বিশ্ব অভিলেখত অংশ লোৱা বিহুৱা-বিহুৱতীক আদৰিবলৈ সাজু কামৰূপ মহানগৰ জিলা প্ৰশাসন...

গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত অসমৰ বিহু নাচক স্থান দিয়াৰ বাবে অসম চৰকাৰৰ উদ্যোগত সৰুসজাই ষ্টেডিয়ামত হ'ব বিহু নাচ প্ৰদৰ্শন । এই প্ৰদৰ্শনত অংশগ্ৰহণকাৰী বিহুৱা-বিহুৱতীসকলক ৰখাৰ বাবে ৰাজ্য চৰকাৰৰ নিৰ্দেশত কামৰূপ মহানগৰ জিলা প্ৰশাসনে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে৷

author-image
Asomiya Pratidin
New Update
বিশ্ব অভিলেখত অংশ লোৱা বিহুৱা-বিহুৱতীক আদৰিবলৈ সাজু কামৰূপ মহানগৰ জিলা প্ৰশাসন...

বিহুকলৈ মহানগৰ প্ৰশাসনৰ প্ৰস্তুতি সম্পূৰ্ণ

ডিজিটেল ডেস্কঃ গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত অসমৰ বিহু নাচক স্থান দিয়াৰ বাবে অসম চৰকাৰৰ উদ্যোগত সৰুসজাই ষ্টেডিয়ামত হ'ব বিহু নাচ প্ৰদৰ্শন । এই প্ৰদৰ্শনত অংশগ্ৰহণকাৰী বিহুৱা-বিহুৱতীসকলক ৰখাৰ বাবে ৰাজ্য চৰকাৰৰ নিৰ্দেশত কামৰূপ মহানগৰ জিলা প্ৰশাসনে সম্পূৰ্ণ কৰিছে সকলো প্ৰস্তুতি ৷

মহানগৰীৰ বিভিন্ন হোটেল, লজ আৰু আই আই টি, গুৱাহাটীকে ধৰি বহুকেইখন শিক্ষানুষ্ঠানৰ ছাত্ৰাবাসৰ প্ৰায় বাৰ হেজাৰ বিচনা সাজু কৰিছে প্ৰশাসনে ৷ ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সন্মুখত বিহু নাচ প্ৰদৰ্শন কৰিবলগীয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিহুৱা-বিহুৱতীসকল । ১০ এপ্ৰিলত আহি গুৱাহাটীত উপস্থিত হ'বহি বিহুৱা-বিহুৱতীসকল ৷

সাজু মহানগৰ প্ৰশাসনে
সাজু মহানগৰ প্ৰশাসনে

তেওঁলোকে থকা আৰু খোৱাত যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ নিশ্চয়তাৰ বাবে সোমবাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত দুই শতাধিক হোটেল, লজ আৰু শিক্ষানুষ্ঠানৰ প্ৰতিনিধিৰ সৈতে এখন বৈঠকত মিলিত হয় ৷

বিহু নাচিবৰ বাবে অহা যুৱক-যুৱতীসকলে যাতে কোনোধৰণৰ অসুবিধা নাপায় আৰু নিৰ্দিষ্ট সময়ত যাতে পুৱাৰ জলপানসহিতে সকলো সা-সুবিধা লাভ কৰে তাৰ বাবে ব্যৱস্থা ল'বলৈ জিলা উপায়ুক্তই হোটেলৰ প্ৰতিনিধিসকলক নিৰ্দেশ দিয়ে ৷

হোটেল কৰ্তৃপক্ষৰ সৈতে বৈঠক উপায়ুক্তৰ
হোটেল কৰ্তৃপক্ষৰ সৈতে বৈঠক উপায়ুক্তৰ

জিলা প্ৰশাসনে প্ৰেৰণ কৰা তালিকাৰ ভিত্তিত থাকিবলৈ অহা বিহুৱা-বিহুৱতীক সহজে কোঠাৰ আবন্টন দিয়াৰ বাবে আগতীয়াকৈ সাজু কৰি ৰাখিবলৈ নিৰ্দেশ দিয়ে উপাযুক্তগৰাকীয়ে ৷ বৈঠকত অতিৰিক্ত উপায়ুক্ত ডঃ ধ্ৰুৱজ্যোতি হাজৰিকা প্ৰমুখ্যে জিলা প্ৰশাসনৰ কেইবাজনো শীৰ্ষ বিষয়া উপস্থিত থাকি বক্তব্য আগবঢ়াই ৷

Also Read: মুখ্যমন্ত্ৰীৰ পত্নীকলৈ কেজৰিৱালৰ মন্তব্যক উভতি ধৰিলে ৰূপজ্যোতি কুৰ্মীয়ে...

#BihuAssam #geneceworldrecordbihu