কোচিং চেন্টাৰলৈ গৈ সন্ধানহীন গুৰু নানক স্কুলৰ ছাত্র

কোচিং চেন্টাৰলৈ গৈ সন্ধানহীন গুৰু নানক স্কুলৰ ছাত্র

author-image
Asomiya Pratidin
New Update
কোচিং চেন্টাৰলৈ গৈ সন্ধানহীন গুৰু নানক স্কুলৰ ছাত্র

ডিজিটেল ডেস্কঃ যোৱা মঙলবাৰে সন্ধিয়াৰ পৰা মহানগৰীৰ পল্টন বজাৰ অঞ্চলৰ পৰা সন্ধানহীন হৈ আছে এজন ১৭ বছৰীয়া যুৱক। যুৱকজন মহানগৰীৰ গুৰুনানক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ। সন্ধানহীন হোৱা যুৱকজনৰ নাম চন্দ্ৰগুপ্ত মণ্ডল বুলি জানিব পৰা গৈছে।

বিশেষ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, যোৱা ৩১ অক্টোবৰত মহানগৰীৰ পান বজাৰ অঞ্চলৰ এটা কোচিং চেণ্টাৰত প্ৰশিক্ষকৰ বাবে গৈছিল চন্দ্ৰগুপ্ত মণ্ডল। তাৰ পিছৰ পৰাই সন্ধানহীন হৈ আছে যুৱকজন।

জানিব পৰা মতে, যুৱকজনে প্ৰতিদিনে পান বজাৰস্থিত এটা কোচিং চেন্টাৰলৈ যায় আৰু তেওঁৰ পিতৃয়ে তেওঁক কোচিং চেন্টাৰৰ পৰা আনিবলৈ যায়। যুৱকজন নিৰুদ্দেশ হোৱাৰ দিনাও তেওঁৰ পিতৃয়ে তেওঁৰ বাবে চেন্টাৰটোৰ বাহিৰত অপেক্ষা কৰি আছিল আৰু যুৱকজন বহুসময়লৈ ওলাই নহাত তেওঁ কোচিং চেন্টাৰটোলৈ গৈ যুৱকজনৰ বিষয়ে সোধা-পোছা কৰে। কিন্তু কোচিং চেন্টাৰ কৰ্তৃপক্ষই যুৱকজনৰ পিতৃক জনাইছিল যে তেওঁ সেইদিনা চেন্টাৰলৈ যোৱাই নাছিল।

উল্লেখ্য যে, চন্দ্ৰগুপ্ত মণ্ডলে প্ৰতিদিনেই ঘৰৰ পৰা পল্টন বজাৰলৈ গৈ তাৰ পৰা বাছ বা অটোৰিক্সাৰে পান বজাৰস্থিত কোচিং চেণ্টাৰলৈ গৈছিল। জানিব পৰা মতে, ৩১ অক্টোবৰত শেষবাৰৰ বাবে যুৱকজনক চুবুৰীয়াৰ এজনে পল্টন বজাৰৰ নেপালী মন্দিৰৰ সমীপত অটোৰিক্সাত বহি থকা অৱস্থাত সন্ধিয়া প্ৰায় ৬.৩০ বজাত দেখা পাইছিল।

ইতিমধ্যেই যুৱকজনৰ পৰিয়ালে মহানগৰীৰ ভৰলুমুখ আৰক্ষী থানাত নিৰুদ্দেশৰ গোচৰ ৰুজু কৰিছে। আৰক্ষী সূত্ৰে জানিব পৰা মতে, যুৱকজনক বিছাৰি আৰক্ষীৰ অভিযান অব্যাহত আছে যদিও যুৱকজনে মোবাইল ব্যৱহাৰ নকৰাৰ ফলত তেওঁৰ অৱস্থান বিচাৰি উলিওৱাত অসুবিধাৰ সন্মুখীন হৈছে আৰক্ষীৰ দল। তদুপৰি তেওঁ অপহৃত হৈছে নে স্বইচ্ছাই কৰবালৈ গৈছে সেইয়াও বৰ্তমানলৈ নিশ্চিত হোৱা নাই।

Also Read: অসম আন্দোলনৰ ফলশ্ৰুতিত স্থাপন হোৱা ধিঙৰ 'চেকক্ৰাফ্ট' উদ্যোগৰো মাটি ৰামদেৱৰ দখলত

guwahati missing case