ইস্কনৰ উদ্যোগত গুৱাহাটী জগন্নাথ ৰথযাত্ৰা মহোৎসৱ-২০২৩...

ইস্কনৰ উদ্যোগত গুৱাহাটী জগন্নাথ ৰথযাত্ৰা মহোৎসৱ-২০২৩...
Published on
Updated on

ডিজিটেল ডেস্কঃ আন্তৰ্জাতিক কৃষ্ণভাৱনামৃত সংঘ (ইস্কন) গুৱাহাটীৰ একক প্ৰচেষ্টাৰে আয়োজিত গুৱাহাটী জগন্নাথ ৰথ যাত্ৰা মহোৎসৱ-২০২৩ অহা ২০জুন, মঙলবাৰৰ পৰা ২৮ জুন বুধবাৰলৈ ৯ দিনজোৰা এক বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। উত্তৰ-পূৰ্বাঞ্চলৰ সমূহ জনগোষ্ঠীৰ মাজত আধ্যাত্মিক ভাৱধাৰাৰ উন্মেষ ঘটাই শান্তি, সম্প্ৰীতি আৰু ঐক্যৰ এনাজৰী অটুট ৰখাৰ উদ্দেশ্যে এই উৎসৱ আয়োজন কৰা হয় ।

বিগত ২২ বছৰে গুৱাহাটী চহৰত উদযাপিত হৈ আহিছে এই ৰথযাত্ৰা মহোৎসৱ । জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে বিভিন্ন সম্প্ৰদায় আৰু জনগোষ্ঠীৰ লোকসকলৰ সক্ৰিয় যোগদান আৰু তেওঁলোকৰ নিজস্ব সাংস্কৃতিক আৰু আধ্যাত্মিক ভাৱৰ প্ৰদৰ্শনে এই ৰথযাত্ৰা মহোৎসৱক সুকীয়া মাত্ৰা প্ৰদান কৰি আহিছে ।

গুৱাহাটী জগন্নাথ ৰথযাত্ৰা মহোৎসৱ-২০২৩ মূল কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠান কাইলৈ উলুবাৰীস্থিত আশ্বী অপ্সৰা অডিটিৰিয়াম (পূৰ্বৰ অপ্সৰা চিনেমা হ'ল)ত অনুষ্ঠিত হ'ব । উক্ত দিনাই শোভা যাত্ৰা কাৰ্যসূচী উলুবাৰী, ভঙাগড়, গণেশগুৰি আৰু ড০ আৰ পি ৰোড, লাষ্টগে'ট, ছাৰ্ভে, বেলতলা তিনি আলি হৈ গৈ জয়ানগৰস্থিতজগন্নাথ সাংস্কৃতিক প্ৰকল্পৰ প্ৰাংগণত অন্ত পৰিব ।

এই উদ্বোধনী অনুষ্ঠানত অংসগ্ৰহণ কৰিব অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া, জলসম্পদ তথা জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকা, জলসিঞ্চন তথা গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংহল, পূব গুৱাহটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, বিআইপিএলৰ পৰিচালন সঞ্চালক ৰামাৱতাৰ ভাৰাতীয়া, অভিনেত্ৰী আইমী বৰুৱা, ইউটিউবাৰ দিম্পু বৰুৱা, সৰভোগৰ মইনাবৰী সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰী অপূৰ্ব অধিকাৰীদেৱ আৰু ইটালীৰইস্কন ভক্ত শ্ৰীপাদ গঙ্গা দাস ।

এই মহোৎসৱৰ অন্য এক আকৰ্ষণ হৈছে শ্ৰীমদ্ভাগৱত কথা । নতুন দিল্লীৰ দ্বাৰকাস্থিত ইস্কন মন্দিৰৰ উপ-সভাপতি অমোঘলীলা দাস প্ৰভুৱে শ্ৰীমদ্ভাগৱত কথাৰ প্ৰৱচন দাঙি ধৰিব । এই ভাগৱত কথা ২১ জুনৰ পৰা ২৭ জুন মঙলবাৰলৈ জয়ানগৰস্থিত জগন্নাথ সাংস্কৃতিক প্ৰকল্প প্ৰাংগনত সন্ধিয়া ৬.৩০ বজাৰ পৰা নিশা ৯ বজালৈ অনুষ্ঠিত হ'ব ।

এই মহোৎসৱৰ সামৰণি পৰিব ২৮ জুনত দিনা ওলোটা ৰথযাত্ৰাৰে । এই যাত্ৰা আৰম্ভ হ'ব দীঘলীপুখুৰীৰ মুখ্য প্ৰৱেশদ্বাৰৰ পৰা। আৰু এই যাত্ৰাৰ শেয হ'ব উলুবাৰী এ এছটিচি পাৰ্কিঙত ।

ইস্কনৰ উদ্যোগত গুৱাহাটী জগন্নাথ ৰথযাত্ৰা মহোৎসৱ-২০২৩...
মণ্ডলক সকিয়নি ৰাজহ মন্ত্ৰী যোগেন মহনৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in