ডিজিটেল ডেস্কঃ ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । দেওবাৰে জালুকবাৰীত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ ড্রাগছ । প্রাগজ্যোতিষ নগৰৰ বি জি কলনীৰ এটা অট্টালিকাৰ পৰা জব্দ কৰা হৈছে ড্ৰাগছ ।
এছটিএফৰ এটা বৃহৎ দল আৰু ডিআইজিৰ নেতৃত্বত চলিছিল এক অভিযান । এই অভিযানত ৬৫টা হেৰ’ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰা হৈছে । ঘটনা সন্দৰ্ভত মণিপুৰৰ দুজন লোকক গ্রেপ্তাৰ কৰা হৈছে । গ্ৰেপ্তাৰ কৰা লোক দুজন হৈছে আব্দুল কালাম ওৰফে হাছান, মুস্তাকিম ।
Also Read: ঐতিহাসিক এঙেৰা খাট পথাৰলৈ যোৱা পথ মেৰামতি ৰাইজৰ...