মহানগৰীত এফালে কোটি টকাৰ গাঞ্জা আনফালে লাখটকাৰ জালনোটসহ জব্দ প্রিণ্টিং মেচিন

মহানগৰীত এফালে কোটি টকাৰ গাঞ্জা আনফালে লাখটকাৰ জালনোটসহ জব্দ প্রিণ্টিং মেচিন
Published on
Updated on

ডিজিটেল ডেস্কঃ জালুকবাৰীৰ ভূপেন হাজৰিকা সমাধিস্থলৰ ওচৰত আৰক্ষীৰ অভিযান নকল নোট জব্দ কৰা হয়। নকল নোটসহ এজন লোককো আটক কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে, আটকাধীন লোকজন লখিমপুৰৰ মফিদুল ইছলাম । মফিদুলৰ পৰা নগদ ২,১৬,৫০০ টকাসহ এটা FICN প্রিণ্টিং মেচিন জব্দ কৰিছে আৰক্ষীয়ে।

ইপিনে নিশাই আন এক অভিযানত মহানগৰ আৰক্ষীয়ে জব্দ কৰিছে বুজন পৰিমাণৰ গাঞ্জা । ভাৰত পেট্ৰ’লিয়ামৰ ইন্ধন কঢ়িওৱা টেংকাৰৰ ভিতৰৰ পৰা জব্দ কৰা হয় গাঞ্জাখিনি। বশিষ্ঠ আৰু পল্টন বজাৰ আৰক্ষীৰ যৌথ অভিযানত গাঞ্জাখিনি জব্দ কৰা হয়। গাঞ্জাখিনিৰ মূল্য কোটি টকা হ'ব বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

জব্দাকৃত বাহনখনৰ নম্বৰৰ হৈছে এন এল-০১ এ এইছ-০৫০১। শিলচৰৰ পৰা বঙাইগাঁৱলৈ সৰবৰাহৰ সময়তে জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। আনহাতে গ্ৰেপ্তাৰ কৰা হয় টেংকাৰখনৰ চালক আৰু হেণ্ডিমেনকো।

মহানগৰীত এফালে কোটি টকাৰ গাঞ্জা আনফালে লাখটকাৰ জালনোটসহ জব্দ প্রিণ্টিং মেচিন
এছিয়াডৰ ৰূপ লৈ জন্মভূমিলৈ উভতিল লাভলীনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in