী থানাত এজাহাৰ দাখিল...
Published on
Updated on

ডিজিটেল সংবাদ গুৱাহাটীঃ আজি প্ৰদেশ কংগ্ৰেছৰ ছচিয়েল মিডিয়া আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাৰ নেতৃত্বত এক প্ৰতিনিধিৰ দলে ভঙাগড় থানাত ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে এক এজাহৰ দাখিল কৰে। ১৯ ছেপ্টেম্বৰত ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতাই ৰঙিয়াৰ দিপ্তেশ্বৰি ৰাজহুৱা হৰিমন্দিৰ প্ৰাংগনত অনুষ্ঠিত ৰাজহুৱা সভাত নিজৰ ভাষণত অৰুণোদয় আঁচনিৰ হিতাধিকাৰিসকলক উদ্দেশ্যি কেৱল বিজেপি সদস্যইহে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব বুলি মন্তব্য কৰিছিল।

মিছকল যোগে বিজেপিয়ে যি সদস্য ভৰ্তি প্ৰক্ৰিয়া অব্যাহত ৰাখিছে সেই সদস্য ভৰ্তি অভিযানত অংশগ্ৰহণ কৰিবলৈ এক প্ৰকাৰে ভাবুৰি দিয়াৰ অভিযোগ ভৱেশ কলিতাৰ বিৰুদ্ধে। কংগ্ৰেছৰ অভিযোগ অৰুণোদয় আঁচনিৰ ধন পাবলৈ মিছকল দি বিজেপিৰ সদস্য ভৰ্তিৰ প্ৰমাণ পত্ৰ দাখিল কৰাটো বাধ্যতামূলক বুলি ভয় ভীতি খুৱাৱ বিচাৰিছে কলিতাই। বিজেপি সভাপতি গৰাকীৰ এনে দায়িত্বজ্ঞান হীন মন্তব্যই ৰাইজৰ সংবিধান প্ৰদত্ত অধিকাৰ খৰ্ব কৰিছে।

ইয়াৰ প্ৰতিবাদ স্বৰূপে আৰু ৰাজহুৱা স্থানত এনে সংবিধান বিৰোধী মন্তব্য দিয়াৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ এটি প্ৰতিনিধিৰ দলে ভঙাগড় আৰক্ষী থানাত ভৱেশ কলিতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। তেওঁলোকে ভৱেশ কলিতাক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰ দাবী কৰে।

এজাহাৰ দাখিল কৰি প্ৰদেশ কংগ্ৰেছৰ ছচিয়েল মিডিয়া আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই সাংবাদিকৰ আগত কয় যে, বিজেপি সভাপতি ভৱেশ কলিতাই মানসিক সন্তুলন হেৰুৱায় ৰাইজক ভয় ভাবুকি দি নিজৰ চকি বচাবলৈ বিচাৰিছে। ভৱেশ কলিতাৰ পৈতৃক সম্পত্তি বিক্ৰি কৰা ধনেৰে অৰুণোদয় আচঁনিৰ ধন দিয়া হোৱা নাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ পত্নীয়ে বেআইনী ভাৱে আহৰণ কৰা সম্পত্তি বিক্ৰি কৰি পোৱা ধনেৰে ৰাজহুৱা আঁচনি প্ৰবৰ্তন কৰা নাই। প্ৰতিটো চৰকাৰী আঁচনিৰ ধন ৰাইজৰ আৰু ৰাইজৰ ধনকেই ৰাজহুৱা আচঁনি জৰিয়তে হিতাধিকাৰি সকলক দিয়া হৈছে। ভৱিষ্যতে ভৱেশ কলিতাই যাতে এনেকুৱা নিম্ন ৰুচি সম্পন্ন আৰু সাধাৰণ ৰাইজক ভয় ভীতি দেখুওৱা মন্তব্য নকৰে, তাৰ বাবে সাৱধান থাকিবলৈয়ো তেওঁ আহ্বান জনায়।

গোচৰ দাখিল কৰাৰ সময়ত ৰাতুল কলিতাৰ লগতে প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি ৰূপা দেউৰী, সাধাৰণ সম্পাদক অৰুণ তিৱাৰী, সম্পাদক কৃদীপ বৰ্মন, গীতালি দাস, মানস প্ৰতীম তালুকদাৰ, এ টি হাবিব আহমেদকে ধৰি কেইবাজনো প্ৰতিনিধি উপস্থিত থাকে।

বিজেপি সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে ভঙাগড় আৰক্ষী থানাত এজাহাৰ দাখিল...
অস্তিত্বৰ সুৰক্ষা বিচাৰি পশ্চিম মাছখোৱাৰ ৯ সংগঠনৰ দাবীপত্ৰ প্ৰদান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in