ঋণ লোৱাৰ ক্ষেত্রত ৰেকৰ্ড গঢ়িলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে : আপ নেত্ৰী পুনম গগৈ

ঋণ লোৱাৰ ক্ষেত্রত ৰেকৰ্ড গঢ়িলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে : আপ নেত্ৰী পুনম গগৈ

author-image
Asomiya Pratidin
New Update
ঋণ লোৱাৰ ক্ষেত্রত ৰেকৰ্ড গঢ়িলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে : আপ নেত্ৰী পুনম গগৈ

ডিজিটেল সংবাদ, গুৱাহাটী : "ঋণৰ ওপৰতে ঋণ লৈ ৰাজ্যখনক অৰ্থনৈতিকভাৱে নিশকতীয়া কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ! ৰাজ্যৰ বিৰোধী দল, অৰাজনৈতিক সংগঠন তথা বৌদ্ধিক মহলৰ সমালোচনাৰ পাছতো অব্যাহত আছে চৰকাৰখনৰ ঋণৰ ওপৰত ঋণ লোৱাৰ প্ৰক্ৰিয়া ।

যেন ঋণৰ ওপৰতে বৰ্তি আছে চৰকাৰখন । প্রতি মাহেই হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যোৱা ১৭ ছেপ্টেম্বৰত ৫০০ কোটি টকা আৰু ২৪ ছেপ্টেম্বৰত ২৫০ কোটি টকাৰ ঋণ লোৱাৰ পিছত পুনৰ আজি অৰ্থাৎ ১ অক্টোবৰ তাৰিখে ৭৫০ কোটি টকাৰ ঋণ লোৱাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ।

চৰকাৰে মাথোঁ হিতাধিকাৰী সৃষ্টিৰ জৰিয়তে ভোট বেংক সুৰক্ষিত কৰাৰ লক্ষ্যতেই এইদৰে ৰাজ্যবাসীৰ মূৰত বৃহৎ ঋণৰ বোজা জাপি দিছে। ইয়াৰ বাবদ ৰাজ্য চৰকাৰে বছৰি ৭ হাজাৰৰ পৰা ৮ হাজাৰ কোটি টকালৈ সুদ ভৰিব লগা হৈছে।- " মঙলবাৰে সংবাদমেল সম্বোধন কৰি এইদৰে কয় আপ নেত্ৰী পুনম গগৈয়ে।

সংবাদমেলত আপৰ নেত্ৰীগৰাকীয়ে কয়- " ৰাজ্য চৰকাৰে চলিত বিত্তীয় বৰ্ষৰ ৮ এপ্ৰিলত এহাজাৰ কোটি আৰু ৩০ এপ্ৰিলত এহাজাৰ কোটি টকাৰ ঋণ লৈছিল। তাৰ পিছত ২৮ মে'ত পুনৰ এহাজাৰ কোটি টকাৰ ঋণ লৈছিল । প্ৰতি মাহে এনেদৰে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ ফলত অসমৰ ঋণৰ বোজাই ১ লাখ ৫৫ হাজাৰ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে।

চৰকাৰৰ এই পৰিকল্পনা বিহীন অৰ্থনৈতিক নীতিয়ে ৰাজ্যবাসীক সংকটৰ মুখলৈ ঠেলি দিছে ।" শাসনাধিষ্ঠিত বিজেপি মিত্ৰজোঁট চৰকাৰে ঋণ লৈ চৰকাৰ চলোৱা নীতিৰ বিৰুদ্ধে সৰৱ আপৰ ৰাজ্যিক মুখপাত্ৰ পুনম গগৈৰ মতে," মাহে মাহে চৰকাৰখনে লোৱা ঋণৰ ধন কোনো উৎপাদনশীল কামত ব্যয় কৰা হোৱা নাই। মাথোঁ হিতাধিকাৰী সৃষ্টিৰ বাবে আঁচনিৰ নামতে চৰকাৰখনে ঋণৰ ধন ব্যয় কৰি আহিছে ।

এইদৰে হাজাৰ হাজাৰ কোটি টকা ঋণ লৈ আঁচনি ৰূপায়ন কৰাৰ নামত পুঁজিৰ ওপৰত লুণ্ঠন চলাইছে হাত দীঘল মহলে।" সংবাদমেলত পুনম গগৈয়ে অভিযোগ উত্থাপন কৰে, " বৰ্তমান ৰাজ্য চৰকাৰে ঋণ গ্ৰহণৰ ক্ষেত্ৰত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে। ২০০১ৰ পৰা ২০১৬ চনলৈকে শাসনত থকা প্ৰয়াত তৰুণ গগৈ চৰকাৰৰ আমোলত অসমৰ ঋণৰ পৰিমাণ আছিল মুঠ ৪১,৯৬৪ কোটি টকা ।

আনহাতে, ২০১৬ চনত শাসনভাৰ লোৱা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কাৰ্যকাল অৰ্থাৎ ২০১৬ চনৰ পৰা ২০২১ চনলৈ বিজেপি চৰকাৰে ঋণ লৈছিল ৬৬,০২০.৬৫ কোটি টকাৰ। সোণোৱাল চৰকাৰে বছৰি গড়ে ১৩,২০৪.১৩ কোটি টকাৰ ঋণ লৈছিল। কিন্তু মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই ঋণ লোৱাৰ ক্ষেত্ৰত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিলে ।

যাৰ ফলত এতিয়া প্ৰতি মাহেই ৰাজ্যবাসীৰ মূৰৰ ওপৰত থকা ঋণৰ বোজা অভাৱনীয়ভাৱে বৃদ্ধি পাবলৈ ধৰিছে । ২০২১ চনৰ পৰা ২০২৩ চনলৈকে দুটা বিত্তীয় বৰ্ষতে ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ঋণৰ পৰিমাণ হ'লগৈ ৪৩,০৫০.৫৭ কোটি টকা। বৰ্তমানৰ চৰকাৰে বছৰি গড়ে ২১,৫২৫.২৮৫ কোটি টকাৰ ঋণ লৈ ঋণত পোত যোৱা পূৰ্বৰ চৰকাৰৰ ৰেকৰ্ড ভংগ কৰে। "

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এনে অদূৰদৰ্শী নীতি সন্দৰ্ভত আপৰ নেত্ৰী পুনম গগৈয়ে প্ৰশ্ন কৰে এইবুলি- " মাহে মাহে হাজাৰ হাজাৰ কোটি টকা ধাৰ লোৱা চৰকাৰে ধাৰ পৰিশোধ কৰিব কেতিয়া? ঋণৰ ধন কোনো উৎপাদনমুখী আঁচনিত ব্যয় নকৰি মাথোঁ সংকীৰ্ণ ৰাজনৈতিক স্বাৰ্থত হিতাধিকাৰী সৃষ্টিৰ নামত ব্যয় কৰাৰ ফলতে বৰ্তমানলৈকে চৰকাৰে ঋণ পৰিশোধ কৰিব পৰা নাই।

ধাৰত পোত যোৱা চৰকাৰে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ তথা মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰতো ব্যৰ্থ হৈছে। আন্তঃগাঁথনি নিৰ্মানৰ নামতো বিজেপি চৰকাৰে বৃহৎ পৰিমাণৰ ঋণ লৈছে, কিন্তু তাৰ কিমান সদব্যৱহাৰ কৰিলে সেই তথ্য অৱগত কৰা নাই। এই কথা মনত ৰখা উচিত যে মাথোঁ চহৰে - নগৰে উৰণীয়া সেতু নিৰ্মাণ কৰা আৰু হিতাধিকাৰী সৃষ্টি কৰি উৎপাদনশীল কৰ্ম বাধাগ্ৰস্ত কৰাৰ জৰিয়তে ৰাজ্যৰ অৰ্থনৈতিক বিকাশ সম্ভৱ নহয়। "

আম আদমী পাৰ্টিৰ মুখপাত্ৰ পুনম গগৈয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এনে ধৃষ্টতা পৰিহাৰ কৰি ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত উৎপাদনমুখী আৰ্থিক নীতি গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনায়। দিল্লী আৰু পঞ্জাৱত আম আদমী পাৰ্টিৰ চৰকাৰে যিদৰে সকলো নাগৰিকৰ বাবেই চৰকাৰী উন্নয়নমূলক আঁচনি উপলব্ধ কৰিছে, সকলো স্তৰৰ নাগৰিকেই চৰকাৰী আঁচনিৰ দ্বাৰায় সমানে উপকৃত হৈছে তেনেদৰে অসমতো জনকল্যাণকামী আঁচনি গ্ৰহণ কৰিবলৈ আপৰ মুখপাত্ৰ গৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায়।

আনহাতে এন আৰ চি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্যৰ বিৰোধিতা কৰি সংবাদমেলত পুনম গগৈয়ে কয়, "নিজ ৰাজ্যৰ উন্নয়নত বিফল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডত গৈ সমগ্ৰ দেশৰ বাবেই এন আৰ চি ৰূপায়নৰ কথা কৈছে। অসমত ১৬০০ কোটি টকা ব্যয় কৰি এন আৰ চি প্ৰস্তুত কৰাৰ পিচতো চৰকাৰে কিয় কাৰ্যকৰী কৰিব পৰা নাই?"

সংবাদমেলত আপৰ ছাত্ৰ সংগঠন চি ৱাই এছ এছৰ আহ্বায়ক দিব্যজ্যোতি কুলীয়ে অলপতে গুৱাহাটী বিশ্ববিদ্যালয়ত সূত্ৰপাত হোৱা হিংসাত্মক ঘটনাৰ এক নিৰপেক্ষ তদন্তৰ দাবী কৰে। ছাত্ৰ নেতা গৰাকীয়ে কয়," বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত নিশা ২ বজালৈকে সুৰাৰ আড্ডা, মাৰপিট চলা ঘটনাই ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনৰ প্ৰশাসনিক ব্যৰ্থতা উদঙাই দিছে।

বৰ্তমান চৰকাৰৰ আমোলত শিক্ষানুষ্ঠানসমূহতো অবাধে সুৰাৰ প্ৰচলন হৈছে। আমি চি ৱাই এছ এছৰ ফালৰ পৰা এই ক্ষেত্ৰত কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছোঁ। " সংবাদমেলত আপ অসমৰ আন এগৰাকী নেত্ৰী মিতালী গগৈয়ো উপস্থিত থাকে ।

Also Read: কেবিনেটৰ সিদ্ধান্ত : অনাগত বিধানসভাৰ অধিৱেশনত দাখিল কৰা হ’ব বিপ্লৱ কুমাৰ শৰ্মা তদন্ত আয়োগৰ প্রতিবেদন

AAP Assam press conference