বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৪ অধ্যাপকৰ নাম...

ষ্টেনফ'ৰ্ড বিশ্বিদ্যালয়ে প্ৰকাশ কৰিছে এই তালিকা
বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৪ অধ্যাপকৰ নাম...
বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৪ অধ্যাপকৰ নাম...
Published on
Updated on

ডিজিটেল ডেস্কঃ ৰাজ্যৰ অগ্ৰণী উচ্চ শিক্ষা প্ৰতিষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ৰ চাৰিগৰাকী অধ্যাপকৰ নাম সন্নিৱিষ্ট হৈছে বিশ্বৰ অগ্ৰণী দুই শতাংশ বিজ্ঞানীৰ তালিকাত। উচ্চ শিক্ষানুষ্ঠানখনৰ অধ্যাপক কেইগৰাকীয়ে লাভ কৰা এই স্বীকৃতিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতে ৰাজ্য শিক্ষাখণ্ডকো গৌৰৱাম্বিত কৰিছে।

ষ্টেনফ'ৰ্ড বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত স্থান লাভ কৰা এই অধ্যাপক কেইগৰাকী ক্ৰমে প্ৰদীপ ফুকন, বিপান হাজৰিকা, ৰঞ্জিত ঠাকুৰীয়া আৰু অৰবিন্দ ঘোষ। এই তালিকা ষ্টেনফ'ৰ্ড বিশ্ববিদ্যালয়ে যোৱা ১৬ ছেপ্টেম্বৰত প্ৰকাশ কৰিছিল।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই অধ্যাপক কেইগৰকীৰ ভিতৰত ৰসায়নবিজ্ঞানৰ অধ্যাপক প্ৰদীপ ফুকনে তেওঁৰ ক্ষেত্ৰখনত দীঘলীয়া সময়ৰ কামৰ বাবে আৰু গণিতৰ ক্ষেত্ৰখনত অধ্যাপক বিপান হাজৰিকা, ৰসায়ন বিজ্ঞানৰ ক্ষেত্ৰত অধ্যাপক ড০ ৰঞ্জিত ঠাকুৰীয়া আৰু মাইক্ৰ'বায়োলজী/উদ্ভিদবিজ্ঞানৰ ক্ষেত্ৰখনত ড০ অৰবিন্দ ঘোষে ২০২৩ বৰ্ষত কৰা কামৰ বাবে এই তালিকাত স্থান লাভ কৰিছে। ড০ অৰবিন্দ ঘোষে অতি শেহতীয়াকৈ ত্ৰিপুৰা বিশ্ববিদ্যালয়ত যোগদান কৰিছে।

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৪ অধ্যাপকৰ নাম...
অসম আৰক্ষীৰ ৬ গৰাকী বিষয়াৰ বিৰুদ্ধে CID ৰ তদন্তৰ নিৰ্দেশ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in