ডিজিটেল ডেস্ক : বিগত ৯ জুন তাৰিখে মহানগৰীৰ গণেশগুৰিত সংঘটিত হৈছিল এক পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হৈছিল প্রিয়া কুমাৰী নামৰ এগৰাকী স্কুলীয়া ছাত্ৰী। পানীৰ পাইপৰ বাবে পথৰ কাষত খান্দি থোৱা গাঁতৰ বাবেই সংঘটিত হৈছিল উক্ত দুৰ্ঘটনাটো। স্কুটীৰ পৰা পৰি মৃত্যু হৈছিল ছাত্রী প্রিয়া কুমাৰীৰ।
ইয়াৰ পাছতেই ঘটনাৰ বাবে দোষাৰোপ কৰি এ কে কনষ্ট্রাকচন, মিলেনিয়াম ফেব্রিকেচনৰ দুই বিষয়া-ঠিকাদাৰক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। সোমবাৰে এই দুয়োগৰাকী বিষয়া-ঠিকাদাৰে জামিন লাভ কৰে। উল্লেখ্য প্ৰতিষ্ঠান দুটা আছিল এ পি ডি চি এলৰ ঠিকাত নিয়োজিত প্রতিষ্ঠান।
জামিন লাভ কৰা ব্যক্তি দুজন হৈছে বি বালাজী আৰু পাৰিজাত শইকীয়া। দিছপুৰ থানাৰ গোচৰ নং– ১০৩৪/২৩ত জামিন লাভ কৰিছে ব্যক্তিদ্বয়ে।