হাতীগাওঁৰ সুন্দৰবন নগৰত দুই বন্ধুৰ হাতত প্ৰাণ গ'ল ব্যৱসায়ীৰ...

নিশা দুই বন্ধুৱে মিলি হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ
হাতীগাওঁৰ সুন্দৰবন নগৰত দুই বন্ধুৰ হাতত প্ৰাণ গ'ল ব্যৱসায়ীৰ...
হাতীগাওঁৰ সুন্দৰবন নগৰত দুই বন্ধুৰ হাতত প্ৰাণ গ'ল ব্যৱসায়ীৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ অপৰাধ হ্ৰাস হোৱাৰ পৰিবৰ্তে ক্ৰমশঃ যেন বৃদ্ধি পাইছে গুৱাহাটী মহানগৰীত। ধাৰাবাহিকভাৱে মহানগৰীৰ ভিন্ন স্থানত এটাৰ পিছত এটাকৈ অপৰাধ সংঘটিত হোৱাৰ সমান্তৰালকৈ উদ্ধাৰ হৈছে মৃতদেহ। কেতিয়াবা যদি কোৰোবাক হত্যা কৰি পেলাই দিয়া হৈছে কেতিয়াবা আকৌ হত্যাক আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা হৈছে।

এনে বৰ্ধিত অপৰাধৰ মাজতেই পুনৰ হাতীগাওঁৰ সুন্দৰবন নগৰত সংঘটিত হ'ল আন এক হত্যাকাণ্ড। এইবাৰ নিশা পাৰ্টি কৰিবলৈ আহি ভাড়াতীয়া কোঠাতে হত্যা কৰিলে ব্যৱসায়ী বন্ধুক।

জানিব পৰা মতে সুন্দৰবন নগৰত ভাড়াতীয়া হিচাপে আছিল ছৈয়দ আলী নামৰ এজন ব্যৱসায়ী। পৰিয়ালৰ সৈতে ভাড়াতীয়া হিচাপে থকা ছৈয়দ আলীৰ কোঠালৈ শুকুৰবাৰে নিশা আহিছিল দুই বন্ধু।

গৰমৰ বন্ধ উপলক্ষে ছৈয়দ আলীৰ পত্নী আৰু সন্তান গুৱাহাটীৰ পৰা স্বগৃহলৈ গৈছিল। ভাড়াঘৰত আছিল কেৱল ছৈয়দ আলী আৰু তেওঁৰ ভতিজা। শুকুৰবাৰে নিশা ছৈয়দ আলীৰ কোঠালৈ আহিছিল তেওঁৰেই দুজন বন্ধু।

সন্দেহ কৰা অনুসৰি এই দুই বন্ধুৱেই হত্যা কৰিলে ছৈয়দক। কিয়নো নিশাৰে পৰা সন্ধান নাই এই দুই বন্ধুৰ। আৰক্ষী সূত্ৰত জানিব পৰা মতে গামোচাৰ ডিঙি চেপি গাৰুৰে সৈতে হেঁচি হত্যা কৰা হৈছিল ছৈয়দক।

এই ঘটনা সন্দৰ্ভত হাতীগাওঁ আৰক্ষী থানাত ৰুজু হোৱাৰ গোচৰৰ ভিত্তিতে আৰক্ষীয়ে আৰম্ভ কৰিছে ক্ষীপ্ৰতাৰে তদন্ত। আজি এই তদন্তৰ অংশ হিচাপে ঘটনাস্থলীত উপস্থিত হয় গুৱাহাটীৰ ডিচিপি, এডিচিপি, এচিপি আদি শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়া।

আৰক্ষীয়ে নিশা ছৈয়দ আলীৰ কোঠালৈ অহা দুই বন্ধুৰ সন্ধানত আৰম্ভ কৰিছে অভিযান। এই দুই বন্ধুক আটক কৰিব পাৰিলেই সমগ্ৰ ঘটনাৰ আঁৰৰ কাৰণ জানিব পৰা যাব। কিয় তেওঁলোকে এই হত্যাকাণ্ড সংঘটিত কৰিলে সেই বিষয়েও বহু কথা স্পষ্ট হ'ব।

হাতীগাওঁৰ সুন্দৰবন নগৰত দুই বন্ধুৰ হাতত প্ৰাণ গ'ল ব্যৱসায়ীৰ...
গহপুৰ মহকুমা কৃষি বিষয়া কাৰ্যলয়ৰ উদ্যোগ সমূহীয়া কঠীয়া সিঁচাৰ কাৰ্য্যসূচী আৰম্ভ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in