হাজোত আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস পালনৰ ব্যাপক আয়োজন

অগ্ৰণী খবৰ
অগ্ৰণী খবৰ
Published on
Updated on

ডিজিটেল সংবাদ,গুৱাহাটী : ৰাষ্ট্ৰসংঘৰ স্বীকৃত 'আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস'। এই দিৱসটি অসম চৰকাৰৰ জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ,সামাজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয় অসমৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে হাজোত বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰাৰ বাবে আয়োজন কৰা হৈছে।

এই সন্দৰ্ভত জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ বেলতলা শাখা বি‌ষ‌য়া এম হুছেইনে জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰধান সম্পাদকলৈ এক চিঠি পঠিয়াইছে। চিঠিত উল্লেখ কৰা মতে অহা ১ অক্টোবৰত হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষ্ণুৰাম মেধি প্ৰেক্ষাগৃহত আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস পালন কৰা হ'ব।

লগতে উল্লেখ কৰে যে, আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস পালনৰ কাৰ্যসূচী হিচাপে উক্ত স্থানত পুৱা পতাকা উত্তোলন কৰিব জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যকৰী সভাপতি বানেশ্বৰ খাউন্দ আৰু প্ৰধান সম্পাদক প্ৰসন্ন কুমাৰ বৰঠাকুৰে। স্থানীয় জ্যেষ্ঠ নাগৰিক সন্মিলন ৰামদিয়া শাখাৰ সাংস্কৃতিক কৰ্মীসকলে ৰাজ্যিক সন্মিলনৰ শীৰ্ষগীতটো পৰিবেশন কৰিব।

ইয়াৰ পিছতে আমন্ত্ৰিত অতিথিসকলে মঞ্চত আসন গ্ৰহণ কৰিব। বন্তি প্ৰজ্বলন,অসম সংগীত পৰিৱেশনৰ পিছত অতিথিসকলক সম্বৰ্ধনা জনোৱা হ'ব বুলি জানিবলৈ দিয়ে। জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ, অসমৰ অধ্যক্ষ ড০ প্ৰদীপ ঠাকুৰীয়াই আদৰণি ভাষণ প্ৰদান কৰিব।

ইয়াৰ পিছত স্থানীয় শিল্পীসকলে সমবেত সংগীত পৰিৱেশন কৰিব। জ্যেষ্ঠ নাগৰিক দিৱসৰ বিষ‌য়ত স্থানীয় বিধা‌য়িকা সুমন হৰিপ্ৰিয়াই ভাষণ দিয়াৰ অন্তত সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ সঞ্চালক কিশোৰ ঠাকুৰীয়াই সংগীত পৰিবেশন কৰিব।

উক্ত কাৰ্য্যসূচীৰ পিছতে জনপ্ৰিয় অভিনেতা ব্ৰজেন বৰাই কলাত্মক অভিনয় প্ৰদৰ্শন কৰিব। এই অনুষ্ঠানৰ পিছত জ্যেষ্ঠ নাগৰিক সন্মিলন অসমৰ কাৰ্যকৰী সভাপতি বানেশ্বৰ খাউন্দে গীত পৰিৱেশন কৰিব।

আনহাতে উক্ত অনুষ্ঠানত বৰগীত পৰিৱেশন কৰিব ৰামদিয়া শাখা সন্মিলনৰ জ্যেষ্ঠ নাগৰিক সুনিল কুমাৰ চৌধুৰীয়ে। সভাত উপস্থিত থাকিব মন্ত্ৰী পীযুষ হাজৰিকা, কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতা আদি।

উক্ত সভাতে অসমৰ জাতীয় জীৱনলৈ অৰিহণা যোগোৱা ৫ গৰাকী জ্যেষ্ঠ নাগৰিকক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হ'ব বুলি জানিবলৈ দিয়ে। জ্যেষ্ঠ নাগৰিক সন্মিলন অসমৰ প্ৰেছ আৰু জনসম্পৰ্ক সম্পাদক ৰমনী বৰ্মনে কয় যে, অনুষ্ঠানত বেলতলা শাখা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ জ্যেষ্ঠ নাগৰিক ৰোহিনী কুমাৰ বৰুৱায়ো উক্ত গীত পৰিৱেশন কৰিব।

অগ্ৰণী খবৰ
কচুৱাৰ পুঠিমাৰী হাইস্কুলৰ প্ৰধান শিক্ষকক ঘেৰাও

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in