ডিজিটেল ডেস্কঃ অসমৰ সামজ জীৱনৰ পৰা খহি পৰিল আন এক নক্ষত্ৰ। মহানগৰীৰ দিছপুৰ পলিক্লিনিকত জীৱন মৃত্যুৰে যুঁজি হাৰ মানিলে প্ৰবীণ অভিনেতা-পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যই। চিকিৎসালয়খনত দুদিন ধৰি আই চি ইউৰ ভেণ্টিলেচনত থকা ভট্টাচাৰ্যই শুকুৰবাৰে সন্ধিয়া প্ৰায় ৮-৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে।
আজি তেওঁৰ নশ্বৰ দেহ দিছপুৰ হাস্পতালতে ৰখোৱাৰ ব্যৱস্থা কৰা হৈছে। পৰিয়ালৰ সূত্ৰই অসমীয়া প্ৰতিদিন ডিজিটেলক জানিবলৈ দিয়া মতে শনিবাৰে পুৱাৰ ভাগতে ভট্টাচাৰ্যৰ নশ্বৰ দেহ তেওঁৰ ৰিহাবাৰীৰ বাসগৃহলৈ নিয়া হ'ব।
আত্মীয়-স্বজনে বাসগৃহতে কিছু আনুষ্ঠানিকতা সম্পন্ন কৰাৰ পাছত তেওঁক লৈ যোৱা হ'ব উজানবজাৰস্থিত সূৰ্যলৈ। তাত ভট্টাচাৰ্যক অন্তিম দৰ্শন আৰু শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব পাৰিব অনুৰাগীসকলে।
অবিবাহিত ভট্টাচাৰ্যই যিহেতু তেওঁৰ দেহ ইলোৰা বিজ্ঞান মঞ্চক দান কৰি থৈছে সেয়েহে তেওঁৰ কোনো অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা নহয়। পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ সূৰ্যত ভট্টাচাৰ্যৰ নশ্বৰ দেহ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখোৱা হ'ব।
ইয়াৰ পাছতে এবছৰৰ আগতে দেহ দান কৰা ভট্টাচাৰ্যৰ নশ্বৰ দেহ ইলোৰা বিজ্ঞান মঞ্চই চমজি ল'ব।