আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীৰ 'উদ্ভাৱণ উৎসৱ': দীননাথ পাণ্ডে স্মাৰ্ট আইডিয়া ইন'ভেছন বঁটা ২০২৩ প্ৰদান...

আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীৰ 'উদ্ভাৱণ উৎসৱ': দীননাথ পাণ্ডে স্মাৰ্ট আইডিয়া ইন'ভেছন বঁটা ২০২৩ প্ৰদান...

author-image
Asomiya Pratidin
New Update
আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীৰ 'উদ্ভাৱণ উৎসৱ': দীননাথ পাণ্ডে স্মাৰ্ট আইডিয়া ইন'ভেছন বঁটা ২০২৩ প্ৰদান...

আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীৰ 'উদ্ভাৱণ উৎসৱ': দীননাথ পাণ্ডে স্মাৰ্ট আইডিয়া ইন'ভেছন বঁটা ২০২৩ প্ৰদান...

ডিজিটেল সংবাদ গুৱাহাটীঃ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ , গুৱহাটীৰ উদ্যোগত ১১ আৰু ১২ ফেব্ৰুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত হয় 'উদ্ভাৱণ উৎসৱ'। এই উদ্ভাৱণ উৎসৱ কাৰ্যসূচীৰ পাছতে আগবঢ়োৱা হয় 'দীননাথ পাণ্ডে স্মাৰ্ট আইডিয়া ইন'ভেছন বঁটা ২০২৩'।

এইবাৰ এই বঁটা আগবঢ়োৱা হয় মেঘালয়ৰ গৌতম গুৰুমলৈ। গৌতম গুৰুমে নিজস্ব উদ্ভাৱণী সঁজুলিৰ দ্বাৰা ৰাজ্যৰ লগতে সমগ্ৰ দেশৰ যান-বাহন আৰোহী তথা প্ৰশাসনৰ বাবে এক আশাৰ সঞ্চাৰ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

গৌতম গুৰঙে কোভিড মহামাৰীক মোকাবিলা কৰিবলৈ স্বয়ংক্ৰীয় চেনিতাইজ ব্যৱস্থা সংম্বলিত বাহন তৈয়াৰ কৰি প্ৰদৰ্শন কৰিছিল। গুৰুঙে বিগত কোভিড মহামাৰীৰ সময়ত গাড়ী চালক ৰূপে নিজৰ জীৱিকা নিৰ্বাহৰ বাবে যঠেষ্ট সমস্যাৰ মুখামুখি হৈ নিজৰ আৰু দহৰ সুৰক্ষাৰ বাবে এই প্ৰকল্প উদ্ভাৱন কৰে আৰু ইয়াক বাস্তবায়িত কৰে। এই সঁজুলি বিধৰ মূল্য মাত্ৰ দুই পৰা তিনি হেজাৰ টকা মাত্ৰ।

উল্লেখ্যে যে পশ্চিমবংগ আৰু ছিকিমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ মুঠ ৩২ টা উদ্ভাৱণী প্ৰকল্পত প্ৰদৰ্শিত কৰা হৈছিল। যাৰ মাজৰ পৰা গৌতম গুৰুমৰ প্ৰকল্প শ্ৰেষ্ঠ হিচাপে প্ৰদৰ্শিত হয়।

প্ৰয়াত দীননাথ পাণ্ডে আছিল ৰাজ্যখনৰ এগৰাকী প্ৰসিদ্ধ বিজ্ঞান কৰ্মী আৰু উদ্ভাৱক । তেওঁ উদ্ভাৱণ কৰা বিভিন্ন কাৰিকৰী যন্ত্ৰণ ভাৰতক ক্ৰম বিকশিত হোৱাৰ সহায় কৰিছে। আঞ্চলিক বিজ্ঞান কেন্দ্ৰ আৰু বিজ্ঞান মহলে তেওঁক প্ৰতিবছৰে স্মৰণ কৰি আহিছে আৰু সমাজ পৰিৱৰ্তনৰ হকে উন্নত উদ্ভাৱন কৰা নতুন উদ্ভাৱকক তেওঁৰ নামত বঁটা প্ৰদান কৰি আহিছে।

এইবাৰৰ অনুষ্ঠানত এই বিশেষ বঁটা প্ৰদান অনুষ্ঠানত অসম চৰকাৰ গ্ৰামীন জীৱিকা অভিযানৰ মিছ্ন সঞ্চালক কৃষ্ণা বৰুৱা, হাইদাৰবাদৰ বিশিষ্ট সাংবাদিক বুধিজীৱী সুধাকৰ ৰাও, বিজ্ঞান কেন্দ্ৰ গুবাহাটীৰ প্ৰকল্প সমন্বয়ক সুজ্য় মজুমদাৰ, ৰাষ্ট্ৰীয় উদ্বভাৱনী প্ৰতিস্থানৰ বিজ্ঞানী ড৹ ৰাজীৱ মিলি উপস্থিত থাকে ।

Also Read: 'অসমৰ মিঞা মানুহখিনি ৰাজনৈতিক ভাৱে জধামুৰ্খ ! অসমত বিদেশী নাই বুলি চৰকাৰেও জানে'

আঞ্চলিক বিজ্ঞান কেন্দ্ৰ উদ্ভাৱণ উৎসৱ