প্ৰচণ্ড বিজুলী, ঢেৰেকনিৰে আহি আছে দোপালপিতা বৰষুণ...

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে জাননী
প্ৰচণ্ড বিজুলী, ঢেৰেকনিৰে আহি আছে দোপালপিতা বৰষুণ...
প্ৰচণ্ড বিজুলী, ঢেৰেকনিৰে আহি আছে দোপালপিতা বৰষুণ...
Published on
Updated on

ডিজিটেল ডেস্কঃ প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহত জ্বলিছে ৰাজ্য। চৌদিশে গৰমৰ প্ৰকোপত দিশহাৰা হৈছে জনতা। লৰচৰ কৰা নাই গছৰ এখিলা পাত। কেইদিন মানৰ আগলৈকে সেউজীয়া হৈ থকা পথাৰবোৰত এতিয়া চাবলৈ নোৱোৰা এক অৱস্থা। জ্বলি যোৱাৰ দৰে হৈছে পথাৰবোৰ।

পুৱা সূৰ্যোদয়ৰ পৰা ৰ’দে খাও খাও কৰা এক পৰিবেশ। আহিন মহীয়া এনে গৰমৰ প্ৰকোপত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ জনতাই ত্ৰাহি মধুসূদন সোঁৱৰাৰ সময়তে গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক ৫ দিনৰ বাবে জাৰি কৰিছে বতৰৰ আগলি বতৰা।

এই আগলি বতৰাই শুকান মাটিত ছটফটাই থকা জীয়া মাছৰ দৰে অৱস্থা হোৱা মানুহখিনিৰ বাবে কঢ়িয়াই আনিছে হেঁপাহৰ সেই খবৰ। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে আহি আছে বৰষুণ।

প্ৰচণ্ড বিজুলী, ঢেৰেকনিৰে প্ৰচুৰ বৰষুণ আহিব ৰাজ্যৰ কেইবাখনো জিলাত। বতৰৰ আগ জাননী অনুসৰিয়েই কেইবাখনো জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে য়েল্ল’ আৰু অৰেঞ্জ এলাৰ্ট।

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ২৩ ছেপ্টেম্বৰ, সোমবাৰে ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত য়েল্ল’ এলাৰ্ট জাৰি কৰা হৈছে। এই জিলা কেইখনত বিজুলী, ঢেৰেকণীৰে প্ৰচণ্ড বৰষুণ অহাৰ সম্ভাৱনা আছে।

২৪ ছেপ্টেম্বৰ মঙ্গলবাৰেও ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং, বৰপেটা, বঙাইগাওঁ, বজালী, নলবাৰী, কামৰূপ (গ্ৰাম্য), শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ডিমা হাচাও আৰু কাছাৰ জিলাত জাৰি কৰা হৈছে য়েল্ল এলাৰ্ট।

২৫ ছেপ্টেম্বৰ, বুধবাৰে ধুবুৰী, কোকৰাঝাৰ, বঙাইগাওঁ, কামৰূপ (গ্ৰাম্য), পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, মাজুলী, শিৱসাগৰ, চৰাইদেও, ডিমা হাচাও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত জাৰি কৰা হৈছে য়েল্ল’ এলাৰ্ট। তাৰোপৰি গোৱালপাৰা, বৰপেটা আৰু নলবাৰী জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। এই তিনিওখন জিলাৰ ঠায়ে ঠায়ে প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

২৬ ছেপ্টেম্বৰ, বৃহস্পতিবাৰে ধুবুৰী, গোৱালপাৰা, চিৰাং, বৰপেটা, বঙাইগাওঁ, বজালী, নলবাৰী, কামৰূপ (গ্ৰাম্য), কামৰূপ(মহানগৰ),দৰং, মৰিগাওঁ, নগাওঁ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, যোৰহাট, মাজুলী, শিৱসাগৰত জাৰি কৰা হৈছে য়েল্ল’ এলাৰ্ট। কোকৰাঝাৰত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট।

২৭ ছেপ্টেম্বৰ, শুকুৰবাৰে কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত জাৰি কৰা হৈছে য়েল্ল’ এলাৰ্ট।

প্ৰচণ্ড বিজুলী, ঢেৰেকনিৰে আহি আছে দোপালপিতা বৰষুণ...
আমেৰিকাত মোডীৰ সভাত বিহু প্ৰদৰ্শন প্ৰৱাসী অসমীয়াৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in