কংগ্ৰেছত যোগদান কৰিবলৈ গুৱাহাটীত জয়ন্ত বৰাঃ বিৰোধী নেতৃত্বলৈ বাৰে বাৰে ফোন ভূপেন বৰাৰ...

বিহালী সমষ্টিয়ে অসম সন্মিলিত মঞ্চলৈয়ো মাতিছে বিপদ !
কংগ্ৰেছত যোগদান কৰিবলৈ গুৱাহাটীত জয়ন্ত বৰাঃ বিৰোধী নেতৃত্বলৈ বাৰে বাৰে ফোন ভূপেন বৰাৰ...
কংগ্ৰেছত যোগদান কৰিবলৈ গুৱাহাটীত জয়ন্ত বৰাঃ বিৰোধী নেতৃত্বলৈ বাৰে বাৰে ফোন ভূপেন বৰাৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ উপ-নিৰ্বাচনৰ বাবে ইতিমধ্যে প্ৰতিটো সমষ্টিৰে প্ৰাৰ্থীৰ নাম ঘোষণা হৈছে। কংগ্ৰেছেও চাৰিটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। পিছে বিহালী সমষ্টিক লৈ এতিয়াও অন্ত পৰা নাই জটিলতা।

বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদানৰ জৰিয়তে বিহালী উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু হোৱা জয়ন্ত বৰাক লৈ কংগ্ৰেছত ইতিমধ্যে অথন্তৰ লাগিছে। বিশ্বনাথ কংগ্ৰেছে মুকলিকৈ জয়ন্ত বৰাৰ বিৰুদ্ধে সংবাদ মেল পাতি তেওঁৰ দলত যোগদানৰ বিৰোধিতা কৰিছে।

সেইদৰেই প্ৰদেশৰ কংগ্ৰেছেও বিহালী সমষ্টি মিত্ৰদলক এৰি দিছে। মিত্ৰ দল চি পি আই (এম এল) এলৰ পৰা বিবেক দাসে প্ৰতিদ্বন্দিতা কৰাতো একপ্ৰকাৰে নিশ্চিত। কিন্তু কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে।

গগৈয়ে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পূৰ্বেই বিহালী সমষ্টি পৰিদৰ্শন কৰি নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰিছে। তেওঁ জয়ন্ত বৰাক সমষ্টিটোৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ পক্ষপাতী। গৌৰৱ গগৈৰ আঙুলিত ধৰিয়েই জয়ন্ত বৰাই কংগ্ৰেছত যোগদান কৰি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু হৈছিল।

সমষ্টিটোত এতিয়াও অব্যাহত থকা বিতৰ্কৰ মাজতো সেই আশা বাদ দিয়া নাই জয়ন্ত বৰাই। ইতিমধ্যে দিল্লীত শীৰ্ষ নেতৃত্বৰ সৈতে গৌৰৱ গগৈয়ে এই সন্দৰ্ভত আলোচনা কৰিছে।

তাৰ মাজতেই গুৱাহাটীত বাহৰ পাতিছে জয়ন্ত বৰাই। যিকোন সময়তে জয়ন্ত বৰাই আনুষ্ঠানিকভাৱে যোগদান কৰিব পাৰে কংগ্ৰেছত। ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰায়ো সেউজ সংকেত প্ৰদান কৰিছে।

কংগ্ৰেছত যোগদানৰ বাবে সাজু হোৱা জয়ন্ত বৰাই অৱশ্যে যোগদানৰ পূৰ্বে প্ৰাৰ্থিত্ব নিশ্চিত হোৱাতো বিচাৰিছে। সেয়ে এতিয়ালৈকে আনুষ্ঠানিক যোগদান সম্ভৱপৰ হৈ উঠা নাই।

ইতিমধ্যে প্ৰদেশ কংগ্ৰেছে বিহালী সমষ্টিটো বিৰোধী মিত্ৰদলৰ এৰি দিয়াত সমষ্টিটোত জয়ন্ত বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰাক লৈ জটিলতাৰ সৃষ্টি হৈছে। তাৰ পাছতো এতিয়া ভূপেন বৰাই বিৰোধী নেতৃত্বলৈ ফোন কৰি বিষয়টোৰ সন্দৰ্ভত আলোচনা অব্যাহত ৰাখিছে।

পৰিস্থিতিৰ জটিলতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰদেশ কংগ্ৰেছে বিহালীত বিৰোধী মিত্ৰদলক বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দিতাৰ প্ৰস্তাৱ দিছে যদিও সেই প্ৰস্তাৱ অগ্ৰাহ্য কৰিছে অসম সন্মিলিত মঞ্চৰ অন্যান্য দলসমূহে। এনে পৰিস্থিতিত এতিয়া ভূপেন বৰা মহা বিপদত পৰিছে।

এক কথাত উপ নিৰ্বাচনতকৈ ভূপেন বৰাৰ বাবে এতিয়া বিহালী সমষ্টিৰ সমস্যা সমাধান কৰাটোৱেই হৈ পৰিছে চৰম প্ৰত্যাহ্বান। যদি শেষ মুহূৰ্তত কেন্দ্ৰীয় নেতৃবৰ্গয়ো গৌৰৱ গগৈৰ কথা মতেই জয়ন্ত বৰাক বিহালীত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পক্ষপাতি হয় তেন্তে হয়তো অসম সন্মিলিত মঞ্চৰ ভৱিষ্যতক লৈয়ো বহু প্ৰশ্নৰ সৃষ্টি হ'ব।

এই পৰিস্থিতিৰ শান্তিপূৰ্ণ অৱসান নঘটিলে হয়তো অসম সন্মিলিত মঞ্চৰো অৱসান ঘটিব পাৰে। সেয়ে এতিয়া আগন্তুক দুটা দিনৰ অসমৰ ৰাজনৈতিক পৰিস্থিতি হ'ব অতি লক্ষ্যণীয়।

কংগ্ৰেছত যোগদান কৰিবলৈ গুৱাহাটীত জয়ন্ত বৰাঃ বিৰোধী নেতৃত্বলৈ বাৰে বাৰে ফোন ভূপেন বৰাৰ...
সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত আপ ৰ প্ৰথমখন ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in