এইবাৰ জু-ৰোডঃ জল ব'ৰ্ডৰ পাইপ ফুটি হাহাকাৰময় পৰিস্থিতি

এইবাৰ জু-ৰোডঃ জল ব'ৰ্ডৰ পাইপ ফুটি হাহাকাৰময় পৰিস্থিতি
Published on
Updated on

ডিজিটেল ডেস্কঃ সকলো ফালে কেৱল পানী আৰু পানী। খাৰঘূলি কাণ্ডৰ পুনৰাবৃত্তি এইবাৰ জু ৰোড। পানীৰ পাইপ ফুটি জলমগ্ন হৈ পৰিল জুৰোডৰ বিস্তৃত অঞ্চল। কমাৰ্চ আৰু ৰাজগড় ৰোডৰ একাংশ অঞ্চলত এতিয়া একাঁঠু পৰ্যন্ত পানী।

সোমবাৰে দিনৰ ভাগত জল বৰ্ডৰ পাইপ ফুটি জু ৰোডত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰে। স্থানীয় লোকৰ ভাষ্য অনুসৰি ডাঙৰ শব্দ হৈ পাইপ ফাটি সমগ্ৰ অঞ্চলটো জলমগ্ন হৈ পৰে। বিভিন্ন গাড়ী, মটৰৰ লগতে অঞ্চলটোত থকা ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহত বিস্তৰ ক্ষতি সাধন হয়। অৱশ্যে বৰ্তমান পৰ্যন্ত কোনো লোক হতাহত হোৱাৰ খবৰ আহি পৰা নাই।

বৰ্তমান ঘটনাস্থলীত এ এছ ডি এম এৰ এটা দল উপস্থিত হৈ ফাটি যোৱা পাইপ মেৰামতি কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।

ইয়াৰ কিছুদিন পূৰ্বে খাৰঘূলিত সংঘটিত হৈছিল অনুৰূপ ঘটনা। জাইকাৰ পাইপ ফাটি জলমগ্ন হৈ পৰিছিল সমগ্ৰ অঞ্চল। যাৰ বাবে এগৰাকী মহিলা নিহত হোৱাৰ লগতে আহত হৈছিল কেইবাজনো।

উল্লেখ্য যে, গুৱাহাটী মহানগৰীত এটুপি পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হয় জনতাই। কৰবাত যদি খোৱাপানীৰ অভাৱ কৰবাত আকৌ এজাক বৰষুণতে জীয়াতু ভুগিব লগা হয় জনতাই।

গুৱাহাটী যেন এতিয়া মৃত্যু গহ্বৰ। কৰবাত যদি গাঁতত পৰি মানুহ মৰিছে কৰবাত আকৌ পানীৰ পাইপ ফুটি মানুহ মৰিছে। মুঠতে গুৱাহাটীত এতিয়া কাৰৱেই জীৱন সুৰক্ষিত নহয়। ঘটনাক লৈ স্থানীয়লোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰি চৰকাৰত তুলাধূনা কৰিছে। তদুপৰি বিভাগীয় কৰ্তৃপক্ষইও কিয় এনে সমূহ স্থান ভালদৰে তদাৰক নকৰে সেয়া উদ্বেগজনক বিষয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in