ডিজিটেল ডেস্ক : গুৱাহাটী মহানগৰীৰ বৰাগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বুধবাৰে সন্ধিয়াৰ ভাগত বৰাগাঁৱত সপ্তম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰীক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে।
ইয়াৰোপৰি সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে কিশোৰীগৰাকীৰ পিতৃ বনজিৎ দাসক। অৱশ্যে কোনে এই হত্যাকাণ্ডটো সংঘটিত কৰিলে সেই সন্দৰ্ভত কোনো তথ্য এতিয়াও জানিব পৰা হোৱা নাই।
স্থানীয় একাংশ লোকে সদৰী কৰামতে হয়তো পিতৃয়ে কিশোৰীগৰাকীক হত্যা কৰিছে আৰু তাৰ পাছত আত্মহত্যা কৰাৰ চেষ্টা কৰিছে বুলি সন্দেহ প্ৰকাশ কৰে। অৱশ্যে এয়াই আনুষ্ঠানিক তথ্য নহয়। সম্প্ৰতি আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া অৱ্যাহত ৰাখিছে। ইতিমধ্যে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ লোক ঘটনাস্থলীত উপস্থিত হৈছে।
আৰক্ষীৰ ভাষ্য অনুসৰি উক্ত ঘটনা সম্পৰ্কে এতিয়াই ক'ব পৰাত নাই বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে। ঘটনাস্থলী পৰা ইতিমধ্যে আৰক্ষীয়ে অস্ত্ৰ উদ্ধাৰ কৰাৰ উপৰি সকলোখিনি তন্ন-তন্নকৈ পৰীক্ষা কৰা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ তদন্তৰ অন্ততহে সকলো তথ্য পোহৰলৈ আহিব বুলি স্থানীয় লোকে আশা প্ৰকাশ কৰিছে।
উল্লেখযোগ্য যে সংকটজনক অৱস্থাত উদ্ধাৰ কৰা পিতৃ বনজিৎ দাসক সম্প্ৰতি হাস্পতালত ভৰ্তি কৰোৱা হৈছে। আনহাতে উক্ত ঘটনা সংঘটিত হোৱাৰ সময়ত নাছিল ছাত্ৰীগৰাকীৰ মাতৃ। ইতিমধ্যে উক্ত ঘটনাৰ পিচতে মাতৃ ঘটনাস্থলীত উপস্থিত হৈছে। অভিযোগ উঠা ধৰণে পিতৃয়ে কন্যাগৰাকীক হত্যা কৰিলে নে কোনো দুৰ্বৃত্তই এই কাণ্ড সংঘটিত কৰিলে সেই সম্পৰ্কে সকলো তথ্য তদন্তৰ অন্ততহে পোহৰলৈ আহিব।
Also Read: আন্তঃ জিলা মাষ্টাৰ্ছ এথেলেটিকছ প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত অৰ্জুন ভোগেশ্বৰ বৰুৱা