ডিজিটেল সংবাদ,গুৱাহাটীঃ বিশ্ব শান্তিৰ উদ্দেশ্যেৰে জগতগুৰু শংকৰাচাৰ্য স্বামী শ্ৰী অধোক্ষজানন্দ জী মহাৰাজৰ উদ্যোগত ৯ ছেপ্টেম্বৰৰ পৰা ১৬ ছেপ্টেম্বৰলৈ গুৱাহাটীৰ খানাপাৰা খেলপথাৰত অনুষ্ঠিত হ’ব ৰুদ্ৰ মহাযজ্ঞ আৰু কামেশ্বৰী মহা আৰাধনা । শ্ৰী শ্ৰী ৰুদ্ৰ যজ্ঞ আৰু কামেশ্বৰী মহাআৰাধনা আয়োজক সমিতিৰ উদ্যোগত এই যজ্ঞ আয়োজন কৰা হৈছে।
কাৰ্যসূচী অনুসৰি ৯ ছেপ্টেম্বৰৰ পুৱা খানাপাৰাৰ পৰা বশিষ্ঠ নদী পৰ্যন্ত জলযাত্ৰা কাৰ্যসূচীৰে আৰম্ভ হ’ব মহাযজ্ঞ ৷ এই যাত্ৰা যজ্ঞ মণ্ডপৰ পৰা আৰম্ভ হৈ বৰুণ পূজনৰ বাবে বশিষ্ঠলৈ আগবাঢ়িব। কলহ যাত্ৰা অনুষ্ঠানত বেণ্ডপাৰ্টি, শংখ, নাগৰা, ভোৰতাল, ঢোল বাদন ইত্যাদি থাকিব।
৯ ছেপ্টেম্বৰৰ পৰা ১৬ ছেপ্টেম্বৰলৈ প্ৰতিদিনে মহাযজ্ঞ অনুষ্ঠিত হ’ব আৰু ইয়াৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ শতাধিক পুৰোহিত আহি গুৱাহাটীত উপস্থিত হৈছে ৷ প্ৰতিদিনে সন্ধিয়া পাঁচ বজাৰ পৰা সাত বজালৈ ধৰ্ম সন্মিলন অনুষ্ঠিত হ’ব য’ত শংকৰাচাৰ্য উপস্থিত থাকি ধৰ্মীয় বাণী প্ৰদান কৰিব৷
উল্লেখ্য যে, এই মহাযজ্ঞৰ বাবে খানাপাৰা খেলপথাৰত দিনে-নিশাই যুদ্ধকালীন ক্ষীপ্ৰতাৰে কাম কৰা হৈছে। এই ক্ষেত্ৰচ আয়োজত মণ্ডলীয়ে ৰাইজৰ সহায়-সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে। সকলো ভক্তৰ বাবে মুকলি থাকিব যজ্ঞস্থলী,গতিকে এই যজ্ঞত সকলোৱে উপস্থিত থাকিব পাৰিব।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাও এই যজ্ঞত উপস্থিত থকাৰ সম্ভাৱনা। বহিঃৰাজ্যৰ বহু ভক্তপ্ৰাণ লোকৰ উপস্থিতিত যজ্ঞভাগি সাফল্যমণ্ডিত হ'ব বুলি আশা কৰিছে আয়োজক মণ্ডলীয়ে। সমাজৰ পৰা অপায়-অমংগল দূৰ হৈ বিশ্বৰ প্ৰতিজন মানুহ যাতে শান্তিত থাকিব পাৰে সেই মহৎ উদ্দেশ্যৰে এই মহাযজ্ঞ সম্পন্ন হ'ব।
Also Read: চিলাপথাৰত গ্ৰেণেড উদ্ধাৰঃ আতংকিত ৰাইজ