ফাঁচীবজাৰ অবৈধ সোণ, পল্টনবজাৰত লাখে লাখে টকা জব্দ...

ফাঁচীবজাৰ অবৈধ সোণ, পল্টনবজাৰত লাখে লাখে টকা জব্দ...
ফাঁচীবজাৰ অবৈধ সোণ, পল্টনবজাৰত লাখে লাখে টকা জব্দ...
Published on
Updated on

ডিজিটেল ডেস্কঃ আজি গুৱাহাটীত টকা আৰু সোণৰ বিস্কুটৰ ওজান উঠিছে। ক'ৰবাত যদি লাখে লাখে টকা জব্দ হৈছে আন ক'ৰবাত আকৌ সোণৰ বিস্কুট জব্দ হৈছে।

গুৱাহাটী মহানগৰীত ক্ৰাইম ব্ৰাঞ্চে আজি অভিযান চলাই বুজন পৰিমাণৰ সোণৰ বিস্কুট জব্দ কৰিছে। জব্দ কৰা এই সোণখিনিৰ বজাৰ মূল্য প্ৰায় ৩৬ লাখ টকা। ফাঁচীবজাৰৰ A.B.Z. Complex ৰ এখন বিপণীত দিবলৈ আনিছিল এই সোণখিনি।

জানিব পৰা মতে এই সোণখিনি এটা চোৰাং সোণ সৰবৰাহকাৰী দলে কঢ়িয়াই আনিছিল। এই দলটোত আছিল ৩ জন সদস্য। এই তিনিওজন অবৈধ সোণ সৰবৰাহকাৰী বহিঃৰাজ্যৰ।

বহিঃৰাজ্যৰ পৰা তেওঁলোকে এইদৰে অবৈধভাৱে ৫ খন সোণৰ বিস্কুট কঢ়িয়াই আনিছিল আৰু ফাঁচীবজাৰত বিক্ৰী কৰাৰ প্ৰচেষ্টা চলাইছিল। এই চক্ৰটোৰ সৈতে জড়িত হৈ আছে ফাঁচী বজাৰৰ একাংশ সোণাৰী। এই সোণাৰীসকলে চোৰাং সোণক গহণালৈ ৰূপান্তৰ কৰে আৰু তাক বৈধ ভাৱে বিক্ৰী কৰে।

আনহাতে জি আৰ পিৰ অভিযানত পল্টনবজাৰ ৰে'লৱে ষ্টেচনত আজি জব্দ হয় ৫০ লাখ ৫০ হাজাৰ টকা। ৰাজধানী ৰে'লৰ জৰিয়তে এই ধনখিনি সৰবৰাহৰ চেষ্টা চলাইছিল।

জি আৰ পিৰ অ' চি প্ৰসেনজিৎ দাসৰ নেতৃত্বত চলা এক অভিযানত এই বিশাল পৰিমাণৰ ধনখিনি জব্দ হয়। এই ধনখিনি সৰবৰাহৰ চেষ্টা চলোৱা দুজন লোকক আটক কৰিছে। এই দুয়ো ব্যক্তিকে এই ধনখিনিৰ সম্পৰ্কত জেৰা অব্যাহত ৰাখিছে। সন্দেহ অনুসৰি এই ধনখিনিৰ উৎস কোনো ছিণ্ডিকেটৰ।

ফাঁচীবজাৰ অবৈধ সোণ, পল্টনবজাৰত লাখে লাখে টকা জব্দ...
উচ্ছেদিত মহিলাৰ ৰোষত পৰি পলাবলৈ বাধ্য হ'ল অশোক সিংহাল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in