মহানগৰীত খিৰিকীৰ গ্ৰীল ভাঙি ডকাইতে চলালে লুটপাত

মহানগৰীত খিৰিকীৰ গ্ৰীল ভাঙি ডকাইতে চলালে লুটপাত

author-image
Asomiya Pratidin
New Update
মহানগৰীত  ভু-মাফিয়াই  ঘপিয়ালে পিতৃ,কন্যাক…

ডিজিটেল সংবাদ,গুৱাহাটীঃ মহানগৰীৰ দ্বাৰকা নগৰত চাঞ্চল্যকৰ ডকাইতি কাণ্ড।প্ৰান্তিক পথৰ হাউচ নম্বৰ ৫৩ ত নিশা প্ৰায় ২.৩০ বজাত দিপালী দাসৰ বাসগৃহত ৬ জনীয়া দুৰ্বৃত্তৰ দলে প্ৰৱেশ কৰে।

মুখত কাপোৰ বান্ধি খিৰিকীৰ গ্ৰীল ভাঙি প্ৰৱেশ কৰিছিল দলটো। ঘৰৰ ভিতৰত প্ৰৱেশ কৰিয়েই প্ৰথমে দিপালী দাসৰ পুত্ৰক হাত-ভৰি বান্ধে দলটোৱে। হাতত থকা চোকা অস্ত্ৰৰে হত্যাৰ ভাবুকি দিয়ে পৰিয়ালটোক।

লগতে ঘৰৰ সকলো সামগ্ৰী উলিয়াই দিবলৈ কয় দুৰ্বৃত্তৰ দলটোৱে। প্ৰাণৰ মমতাত ডিঙিত থকা সোণৰ চেইন-হাতৰ আঙঠি খুলি দিয়ে মাতৃ-পুত্ৰ-বোৱাৰীয়ে। আনকি নাতিয়েকৰ হাতত থকা কিনা আঙঠিও খুলি লৈ যায় দুৰ্বৃত্তৰ দলটোৱে।

প্ৰায় ৫ লাখ টকাৰ গহণা লৈ উঠাও হয় দুৰ্বৃত্তৰ দলটো। দিচপুৰ আৰক্ষীক খবৰ দিয়াৰ পিছত নিয়ম মাফিক তদন্ত কৰি উভতি যায় আৰক্ষীৰ দলটো।

Also Read: স্মাৰ্ট মিটাৰৰ আতিশয্য বন্ধ কৰাৰ দাবীত নগাঁও আছুৰ বিক্ষোভ সমদল

guwahati robbery