গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা...

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনত অসম ছাত্ৰ পৰিষদৰ বৃহৎ জয়

author-image
Asomiya Pratidin
New Update
আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন

ডিজিটেল ডেস্ক : ঘোষণা হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভা ২০২৪ৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল। ফলাফল অনুসৰি এইবাৰৰ নিৰ্বাচনত সভাপতি পদত মানস প্ৰতীম কলিতাই বিপুল ভোটত জয়লাভ কৰে। নৱনিৰ্বাচিত সভাপতি মানস প্ৰতীম কলিতাই এ বি ভি পিৰ সমৰ্থনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।

আনহাতে সাধাৰণ সম্পাদক পদত কৌশিক বৰুৱাই জয়লাভ কৰে। কৌশিক বৰুৱাই অসম ছাত্ৰ পৰিদষৰ সমৰ্থনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। ইয়াৰ উপৰি অসম ছাত্ৰ পৰিদষৰ সমৰ্থনত সাধাৰণ সম্পাদককে ধৰি ৫গৰাকীয়ে জয়লাভ কৰে। সমাজ সেৱা সম্পাদক, তৰ্ক আৰু আলোচনা চক্ৰ বিভাগৰ সম্পাদক তথা সাধাৰণ ক্ৰীড়া সম্পাদক আৰু শৰীৰ চৰ্চা সম্পাদকসহ ৫ গৰাকী অসম ছাত্ৰ পৰিষদ সমৰ্থিত প্ৰাৰ্থী জয়ী হয়।

ইফালে উপ সভাপতি পদত জয়ী হয় উদ্দীপ্ত বায়ন। একেদৰে লঘু ক্ৰীড়াৰ সম্পাদক পদত উজ্জ্বল কলিতাই বিজয় সাৱ্যস্ত কৰে।  অৱশ্যে এতিয়াও আনবোৰ পদৰ বাবে ভোটগণনা প্ৰক্ৰিয়া চলি আছে। সেয়ে কিছু সময়ৰ পাছতে আন কেইবাটাও পদৰ ফলাফল ঘোষণা কৰা হ’ব।

Also Read: প্ৰৱঞ্চক অসীম কুমাৰ দাসক জনতা ভৱনলৈ আহ-যাহৰ সুবিধা কৰি দিছিল মন্ত্ৰী যোগেন মহনৰ অ' এছ ডিয়ে

gauhati university