নিৰ্বাচনত ব্যাপক ৰেগিং ! বিজেপি সাংসদ কৃপানাথ মাল্লাৰ বিৰুদ্ধে চমন জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...

কংগ্ৰেছৰ পৰাজিত প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে দাখিল কৰিছিল আবেদন
নিৰ্বাচনত ব্যাপক ৰেগিং ! বিজেপি সাংসদ কৃপানাথ মাল্লাৰ বিৰুদ্ধে চমন জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...
নিৰ্বাচনত ব্যাপক ৰেগিং ! বিজেপি সাংসদ কৃপানাথ মাল্লাৰ বিৰুদ্ধে চমন জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ  সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত ৭ নং কৰিমগঞ্জ লোকসভা সমষ্টিত পৰাজিত কংগ্ৰেছ প্ৰাৰ্থী তথা জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপনৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা নিৰ্বাচনী আবেদনৰ শুনানি গ্ৰহণ কৰি আজি ন্যায়ালয়ে বিজেপিৰ বিজয়ী প্ৰাৰ্থী তথা সাংসদ কৃপানাথ মাল্লাৰ বিৰুদ্ধে চমন জাৰি কৰিছে।

উল্লেখ্য যে, ২০২৪ লোকসভা নিৰ্বাচনত ৭নং কৰিমগঞ্জ লোকসভা সমষ্টিত কংগ্ৰেছৰ দ্বাৰা প্ৰক্ষেপিত প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে নিৰ্বাচনত বিজেপিৰ দ্বাৰা প্ৰক্ষেপিত প্ৰাৰ্থী কৃপানাথ মাল্লাৰ বিৰুদ্ধে ভোটগ্ৰহণৰ দিনটোত ব্যাপক ৰেগিং, বুথ দখল, অযথা প্ৰভাৱ, উৎকোচ, ভোটাৰক ভীতিগ্ৰস্ত কৰাকে ধৰি একাধিক দুৰ্নীতিমূলক আচৰণৰ অভিযোগ তুলি গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল।

মাত্ৰ ১.৬ শতাংশ ভোটৰ ব্যৱধানত পৰাস্ত হোৱা হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে এই আবেদনখনত নিৰ্বাচন বাতিল কৰাৰো দাবী তুলিছিল। আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কুমাৰ মেধিয়ে এই আবেদনৰ শুনানি গ্ৰহণ কৰি কৃপানাথ মাল্লাৰ বিৰুদ্ধে চমন জাৰি কৰিছে।

আবেদনকাৰীৰ আইনী দলৰ আহ্বায়ক গৌতম চৌধুৰীয়ে ভোটগ্ৰহণৰ দিনটোত নিৰ্বাচন আয়োগক ইমেইলৰ জৰিয়তে ২০ টা ভোটকেন্দ্ৰত ৰিগিং আৰু বুথ দখলৰ নিৰ্দিষ্ট ঘটনাবোৰৰ বিষয়ে ধাৰাবাহিকভাৱে অভিযোগ দাখিলৰ কথা উল্লেখ কৰিছিল। আৱেদনকাৰীৰ নিৰ্বাচনী এজেণ্টেও ভোটগ্ৰহণৰ দিনটোত মুঠ ৩১ টা নিৰ্দিষ্ট ভোটকেন্দ্ৰত সংঘটিত অসদাচৰণৰ বিৱৰণেৰে বুথ দখলৰ অপচেষ্টাৰে দুৰ্নীতিমূলক আচৰণ কৰাৰ অভিযোগ কৰিছে।

আৱেদনখনত অভিযোগ কৰা হৈছে যে যি ৪৭ টা বুথ দখল কৰা হৈছিল সেই ভোটকেন্দ্ৰ কেইটাৰ ভোটাৰ দুয়োজন প্ৰাৰ্থীৰ মাজৰ ভোটৰ ব্যৱধানতকৈ প্ৰায় দুগুণ। আনহাতে আবেদনখনত ভোটগণনাৰ ক্ষেত্ৰত দেখা দিয়া বিভ্ৰান্তিৰ কথাও উল্লেখ কৰা হৈছে।

নিৰ্বাচন আয়োগে ভোটদানৰ তথ্যত উল্লেখ কৰিছিল যে, সমষ্টিটোত ১১,৩৬,৫৩৮ টা ভোট লাভ কৰা হৈছে।এই সংখ্যা পোষ্টেল বেলট যোগ কৰাৰ পিছত মুঠ ১১,৪৩,৭৯৬ টালৈ বৃদ্ধি পাইছিল। কিন্তু ভোট গণনাৰ দিনটোত দেখা গ'ল মুঠ ভোটৰ সংখ্যা ১১,৪৭,৬০৭ লৈ বৃদ্ধি পালে।

অৰ্থাৎ নিৰ্বাচন আয়োগে পূৰ্বে দিয়া তথ্যত কৈ ভোটগণনাৰ দিনটোত ৩,৮১১ টা ভোট অধিক পোৱা গ'ল। এনে পৰিপ্ৰেক্ষিতত আবেদনখনৰ গুৰুত্ব উপলব্ধি কৰি ন্যায়ালয়ে কৃপানাথ মাল্লাৰ বিৰুদ্ধে চমন জাৰি কৰিছে। ন্যায়ালয়ে বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি শীঘ্ৰে বিচাৰ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰি পৰৱৰ্তী শুনানিৰ দিন ১৯ আগষ্ট, ২০২৪ নিৰ্ধাৰণ কৰিছে।

আজি ন্যায়ালয়ত শুনানি সময়ত আবেদনকাৰীৰ হৈ উপস্থিত থাকে জ্যেষ্ঠ পৰামৰ্শদাতা কেপি পাঠক, মৃণ্ময় দত্ত, এ এম আহমেদ, মুস্তাফা খাদ্দাম, ইমৰান উদ্দিন চোধুৰী আৰু এম এ চৌধুৰী।

নিৰ্বাচনত ব্যাপক ৰেগিং ! বিজেপি সাংসদ কৃপানাথ মাল্লাৰ বিৰুদ্ধে চমন জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...
লোকসভাত দাখিল আৰ্থিক সমীক্ষাৰ প্ৰতিবেদনঃ নিয়ন্ত্ৰণত আছে মুদ্ৰাস্ফীতি, হ্ৰাস পাব নিবনুৱা সমস্যা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in