ডিজিটেল সংবাদ পলাশবাৰীঃ দক্ষিণ কামৰূপৰ মিৰ্জাত "প্ৰতিবন্ধী দিব্যাংগ সন্থা"ৰ উদ্যোগত দেওবাৰে আন্তজাৰ্তিক দিব্যাংগ দিৱস পালন কৰা হয় । এই বিশ্ব দিব্যাংগ দিৱসৰ লগত সংগতি ৰাখি বিশিষ্ট কবি তথা অৱসৰপ্ৰাপ্ত অধ্যাপক জগেশ চন্দ্ৰ কলিতাৰ পৌৰহিত্যত এখন মুকলি সভা অনুষ্ঠিত কৰা হয় ।
মুকলি সভাত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি প্ৰধান শিক্ষক অনিল কলিতাই ভাষণ প্ৰদান কৰি দিব্যাংগসকলৰ বাবে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি এইসকলক স্বাবলম্বলৰ পথ মুকলি কৰি দিয়াৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায় ।
সাংবাদিকদ্বয় বিশ্বজিৎ কলিতা, নীৰেন চন্দ্ৰ মালী, সমাজকৰ্মী চন্দ্ৰধৰ কলিতা আৰু নিবন্ধকাৰ তথা কবি প্ৰসেনজিৎ কলিতাই দিব্যাংগ সকলৰ কল্যাণৰ হকে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিসমূহৰ ওপৰত বিস্তৃতভাবে আলোকপাত কৰে।
ইয়াৰ আগেয়ে পুৱা ৯ বজাত প্ৰতিবন্ধী কল্যাণ সন্থাৰ সভাপতি ধনেশ্বৰ কলিতাই পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।
Also Read: কংগ্ৰেছে এলাগী কৰা নেতা হ'ব মিজোৰামৰ মুখ্যমন্ত্ৰী...