ডিজিটেল সংবাদ,গুৱাহাটী : বাক্সা জিলাৰ বৰমাৰ এগৰাকী শিক্ষক সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । ১৯৯৫ চনৰ পৰাই শিক্ষকতা কৰি আহিছে এগৰাকী শিক্ষকে ।
বৰ্তমান বাক্সা জিলাৰ টিহু-বৰমা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত আলাগজাৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ দ্বায়িত্ব গ্ৰহণ কৰি আছে খ্ৰৌমসাৰ বসুমতাৰীয়ে । তেওঁ শিক্ষাদানৰ উপৰিও সাহিত্য চৰ্চা কৰে।
তেওঁ বৰ্তমানলৈকে ৭খনৰো অধিক বড়ো ভাষাৰ পুথি লিখি প্ৰকাশ কৰাৰ লগতে বড়ো বাতৰি কাকত বড়োসা, হায়েননি ৰাদাব,সানসেয়াৰী বড়োলেণ্ড ইংখং,অসমীয়া খবৰ আৰু অসমীয়া প্ৰতিদিন কাকতত লিখা-মেলা কৰে ।
উল্লেখ্য যে তেওঁ ২০০৩ চনত অসম চৰকাৰৰ পৰা সাহিত্য বঁটাৰে সন্মানিত কৰা হৈছিল। এই বৰ্ষত জয়পুৰৰ Hypedge Media and Promotions Pvt. Ltd ই খ্ৰৌমসাৰ বসুমতীক "ইণ্ডিয়ান ইডুকেছন এৱাৰ্ড, ২০২৩" বঁটাৰ বাবে ঘোষণা কৰে । তেওঁ বড়ো লোক সাহিত্যৰ ওজা সুকুমাৰ বসুমতাৰী আৰু শিক্ষয়িত্ৰী প্ৰয়াত ৰেণু বসুমতাৰীৰ দ্বিতীয় পুত্ৰ।
তেওঁৰ স্ত্ৰী অনিতা ব্ৰহ্মই বৰমাৰ চেন্ট জনচ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষয়িত্ৰীৰ কাম কৰি আছে। তেওঁৰ এনেহেন বঁটা লাভ কৰাত বড়ো জনগোষ্ঠীৰ লগতে বিটিআৰ অঞ্চলত দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।
Also Read: বিশাল ব্যৱধানত জয়ী কেংগাৰু বাহিনী : মেক্সৱেললৈ ‘প্লেয়াৰ অৱ দা মেচ’ৰ সন্মান