ব্যৱসায়ীক প্ৰতিষ্ঠানত ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰাসকল সাৱধান !

কামৰূপ মহানগৰ জিলা প্ৰশাসনে ল'ব কঠোৰ পদক্ষেপ
ব্যৱসায়ীক প্ৰতিষ্ঠানত ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰাসকল সাৱধান !
ব্যৱসায়ীক প্ৰতিষ্ঠানত ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰাসকল সাৱধান !
Published on
Updated on

ডিজিটেল ডেস্কঃ কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্তই এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে ঘৰুৱা ৰন্ধন গেছ ব্যৱহাৰ কৰি ঘৰুৱা ৰন্ধন গেছ যোগান ও বিতৰণ নিয়ন্ত্ৰণ আইনৰ ধাৰা ৩ (চি) আৰু ৭ (চি) উলংঘা কৰাৰ কথা উল্লেখ কৰিছে। এনে আইন উলংঘা কৰা প্ৰতিষ্ঠানৰ বিৰুদ্ধে আইন সংগত ব্যৱস্থা গ্ৰহণৰ কথাও উল্লেখ কৰিছে।

বিজ্ঞপ্তিত লিখিছে - শেহতীয়াকৈ কামৰূপ মহানগৰ জিলাৰ বিভিন্ন ব্যৱসায়িক অৱস্থান সমূহত একাংশ হোটেল, ৰেষ্টুৰেণ্ট, কেন্টিন আদিত ঘৰুৱা ৰন্ধন গেছ ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপিত হৈছে। এই প্রতিষ্ঠানসমূহে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰত অনিয়ন্ত্রিত প্ৰেছাৰ ৰেগুলেটৰ ব্যৱহাৰ কৰিছে যাৰ ফলত যিকোনো মুহূর্তত যিকোনো অঘটন ঘটিব পাৰে। তদুপৰি ব্যৱসায়িক প্রতিষ্ঠানে ঘৰুৱা ৰন্ধন গেছ ব্যৱহাৰ কৰি ২০০০ চনৰ ঘৰুৱা ৰন্ধন গেছ যোগান ওঁ বিতৰণ নিয়ন্ত্রণ আইনৰ ধাৰা 3 (C) আৰু 7 (C) উলংঘা কৰিছে।

ব্যৱসায়িক প্রতিষ্ঠানে বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ পৰিৱৰ্তে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ ব্যৱহাৰ কৰাৰ ফলত চৰকাৰে ৰাজহ হেৰুৱাবলগীয়া হয়। সেয়েহে এই জাননী যোগে সকলো ব্যৱসায়িক প্ৰতিষ্ঠানক সতৰ্ক কৰি দিয়া হ'ল যে তেওঁলোকে যাতে নিজৰ নিজৰ প্রতিষ্ঠানত বাণিজ্যিক গেছৰ চিলিণ্ডাৰ ব্যৱহাৰ কৰে। ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰা পৰিলক্ষিত হ'লে তেনে প্ৰতিষ্ঠানৰ বিৰুদ্ধে আইন সংগত ব্যৱস্থা গ্রহণ কৰা হ'ব।

ব্যৱসায়ীক প্ৰতিষ্ঠানত ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰাসকল সাৱধান !
কলাজল নৈৰ আৰু দৰং জিলাৰ বান-খহনীয়া সমাধানৰ বাবে বিশেষজ্ঞৰে বৈঠক মন্ত্ৰী পীযুষ হাজৰীকাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in