কথাৰহে মন্ত্ৰী অশোক সিংহালঃ দুৰ্নীতিৰ দস্তাবেজ উন্মোচনৰ পাছতো সাহস নাই ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ...

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আওঁৰালে নীতি বচন
কথাৰহে মন্ত্ৰী অশোক সিংহালঃ দুৰ্নীতিৰ দস্তাবেজ উন্মোচনৰ পাছতো সাহস নাই ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ...
কথাৰহে মন্ত্ৰী অশোক সিংহালঃ দুৰ্নীতিৰ দস্তাবেজ উন্মোচনৰ পাছতো সাহস নাই ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ শিৱসাগৰত সংঘটিত হোৱা ১৯ কোটি টকীয়া ছ'লাৰ আৰু ইলেক্টিকেল পাৱাৰ টিউব ৱেল স্কিমৰ দুৰ্নীতি সন্দৰ্ভত অৱশেষত মুখ খুলিল প্ৰতাপী মন্ত্ৰী অশোক সিংহালে। জলসিঞ্চন বিভাগৰ শিৱসাগৰ জিলাৰ থাওৰা সংমণ্ডলত সংঘটিত হোৱা এই দুৰ্নীতি সন্দৰ্ভত আজি সাংবাদিকে কৰা প্ৰশ্নত চূড়ান্ত দায়সৰা মন্তব্য দিলে মন্ত্ৰীগৰাকীয়ে।

ধাৰাবাহিকভাৱে ১৯ কোটি টকীয়া এই কেলেংকাৰীৰ বাতৰি প্ৰচাৰ হৈ থকাৰ পাছতো আজি পৰ্যন্ত দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ বিৰুদ্ধে কোনো ব্যৱস্থাই গ্ৰহণ কৰিবলৈ সাহস নকৰা অশোক সিংহালে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কেৱল ক'লে- ''বিভাগত নিৰ্দেশ দিয়া হৈছে। যদি কোনোবাই দুৰ্নীতি কৰিছে কোনো সাৰি যাব নোৱাৰে। মোৰ লগততো কোনো সম্পৰ্ক নাই।''

সততে নীতি বচন আওঁৰাই থকা মন্ত্ৰী অশোক সিংহালে তেওঁৰ বিভাগত কোনোবাই দুৰ্নীতি কৰিলে সাৰি যাব নোৱাৰিব বুলিও ক'লেও অৱশ্যে এয়া যে তেওঁৰ ভীমৰ বচনৰ বাহিৰে আন একো নহয় সেয়া ১৯ কোটি টকীয়া এই কেলেংকাৰীৰ ক্ষেত্ৰত দেখুওৱা উদাসীনতাই প্ৰমাণ কৰে। উল্লেখযোগ্যে যে, জলসিঞ্চন বিভাগৰ থাওৰা সংমণ্ডলত ''হৰ খেত কৌ পানী'' শীৰ্ষক আঁচনিৰ অধীনত সৌৰ শক্তি চালিত নলী, নাদ লগাবলৈ মুঠ ১৯,৫৯,০১,৯৫৪ টকাৰ ঠিকা আৱণ্টন দিছিল আগ্ৰাৰ ৰবি লাভানীয়াৰ M/S Environment Techno (JV) আৰু ৰফিজুল হকৰ যৌথ প্ৰতিষ্ঠানক।

এই যৌথ প্ৰতিষ্ঠানটোক আঁচনিৰ ঠিকা আৱণ্টন দিয়াৰ নামত জলসিঞ্চন বিভাগে দিছিল এক চৰ্ত। সেই চৰ্ত আছিল আঁচনিৰ মুঠ ধনৰ ৫ শতাংশ বেংক গেৰাণ্টি বাধ্যতামূলক। সেই অনুসৰিয়েই M/S Environment Techno য়ে আগ্ৰাস্থিত অভাৰছিজ বেংকৰ জল সংস্থান শাখাত আঁচনিৰ মুঠ ধনৰ ৫ শতাংশ অৰ্থাৎ ৭৫,৯৫,১০০ টকাৰ বেংক গেৰাণ্টি দিছিল যদিও প্ৰকৃততে আছিল সেয়া এক ভুৱা বেংক গেৰাণ্টি।

২০২০ চনৰ ৬ জানুৱাৰীত দাখিল কৰা এই ভুৱা বেংক গেৰাণ্টি প্ৰমাণ পত্ৰখনৰ নম্বৰ ২২৬৮/বিজি/০৮২। অভিযোগ অনুসৰি এই সমগ্ৰ দুৰ্নীতিৰ নেতৃত্ব লৈছে জলসিঞ্চন বিভাগৰ থাওৰা সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা সুনীল গগৈয়ে। তেওঁক সহযোগ কৰিছিল এছ ডি অ’ ডিম্বেশ্বৰ প্ৰকাশ চেতিয়া, হিৰণ্য দুৱৰাৰ লগতে গুৱাহাটীৰ চানমাৰিস্থিত জলসিঞ্চন বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ৰ একাংশ বিষয়াই।

এই সমগ্ৰ কেলেংকাৰীৰ বিষয়ে অৱগত খোদ মন্ত্ৰী অশোক সিংহাল। দীৰ্ঘদিন ধৰি এই আঁচনিত সংঘটিত হোৱা অভিযোগৰ প্ৰতিলিপি পৰি আছে বিভাগৰ মুখ্য কাৰ্যালয়ৰ লগতে মন্ত্ৰী অশোক সিংহালৰ টেবুলত। তাৰ পাছতো ইমান দিনে মৌন হৈ আছে বহু বল্কী মন্ত্ৰী অশোক সিংহাল।

এই সন্দৰ্ভত এটা এটাকৈ তথ্য সহকাৰে বাতৰি প্ৰকাশৰ পাছতো এই পৰ্যন্ত গ্ৰহণ কৰা নাই দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা। ইফালে এই আঁচনি লাভ কৰাৰ পাছত দুৰ্নীতিৰ ধন নোপোৱাত ঠিকাদাৰ ৰফিজুল হকে ৰবি লাভানীয়াৰ বিৰুদ্ধে ২০২৩ ৰ ২৯ ডিচেম্বৰতে দিছপুৰ আৰক্ষী থানাত এফ আই আৰ দাখিল কৰিছিল।

সৌৰ শক্তি চালিত নলী, নাদ আঁচনি (vide work order No DDMI/T/281/2019/33-A dated 13.01.2020) ৰ বিৰুদ্ধে দাখিল কৰা এই এফ আই আৰত স্পষ্টকৈ দুৰ্নীতিৰ কথা উল্লেখ কৰাৰ লগতে ভুৱা বেংক গেৰাণ্টি দিয়াৰ কথাও উল্লেখ কৰা হৈছিল। তাৰ পাছতো আজি পৰ্যন্ত মন্ত্ৰী অশোক সিংহালৰ বিভাগে এই দুই ঠিকাদাৰৰ বিৰুদ্ধে ল'ব পৰা নাই কোনো ব্য়ৱস্থা।

বৰঞ্চ দুৰ্নীতি কৰি কোনো সাৰি যাব নোৱাৰিব ধৰণৰ চিৰাচৰিত বাণী আওঁৰায়েই দায়িত্ব সামৰিছে উৰি ফুৰি ভাল পোৱা মন্ত্ৰী অশোক সিংহালে। এখন জিলাৰ পৰা আন এখন জিলালৈ, গুৱাহাটীৰ বেদখলকৃত ভূমি পৰিদৰ্শন কৰিবলৈ হেলিকপ্টাৰ ছফৰ কৰা মন্ত্ৰী সিংহালে অৱশ্যে এই পৰ্যন্ত এই জলসিঞ্চন বিভাগৰ আঁচনি ৰূপায়ণত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হৈ থকা দুৰ্নীতি, অনিয়মৰ ক্ষেত্ৰ ভিত্তিক পৰিদৰ্শন কৰাৰ সাহস গোটাব পৰা নাই।

কেমেৰাৰ সন্মুখত নৈতিকতাৰ পাঠ দিয়া এইগৰাকী বহুবল্কী মন্ত্ৰীয়ে দিছপুৰ আৰক্ষী থানাত ৰুজু হৈ থকা গোচৰ, তেওঁৰ টেবুলত পৰি থকা দুৰ্নীতিৰ তথ্য-প্ৰমাণ আধাৰিত দস্তাবেজৰ পাছতো কিয় ৰবি লাভানীয়া আৰু ৰফিকুল হকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই সেই প্ৰশ্নৰ কোনো সঠিক উত্তৰ নাই। হয়তো এই দুৰ্নীতিৰ দস্তাবেজৰ পৃষ্ঠাৰ এটা এটাকৈ সঠিকভাৱে তদন্ত হ'লেই বহু ৰৌ, বৰালি জালত পৰাৰ ভয়তে মন্ত্ৰী সিংহালৰ এনে নৰমস্থিতি।

কথাৰহে মন্ত্ৰী অশোক সিংহালঃ দুৰ্নীতিৰ দস্তাবেজ উন্মোচনৰ পাছতো সাহস নাই ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ...
কৃষকে নাপায় পানী, জলসিঞ্চন বিভাগৰ ঠিকাদাৰ, অভিযন্তা, মন্ত্ৰীহে হয় ধনী !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in