মহানগৰীত এছ টি এফৰ ড্ৰাগছ বিৰোধী অভিযানঃ ড্ৰাগছসহ আটক ৯ সৰবৰাহকাৰী

প্ৰতীকি ফটো
প্ৰতীকি ফটো
Published on
Updated on

ডিজিটেল ডেস্কঃ মহানগৰীত পুনৰ এছ টি এফৰ ড্ৰাগছ বিৰোধী অভিযান। এইবাৰ মহানগৰীৰ খানাপাৰাত অভিযান চলাই এছ টি এফে জব্দ কৰিছে বুজন পৰিমাণৰ ড্রাগছ। ড্রাগছৰ সমান্তৰালভাবে অভিযানকালত সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হয় এছ টি এফ বাহিনী।

উল্লেখ্য যে, এছ টি এফ বাহিনীয়ে ড্রাগছসহ আটক কৰে ৯জনকৈ সৰবৰাহকাৰীক। ধৃত সৰবৰাহকাৰী কেইজন হ'ল অৱতাৰ সিং, বিকাশ আলী, সুমন কলিতা, নয়ন তালুকদাৰ, সঞ্জয়, বিশ্ব, যুৱৰাজ, কল্যাণ আৰু শ্যামল পেগু। তেওঁলোকৰ পৰা অভিযানকাৰী বাহিনীটোৱে জব্দ কৰিছে ড্রাগছ ভৰ্তি ৩২টা কণ্টেইনাৰ।

প্ৰতীকি ফটো
প্ৰসংগ জম্মু-কাশ্মীৰঃ পাকিস্তানৰ বিৰুদ্ধে সক্ৰিয় মন্তব্য ভাৰতৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in