ছেবাৰ প্ৰাক্তন পৰীক্ষা নিয়ন্ত্ৰক কিৰণ চন্দ্ৰ ডেকাৰ 'তাহানিৰ ইটো-সিটো' উন্মোচন

ছেবাৰ প্ৰাক্তন পৰীক্ষা নিয়ন্ত্ৰক কিৰণ চন্দ্ৰ ডেকাৰ 'তাহানিৰ ইটো-সিটো' উন্মোচন
Published on
Updated on

ডিজিটেল সংবাদ, গুৱাহাটী : দেওবাৰে সন্ধিয়া গুৱাহাটীৰ হোটেল গ্ৰেটৱে গ্ৰেণ্ডিঅ'ৰ সভাকক্ষত ছেবাৰ প্ৰাক্তন পৰীক্ষা নিয়ন্ত্ৰক কিৰণ চন্দ্ৰ ডেকাৰ 'তাহানিৰ ইটো-সিটো' নামৰ গ্ৰন্থখনি উন্মোচন কৰা হয়। উন্মোচন কৰে অসম চৰকাৰৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্তই।

বিশিষ্ট অতিথিৰ ৰূপত উপস্থিত থাকে বিশিষ্ট লেখক-চিন্তাবিদ ময়ূৰ বৰা। উন্মোচনী ভাষণত মহন্তই কয় যে তেওঁৰ জীৱন কালত লগ পোৱা ভাল মানুহৰ‌ ভিতৰত কিৰণ চন্দ্ৰ ডেকা অন্যতম। নিজৰ ৰসিকতাপূৰ্ণ ভাষণৰে মাজৰে মহন্তই ইয়াকো কয় যে স্বভাৱজাত প্ৰকাশভংগী, ভাষাৰ সাৱলীতাই ডেকাৰ লেখনি সমূহ সুখ পাঠ্য কৰি তুলিছে। আনহাতে কিৰণ চন্দ্ৰ ডেকাৰ লেখা সমূহ তদানীন্তন সময়ৰ এক প্ৰকাৰ‌ দলীল বুলিও তেওঁ অভিহিত কৰে।

ময়ূৰ বৰাই মন্তব্য কৰে যে, কিৰন চন্দ্ৰ ডেকাই লিখনিৰ জৰিয়তে অসমত থাকি ৩০-৫০ বছৰৰ আগতে বিশ্বৰ কথা কৈ গ'ল। কিতাপখনৰ মাজেৰে অসমীয়া সমাজক বিশ্বৰ বাৰ্তা দি গ'ল। তেওঁৰ মনোজগত, বিশ্লেষণাত্মক ভংগী অপূৰ্ব।

সভাত উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ননীগোপাল মহন্তই কয়- জ্যোতিপ্ৰসাদে তিনিবিধ সংস্কৃতিৰ কথা কৈছে বৰ্হি সংস্কৃতি, দুস্কৃতি আৰু অন্তৰ সংস্কৃতি। অন্তৰ সংস্কৃতি অন্তৰত থকা সংস্কৃত চিন্তা। কিৰন চন্দ্ৰ ডেকাৰ জীৱন দৰ্শনত অন্তৰ সংস্কৃতিৰ প্ৰতিফলন ঘটিছে। তাহানিৰ ইটো-সিটো গ্ৰন্থখনত কিৰন চন্দ্ৰ ডেকাৰ বহুকেইটা পুৰণি লেখা সন্নিবিষ্ট হৈছে। লেখাকেইটা পঢ়ি পাঠকে সমসাময়িক সমাজ আৰু সেই সময়ৰ বিশ্বৰ বিক্ষিপ্ত ঘটনাৱলীৰ আভাস পাব বুলি আশা কৰিব পাৰি।

কিৰণ চন্দ্ৰ ডেকাই প্ৰায় ২৫ টা বছৰ ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক হিচাপে মেট্ৰিক পৰীক্ষা কোনো বেমেজালি নোহোৱাকে পাতি এক বিৰল কৃতিত্বৰ অধিকাৰী হয়। ইয়াৰ মাজতে তেখেতে মেঘালয় স্কুল শিক্ষা পৰিষদৰ প্ৰতিষ্ঠাপক সচিবৰ ৰূপত ৫ বছৰ কাৰ্যকাল অতিবাহিত কৰি মেঘালয়ৰ শিক্ষা ব্যৱস্থাৰ প্ৰাৰম্ভিক পৰিকাঠামো সৃষ্টি কৰে। অৱসৰৰ পাছতো বহু দৰিদ্ৰ শিক্ষাৰ্থীক বিনামূলীয়া পাঠদান কৰি বহু মানৱ সম্পদ সৃষ্টি কৰিবলৈ সক্ষম হৈছে কিৰণ ডেকাই।

উল্লেখনীয় যে কিৰণ চন্দ্ৰ ডেকাই ডিব্ৰুগড়ৰ চৰকাৰী বালক উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটীৰ কটন কলেজত আই এছ চি আৰু বি এছ চি পাঠ্যক্ৰম সম্পূৰ্ণ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ত এম এছ চি পাঠ্যক্ৰমত যোগদান কৰাৰ পূৰ্বে কিৰণ চন্দ্ৰ ডেকাই এবছৰৰ বাবে গুৱাহাটীৰ ডন বস্কো স্কুলত শিক্ষকতা কৰিছিল।

সেইখিনি সময়তে তেখেতে কেইখনমান গ্ৰন্থ ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পৰিসংখ্যা বিভাগত এম এছ চি সম্পূৰ্ণ কৰাৰ পিছত ডেকাদেৱে ইম্ফলৰ ডি এম কলেজৰ প্ৰবক্তা আৰু পাছলৈ মুৰব্বী অধ্যাপক হিচাপে কৰ্মৰত আছিল। পৰৱৰ্তী ছেবাত যোগদান কৰে।

১৯৯৩ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত কিৰণ চন্দ্ৰ ডেকাদেৱে এমিল জোলাৰ উপন্যাস "লা তেৰা" ক "পৃথিৱীৰ বুকুত" শীৰ্ষক নামেৰে অসমীয়ালৈ অনুবাদ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in