ডিজিটেল ডেস্কঃ মহানগৰীৰ হেঙেৰাবাৰীত সংঘটিত হৈছে ভয়াৱহ ভূমিস্খলন।প্ৰতিকূল বতৰৰ বাবেই ভূমিস্খলনে দেখা দিছে মহানগৰীৰ কেইবাটাও অঞ্চলত। হেঙেৰাবাৰীৰ ২নং মিলন নগৰত সংঘটিত হৈছে এই ভূমিস্খলন।
ভূমিস্খলনৰ ফলত পাহাৰৰ পৰা খহি পৰে প্রকাণ্ড শিল। শিল পৰি গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয় ৩গৰাকীকৈ লোক। আঘাতপ্রাপ্ত দুজন পুৰুষ হোৱাৰ বিপৰীতে এগৰাকী মহিলা বুলি জানিব পৰা গৈছে।
তিনিওকে ইতিমধ্যেই সংকটজনক অৱস্থাত জি এম ছি এইছত ভৰ্তি কৰোৱা হয়। উল্লেখ্য যে, শিলে এটা বাসগৃহ হেঁচি ধৰিছে। আনহাতে মহানগৰীৰ আন আন প্ৰান্ততো দেখা দিয়া ভূমিস্খলনে জনজীৱনলৈ ভয়াৱহতা কঢ়িয়াই আনিছে।
Also Read: আজি চৰাইদেউত উপস্থিত হ'ব ইউনেস্কৰ প্ৰতিনিধি