মহানগৰীত পুনৰ অপহৃত শিশু

মহানগৰীত পুনৰ অপহৃত শিশু
Published on
Updated on

ডিজিটেল ডেস্কঃ মহানগৰীৰ হাতীগাঁও সংঘটিত হৈছে শিশু অপহৰণৰ ঘটনা। গুৱাহাটীৰ সিজুবাৰীৰ কনকলতা পথত সংঘটিত হৈছে এই অপহৰণৰ ঘটনা। দেওবাৰে দিনত অপহৃত হয় ৬ বছৰীয়া শিশুটি।

অপহৃত শিশুটিৰ মাতৃয়ে দিয়া ভাষ্য অনুসৰি দেওবাৰে দিনৰ ২.৪৫ বজাত অপহৃত হয় শিশুটি। ঘৰৰ সমীপতে সহোদৰৰ লগত খেলি থকা অৱস্থাত এজন অচিনাক্ত যুৱকে আহি খেলনা বস্তু দিয়াৰ চলেৰে অপহৰণ কৰে শিশুটিক।

জানিব পৰামতে, এই অপহৰণৰ ঘটনা সংঘটিত কৰাৰ বাবে নম্বৰবিহীন বাইক ব্যৱহাৰ কৰিছিল অপহৰণকাৰীয়ে। মুখত আৱৰণ মাৰি আহিছিল অপহৰণকাৰীজন। সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে হাতীগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে। উল্লেখ্য যে, ধন দাবীৰ উদ্দেশ্যৰে নে অন্য কোনো কাৰণত এই অপহৰণকাণ্ড সংঘটিত হৈছে সেইবিষয়ে এই পৰ্যন্ত জানিব পৰা হোৱা নাই।

মহানগৰীত পুনৰ অপহৃত শিশু
ধেমাজি সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in