USTM মিছন হেল্থকেয়াৰ সন্দৰ্ভত উত্তৰ-পূবৰ বিশিষ্ট চিকিৎসকৰ আলোচনা সম্পন্ন

USTM মিছন হেল্থকেয়াৰ সন্দৰ্ভত উত্তৰ-পূবৰ বিশিষ্ট চিকিৎসকৰ আলোচনা সম্পন্ন
USTM মিছন হেল্থকেয়াৰ সন্দৰ্ভত উত্তৰ-পূবৰ বিশিষ্ট চিকিৎসকৰ আলোচনা সম্পন্ন
Published on
Updated on

ডিজিটেল ডেস্কঃ ইউ এছ টি এম আৰু ই আৰ ডি ফাউণ্ডেশ্যন গুৱাহাটীৰ উদ্যোগত আৰম্ভ হ'বলগীয়া পি এ চাংমা আন্তঃৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাটাল (পি আই এম চি এইচ)ৰ বাবে বিষয়সমূহ বুজ ল'বলৈ আৰু অৰ্থপূৰ্ণ পৰামৰ্শ আগবঢ়াবলৈ আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় মেঘালয় (ইউ এছ টি এম)ত প্ৰায় ১০০ গৰাকী বিশিষ্ট আৰু প্ৰগতিশীল চিকিৎসকে এক আলোচনা চক্ৰত অংশগ্ৰহণ কৰে। ইউ এছ টি এমে আয়োজন কৰা এই চিকিৎসক সন্মিলনত বিশিষ্ট নেফ্ৰ'ল'জিষ্ট পদ্মশ্ৰী ডাঃ সৰ্বেশ্বৰ চহৰীয়া আৰু এইমছৰ প্ৰাক্তন সঞ্চালক ডাঃ আৰ চি ডেকাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

অধ্যাপক জি ডি শৰ্মাৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা এই অধিৱেশনত চিকিৎসক সমাজৰ মতামত আৰু পৰামৰ্শই প্ৰকৃতাৰ্থত চিন্তাক কৰ্মত পৰিণত কৰাত সহায়ক হ'ব বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে, এবছৰ পূৰ্বে ইউ এছ টি এমত চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন কৰাৰ পাছত বিশিষ্ট চিকিৎসকসকলৰ সৈতে আলোচনা-বিলোচনাৰ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছিল।

সভাত অংশগ্ৰহণ কৰাসকলক উদ্দেশ্যি ডo সৰ্বেশ্বৰ চহৰীয়াই কয় যে, অঞ্চলটোত প্ৰতিভাৰ অভাৱ নাই আৰু যদি ইয়াত এখন অত্যাধুনিক ব্যক্তিগত চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হয়, চিকিৎসা শিক্ষাৰ বাবে উত্তৰ-পূবৰ পৰা দেশৰ অন্য প্ৰান্তলৈ বা বিদেশলৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ প্ৰৱাহ বহু পৰিমাণে কমি যাব। এই ঠাইৰ অৱস্থিতি আৰু জলবায়ু অতি ভাল আৰু মই নিশ্চিত যে ই দেশৰ এই অংশত স্বাস্থ্য সেৱা খণ্ডৰ বাবে এক বৃহৎ অৰিহণা হ'ব। আনকি উন্নত চিকিৎসাৰ বাবে অঞ্চলটোৰ বাহিৰলৈ যোৱা লোকৰ সংখ্যাও সীমিত হ'ব পাৰে।

নিজৰ ভাষণত ডাঃ আৰ চি ডেকাই কয় যে, গবেষণা হ'ল স্বাস্থ্যসেৱা প্ৰতিষ্ঠানসমূহৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ। এল'পেথি, আয়ুৰ্বেদিক আৰু স্বাস্থ্যসেৱাৰ অন্যান্য ক্ষেত্ৰসমূহত ইউ এছ টি এমৰ পদক্ষেপে চিকিৎসা গৱেষণা আৰু বিকাশৰ ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াব ।

উপস্থিত চিকিৎসকসকলক উদ্দেশ্যিইউ এছ টি এমৰ প্ৰতিষ্ঠাপক আচাৰ্য মাহবুবুল হকে কয় যে, ইউ এছ টি এমৰ আগন্তুক বৃহৎ প্ৰকল্প পি এ চাংমা ইণ্টাৰনেশ্যনেল মেডিকেল কলেজ এণ্ড হাস্পতালৰ বাবে আমি দূৰদৃষ্টিসম্পন্ন চিকিৎসকৰ সন্ধানত আছো। যিসকলে আমাৰ এই মিছনত আমাক সহযোগ কৰিব ।

তেওঁ কয় যে, বৰ্তমান চিকিৎসালয়খনৰ নিৰ্মাণৰ কাম পূৰ্ণ গতিত চলি আছে। ২০২৪ চনৰ শেষৰফালে ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে আৰু চলিত বৰ্ষৰ শেষৰফালে ইয়াৰ কাম-কাজ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পাছতে অতি শীঘ্ৰে চিকিৎসা মহাবিদ্যালয়খন স্থাপন কৰা হ'ব।

এই আলোচনা চক্ৰত উপস্থিত থকা চিকিৎসক সমাজে এই প্ৰকল্প সন্দৰ্ভত মূল্যবান পৰামৰ্শ আগবঢ়ায় আৰু এই মহান স্বাস্থ্য সেৱা অভিযানৰ সৈতে জড়িত হ'বলৈ উচ্চ আগ্ৰহ প্ৰকাশ কৰে। ইউ এছ টি এমৰ এই স্বাস্থ্য সেৱাৰ পদক্ষেপক সকলো চিকিৎসকে ভূয়সী প্ৰশংসা কৰে।

প্ৰস্তাৱিত ১১০০ বিছনাযুক্ত চিকিৎসালয়খনৰ উপৰিও পি এম চি এইচৰ অন্যতম বৈশিষ্ট্য হ'ল ৩৫০ খন বিছনাযুক্ত ছুপাৰ স্পেচিয়েলিটি শাখা। য'ত অত্যাধুনিক গৱেষণাৰ সৈতে সকলো ধৰণৰ প্ৰযুক্তিগত সুবিধা উপলব্ধ হ'ব। ইয়াৰ মিছন অনুসৰণ কৰি এই চিকিৎসালয়খন সকলো দুখীয়া ৰোগীৰ বাবে সম্পূৰ্ণ বিনামূলীয়া কৰা হ'ব। ২০২২ চনৰ ৩ অক্টোবৰত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল।

USTM মিছন হেল্থকেয়াৰ সন্দৰ্ভত উত্তৰ-পূবৰ বিশিষ্ট চিকিৎসকৰ আলোচনা সম্পন্ন
বাঘৰ আতংকত জাৰি কৰা ১৪৪ ধাৰা ভংগ কৰিলে নগাওঁ জিলা আয়ুক্তই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in