গুৱাহাটীত দৃষ্টিহীন ল'ৰাৰ মাজত প্ৰথম ক্লাব পৰ্যায়ৰ ক্ৰিকেট প্ৰতিযোগিতা সম্পন্ন

গুৱাহাটীত দৃষ্টিহীন ল'ৰাৰ মাজত প্ৰথম ক্লাব পৰ্যায়ৰ ক্ৰিকেট প্ৰতিযোগিতা সম্পন্ন
Published on
Updated on

ডিজিটেল সংবাদ, গুৱাহাটী : বেচৰকাৰী সংস্থা কেয়াৰ ইউ ৩৬৫ ৰ উদ্যোগত দেওবাৰে গুৱাহাটীৰ দক্ষিণ বেলতলা হাইস্কুল খেলপথাৰত দৃষ্টিহীন ল'ৰাৰ মাজত প্ৰথম ক্লাব পৰ্যায়ৰ এলানি ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হয়। সৰ্থেবাৰী ইউনাইটেড ব্লাইণ্ড ক্ৰিকেটাৰছ আৰু গুৱাহাটী ৰয়েল কিংছৰ মাজত অনুষ্ঠিত প্ৰথমখন খেলত সৰ্থেবাৰী ইউনাইটেড ব্লাইণ্ড ক্ৰিকেটাৰছে ৭ অভাৰত ৭৭ ৰাণৰ লক্ষ্যৰে খেলি ৩০ ৰাণত বিজয় সাব্যস্ত কৰে।

খেলখনত ৩৫ ৰাণৰ বৰঙণিৰে দেবেন অধিকাৰী শ্ৰেষ্ঠ বেটছমেন হোৱাৰ বিপৰীতে দুটা উইকেট লৈ কুমুদ ৰেগণে শ্ৰেষ্ঠ বলাৰৰ সন্মান লাভ কৰে। আনহাতে দ্বিতীয়খন খেলত ৩ অভাৰত ২৩ ৰাণৰ লক্ষ্যৰে সৰ্থেবাৰী ইউনাইটেড ব্লাইণ্ড ক্ৰিকেটাৰছ দলে পুনৰ গুৱাহাটী ৰয়েল কিংছক ৩ ৰাণত পৰাজিত কৰে।

খেলখনত দেবেন অধিকাৰীয়ে সৰ্বাধিক ১৯ ৰাণৰ বৰঙণি আগবঢ়ায়। সমগ্ৰ টুৰ্ণামেন্টখনত আবু ছেমিম আহমেদ আৰু কুমুদ ৰেগণে শ্ৰেষ্ঠ বলাৰ, দেবেন অধিকাৰীয়ে শ্ৰেষ্ঠ বেটছমেন, আনচাৰুল ইছলামে শ্ৰেষ্ঠ ফিল্ডাৰ আৰু নয়ন বৈশ্যই সামগ্ৰিক শিতানত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে।

দুয়োখন খেলতেই সৰ্থেবাৰী ইউনাইটেড ব্লাইণ্ড ক্ৰিকেটাৰছে বিজয় সাব্যস্ত কৰাত দলটোৰ টিম মেনেজাৰ সমীন ডেকাই সন্তুষ্টি প্ৰকাশ কৰিছে। উল্লেখ্য যে দৃষ্টিহীনসকলৰ মাজত ক্ৰিকেটৰ প্ৰসাৰৰ বাবে কেয়াৰ ইউ ৩৬৫ এ দীৰ্ঘদিন ধৰি কাম কৰি আহিছে।

ইতিমধ্যে অসম দৃষ্টিহীন ল'ৰা আৰু ছোৱালীৰ দল গঠন কৰা হৈছে আৰু আন্তঃৰাজ্যিক পৰ্যায়ত বিভিন্ন প্ৰতিযোগিতাত ভাগ লৈ দুয়োটা দলে খ্যাতি অৰ্জন কৰিছে।

গুৱাহাটীত দৃষ্টিহীন ল'ৰাৰ মাজত প্ৰথম ক্লাব পৰ্যায়ৰ ক্ৰিকেট প্ৰতিযোগিতা সম্পন্ন
আৰ জি কৰ হাস্পতাল কাণ্ড :জামুগুৰিহাটত প্ৰতিবাদী সমদল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in