অহা ২৪ ঘণ্টালৈ অপৰিবৰ্তিত হৈ থাকিব বতৰঃ ঠায়ে ঠায়ে অৱশ্যে পৰিব প্ৰকৃতিৰ কৃপাদৃষ্টি...

গুৱাহাটীৰ আজিৰ তাপমান সৰ্বাধিক ৩৭.৮ ডিগ্ৰী চেলছিয়াছ
অহা ২৪ ঘণ্টালৈ অপৰিবৰ্তিত হৈ থাকিব বতৰঃ ঠায়ে ঠায়ে অৱশ্যে পৰিব প্ৰকৃতিৰ কৃপাদৃষ্টি...
অহা ২৪ ঘণ্টালৈ অপৰিবৰ্তিত হৈ থাকিব বতৰঃ ঠায়ে ঠায়ে অৱশ্যে পৰিব প্ৰকৃতিৰ কৃপাদৃষ্টি...
Published on
Updated on

ডিজিটেল ডেস্কঃ প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহে দহিছে ৰাজ্যবাসীক। আজি গুৱাহাটী মহানগৰীত তাপ প্ৰবাহে ৰেকৰ্ড সংখ্যক ৩৭.৮ ডিগ্ৰী চেলছিয়াছ স্পৰ্শ কৰিছে। এনে পৰিস্থিতিত স্বাভাৱিকতে জন জীৱন এক প্ৰকাৰে বিপৰ্যস্ত হৈ পৰিছে। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰ (IMD)ৰ তথ্য অনুসৰি জুলাই মাহৰ স্বাভাৱিক তাপমানতকৈ আজিৰ তাপমান আছিল ৪.৫ ডিগ্ৰী চেলছিয়াছ অধিক।

এইদৰে স্বাভাৱিক অৱস্থাতকৈ তাপমান ৪.৫ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বৃদ্ধি হোৱা বিষয়টোৱে স্বাভাৱকিতে চিন্তিত কৰি তুলিছে সৰ্বসাধাৰণক। তাৰ মাজতে আকৌ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যই আগন্তক ২৪ ঘণ্টালৈ গুৱাহাটীৰ বতৰৰ কোনো পৰিবৰ্তন হোৱাৰ সম্ভাৱনা নাই বুলিয়েই প্ৰকাশ কৰিছে। কেৱল ঠায়ে ঠায়ে বতৰ কিছু ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ অহা ২৪ ঘণ্টালৈ গুৱাহাটীবাসীয়ে প্ৰচণ্ড গৰমৰ মাজেৰেই পাৰ কৰিব লাগিব।

IMD ৰ তথ্য অনুসৰি ২৭ জুলাইতো গুৱাহাটীৰ লগতে অসমৰ তাপমান অপৰিৱৰ্তীত অৱস্থাত থাকিব। ২৭ জুলাইত গুৱাহাটীৰ বাদে অসমৰ আন আন জিলাসমূহত তাপমানে ৩৫ ডিগ্ৰী চেলছিয়াছতকৈ অধিক হ'ব। ঠায়ে ঠায়ে স্বাভাৱিক তাপ মানতকৈ ৩ ৰ পৰা ৪ ডিগ্ৰী বৃদ্ধি হৈ ৩৮ ৰ পৰা ৩৯ ডিগ্ৰী পৰ্যন্ত হোৱাৰ সম্ভাৱনা আছে।

মন কৰিবলগীয়া যে, বৃহস্পতিবাৰে লামডিঙত তাপমান সৰ্বাধিক ৩৯ ডিগ্ৰী চেলছিয়াছত উপনীত হৈছিল। সেইদৰে শিলচৰত ৩৮.৪ ডিগ্ৰী, ওদালগুৰিত ৩৮.০ ডিগ্ৰী,মঙ্গলদৈত ৩৭.৯ ডিগ্ৰী, আগমণিত ৩৭.৭ ডিগ্ৰী, গুৱাহাটী বিমান বন্দৰত ৩৫.৯ ডিগ্ৰী আৰু ডিব্ৰুগড়ত ৩৫.৭ ডিগ্ৰী চেলছিয়াছ তাপমান ৰেকৰ্ড হৈছিল।

গ্ৰীষ্ম প্ৰবাহৰ এনে ভয়াৱহ পৰিস্থিতিৰ মাজতে অৱশ্যে অসম আৰু চুবুৰীয়া ৰাজ্য কেইখনৰ কোনো কোনো অঞ্চলৰ বাসিন্দাই গৰমৰ প্ৰকোপৰ পৰা কিছু পৰিমাণ ৰক্ষা পাব। কিয়নো IMD য়ে, জাৰি কৰা বতৰৰ পূৰ্বানুমান অনুসৰি অহা দুদিনত অসমৰ উপৰিও অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰাৰ কেইবাটাও অঞ্চলত পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। অসম আৰু মেঘালয়ৰ কোনো কোনো স্থানত ব্ৰজপাত আৰু ধুমুহাৰো সতৰ্কবাণী জাৰি কৰা হৈছে। অসমৰ কেইবাটাও স্থানত বৰষুণ অহাৰ সম্ভাৱনা আছে।

অৱশ্যে অহা দুটা দিনলৈ অসমৰ কোনো এখন জিলাতে সতৰ্কতা জাৰি কৰা হোৱা নাই। IMD য়ে ২৮ জুলাইত অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বিভিন্ন স্থানত বজ্ৰপাত আৰু বৰষুণৰ পূৰ্বানুমান কৰিছে। ইয়াৰ পৰৱৰ্তী দিনত অৱশ্যে অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড আৰু মণিপুৰৰ বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

অহা ২৪ ঘণ্টাত গুৱাহাটীৰ কাষৰীয়া কোনো কোনো স্থানত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব যদিও গৰমৰ প্ৰকোপ হ্ৰাস হোৱাৰ কোনো সম্ভাৱনা নাই।

অহা ২৪ ঘণ্টালৈ অপৰিবৰ্তিত হৈ থাকিব বতৰঃ ঠায়ে ঠায়ে অৱশ্যে পৰিব প্ৰকৃতিৰ কৃপাদৃষ্টি...
সাংবাদিকক আৰক্ষীয়ে কৰা দুৰ্ব্যৱহাৰৰ বিৰুদ্ধে কাজিৰঙাত প্ৰতিবাদঃ ৩ দিনৰ ভিতৰত ব্যৱস্থা গ্ৰহণৰ দাবী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in