গুৱাহাটী বিশ্ববিদ্যালয়ৰ RCC-1, RCC-2 ৰ ছাত্ৰৰ সংঘাতঃ সুৰাৰ বটল, শিলগুটিৰে আক্ৰমণ, প্ৰত্যাক্ৰমণত কেইবাজনো আহত

নিৰ্বাচনোত্তৰ সংঘাতত উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়, কেইবাজনো ছাত্ৰ জি এম চি এইছ ভৰ্তি
গুৱাহাটী বিশ্ববিদ্যালয়ৰ RCC-1, RCC-2 ৰ ছাত্ৰৰ সংঘাতঃ সুৰাৰ বটল, শিলগুটিৰে আক্ৰমণ, প্ৰত্যাক্ৰমণত কেইবাজনো আহত
গুৱাহাটী বিশ্ববিদ্যালয়ৰ RCC-1, RCC-2 ৰ ছাত্ৰৰ সংঘাতঃ সুৰাৰ বটল, শিলগুটিৰে আক্ৰমণ, প্ৰত্যাক্ৰমণত কেইবাজনো আহত
Published on
Updated on

ডিজিটেল ডেস্কঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্ৱাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছতেই পুৱতি নিশা দুটাকৈ হোষ্টেলৰ শিক্ষাৰ্থীৰ মাজত সংঘটিত হয় মাৰপিটৰ ঘটনা। আৰ চি চি-১ আৰু আৰ চি চি-২ হোষ্টেলৰ শিক্ষাৰ্থীসকলৰ মাজত পুৱতি নিশা সংঘটিত হোৱা এই সংঘাতত কেইবাজনো শিক্ষাৰ্থী গুৰুতৰভাৱে আহত হৈছে।

জানিব পৰা মতে শিক্ষাৰ্থীসকলৰ এটা পক্ষই আনটো পক্ষক শিল আৰু সুৰাৰ বটেলেৰে আক্ৰমণ কৰে। ইয়াৰ পিছতে বহু কেইজন ছাত্ৰ আহত হয়। তেওঁলোকক গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

এই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ এক সূত্ৰই প্ৰকাশ কৰা মতে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছত সকলো পৰিস্থিতি ঠিকেই আছিল যদিও পুৱতি নিশা প্ৰায় ৩ মান বজাত হঠাৎ আৰ চি চি-১ আৰু আৰ চি চি-২ ৰ আৱাসী ছাত্ৰসকলৰ মাজত সংঘাতৰ সূত্ৰপাত হয় আৰু উত্তপ্ত হৈ পৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ।

অভিযোগ মতে আৰ চি চি-১ ৰ ছাত্ৰসকলে প্ৰথমে আৰ চি চি-২ ত আক্ৰমণ কৰিছিল। অৱশ্যে সঠিক তদন্তৰ পাছতহে এই বিষয়ে স্পষ্ট হ'ব। বৰ্তমানেও জি এম চি এইছত ভৰ্তি হৈ আছে ৭ জনকৈ আহত ছাত্ৰ।

সমগ্ৰ ঘটনাক লৈ এতিয়াও উত্তপ্ত হৈ আছে বিশ্ববিদ্যালয়খনৰ চৌহদ। উল্লেখ্য যে, শুকুৰবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফলত সভাপতি পদত জয়ী হয় এ বি ভি পিৰ মানস প্ৰতিম কলিতা, সাধাৰণ সম্পাদক পদত জয়ী হয় কৌশিক বৰুৱা। কৌশিক অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী।

আনহাতে, উপ-সভাপতি, সহকাৰী সাধাৰণ সম্পাদকসহ ৬টা পদত জয়লাভ কৰিছে আছু সমৰ্থিত প্ৰাৰ্থীয়ে। উপ-সভাপতি পদত জয়ী হয় উদীপ্ত বায়ন, সহকাৰী সাধাৰণ সম্পাদক পদত জয়ী হয় নিমিশা শইকীয়া, সাহিত্য সম্পাদকত জয়ী হয় প্ৰাণজিৎ কোচ আৰু সাংস্কৃতিক সম্পাদক পদত জয়ী হয় বন্দিতা ডেকা।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ RCC-1, RCC-2 ৰ ছাত্ৰৰ সংঘাতঃ সুৰাৰ বটল, শিলগুটিৰে আক্ৰমণ, প্ৰত্যাক্ৰমণত কেইবাজনো আহত
গুৱাহাটীত মাতৃক পটাগুটিৰে মৰিয়াই হত্যা জীয়ৰীৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in