ডিজিটেল ডেস্কঃ অৱশেষত জীৱন মৃত্যুৰে যুঁজি মৃত্যুৰ ওচৰত হাৰ মানিলে ৯২ বছৰতো তৰুণ হৈ থকা প্ৰবীণ অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্যই। দিছপুৰ হাস্পতালৰ আই চি ইউৰ ভেণ্টিলেচনত থকা কুলদা কুমাৰ ভট্টাচাৰ্যই পোহৰৰ উৎসৱৰ আনন্দত ৰাজ্যবাসী মতলীয়া হৈ থকাৰ সময়তে চিৰদিনলৈ মুদিলে দুচকু।
দেহৰ বহু কেইটা অংগ বিকল হৈ পৰাত হাস্পতালত ভৰ্তি কৰাৰ পাছৰে পৰা প্ৰবীণ অভিনেতাজন অনুৰাগীসকল চিন্তিত হৈ আছিল। তাৰ মাজতেই আজি কিছু সময়ৰ পূৰ্বে আহিল এই অনাকাংক্ষিত খবৰ।
কুলদা কুমাৰ ভট্টাচাৰ্যৰ জন্ম হৈছিল ১৯৩৩ চনৰ ১৮ আগষ্টত। গুৱাহাটীৰ পাণবজাৰৰ যশোৱন্ত ৰ'ডত জন্ম গ্ৰহণ কৰা ভট্টাতাৰ্যৰ পিতৃ আছিল- অধিবক্তা কালিপ্ৰসন্ন ভট্টাচাৰ্য আৰু তেওঁৰ মাতৃ আছিল কমলা দেৱী।
১৯৪৬ চনত মেট্ৰিকুলেচন পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতে তেওঁ কটন কলেজৰ পৰা বি এ পাছ কৰিছিল। তাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জী বিষয়ত অনাৰ্চ লৈ এম এ পাছ কৰে। ইয়াৰ পাছতে তেওঁ লণ্ডন আৰু জাৰ্মানীত মঞ্চকলা, অভিনয় আৰু টেলিভিছন বিষয়ত শিক্ষা গ্ৰহণ কৰে।
সৰুৰে পৰাই তেঁওৰ নাটক আৰু আবৃত্তিৰ প্ৰতি থকা তীব্ৰ আকৰ্ষণৰ বাবেই মাত্ৰ ৬ বছৰ বয়সতে মঞ্চত ভৰি থৈছিল কুলদা কুমাৰ ভট্টাচাৰ্যই। কলেজত পঢ়ি থকা সময়ত হেমাংগ বিশ্বাসৰ নেতৃত্বত তেখেত ভাৰতীয় গণনাট্য সংঘৰ সৈতে জড়িত হৈ পৰিছিল।
গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত অৱস্থাতো ভট্টাচাৰ্য আই টি পি এ আৰু অল ইণ্ডিয়া ৰেডিঅ'ৰ বাবে নাটক কৰাত ব্যস্ত আছিল। লীডচত এম বি এ পঢ়িবলৈ গৈ গণিত বিষয়ত থকা দুৰ্বলতাৰ বাবে আসন নাপাই কুলদা কুমাৰ ভট্টাচাৰ্যই দেউতাকৰ উপদেশ অনুসৰি থিয়েটাৰত পেচাদাৰী শিক্ষা লোৱাৰ সিদ্ধান্ত লৈছিল।
১৯৬০ চনত লণ্ডনৰ 'নিউ এৰা একাডেমি অব্ ড্ৰামা এণ্ড মিউজিক'ৰপৰা অভিনয় আৰু মঞ্চকলা বিষয়ত ছবছৰীয়া ডিপ্ল'মা গ্ৰহণ কৰিছিল। তাৰ পাছত প্ৰডাকচন ডিজাইনত ব্ৰিটিছ ড্ৰামা লীগৰপৰা তিনি সপ্তাহৰ প্ৰশিক্ষণ সমাপ্ত কৰিছিল। সেইখিনি সময়তে তেখেতে লণ্ডনত এখন কিতাপৰ দোকানত বিক্ৰেতাৰূপে কাম কৰিছিল। তাৰ মাজতেই আকৌ তেওঁ বিবিচিৰ বঙালী শাখাত কাম কৰাৰ সুবিধা লাভ কৰিছিল।
১৯৬০ চনত তেওঁ জাৰ্মানীৰ হামবুৰ্গলৈ যায় আৰু তাত Nordlund Westdeutsche Rundfunk and Fernsehenৰ পৰা টেলিভিছন ডিৰেকচন আৰু ভিছন মিক্সিং বিষয়ত শিক্ষা গ্ৰহণ কৰে। এই শিক্ষাৰে অভিজ্ঞ হৈ তেওঁ ১৯৬১ চনত ভাৰতলৈ ঘূৰি আহে আৰু দিল্লীত এটা ইংৰাজ নাট্য গোষ্ঠীৰ লগত কাম কৰে। এইখিনি সময়ত তেখেতে হবিব তনবীৰ, সুষমা শেঠৰ সৈতে কাম কৰাৰ সুবিধা পায়।
লণ্ডনত লগ পোৱা এজন বন্ধুৰ জৰিয়তে ভট্টাচাৰ্যৰ আকাশবাণীৰ সহকাৰী কেন্দ্ৰ সঞ্চালকৰ সৈতে এক সুসম্পৰ্ক গঢ়ি উঠিছিল। তাৰ পাছতেই তেওঁ আমেৰিকাৰ পৰা সম্প্ৰচাৰ হোৱা অনুষ্ঠানৰ বাঙালী ৰেকৰ্ডিং কৰাৰ সুযোগ লাভ কৰে।
১৯৬২ চনত কুলদাকুমাৰ ভট্টাচাৰ্য অসমলৈ ঘূৰি আহে আৰু অল ইণ্ডিয়া ৰেডিঅ'ৰ কাৰ্যবাহী প্ৰযোজক (নাটক) হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। আকাশবাণীৰ কাৰ্যবাহী প্ৰযোজক ৰূপে তেখেতে শ্ব্যেক্সপীয়েৰৰ হেমলেটকে ধৰি কেইবাখনো প্ৰখ্যাত নাটকৰ অনাতাঁৰ প্ৰচাৰৰ বাবে উদ্যোগ গ্ৰহণ কৰিছিল।
তাৰ পাছতেই কুলদা কুমাৰ ভট্টাচাৰ্যই ৰাজ্যৰ এগৰাকী অনাতাঁৰ শিল্পী, অভিনেতা তথা পৰিচালক হিচাপে খ্যাতি লাভ কৰে। ভট্টাচাৰ্যই গুৱাহাটী অনাতাঁৰ কেন্দ্ৰযোগে প্ৰচাৰিত ৰেডিঅ' নাট 'পৰশুৰাম'ত অভিনয়ৰ যোগেদি জনপ্ৰিয়তা অৰ্জন কৰিছিল।
ভট্টাচাৰ্যই ১৯৬০ চনৰ মাজভাগত অসম জাতীয় নাট্যশালা প্ৰতিষ্ঠা কৰিছিল আৰু অসমৰ থিয়েটাৰী মঞ্চৰ তেখেত এগৰাকী জেষ্ঠ অভিনেতা হিচাপে কাম কৰিছিল। তেওঁৰ অসমীয়া, ইংৰাজীৰ উপৰিও বঙালী আৰু হিন্দী ভাষাতো ভাল দখল আছিল।
আবৃত্তিকাৰ হিচাপেও তেওঁ জনপ্ৰিয় হৈ পৰিছিল। ড॰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠান (জ্যোতি চিত্ৰবন)ৰ প্ৰতিষ্ঠাপক সঞ্চালকৰ পদো অলংকৃত কৰিছিল ভট্টাচাৰ্যই। আনহাতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতা আৰু ইণ্ডিয়ান পেনোৰামাৰ বাবে তেখেত দুবাৰকৈ জুৰীৰ সদস্য নিৰ্বাচিত হৈছিল।
অসমৰ নাটক, অভিনয় আদি ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবেই তেওঁ বহু কেইটা সন্মানো লাভ কৰিছিল। ২০২৪ ৰ ৫ জানুৱাৰীত সাদিন প্ৰতিদিন গোষ্ঠীৰ এছিভাৰ অনুষ্ঠানত তেওঁলৈ আগবঢ়োৱা হৈছিল 'সাদিন' বঁটা।
কুলদা কুমাৰ ভট্টাচাৰ্য আছিল এগৰাকী কীৰ্ত্তি গদ্য লেখকো। কাকত, আলোচনীত চিনেমা, ক্ৰীড়া বিষয়ক বিভিন্ন প্ৰবন্ধ লিখাৰ উপৰিও তেখেতে কেইবাখনো গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে।
ভট্টাচাৰ্যই দূৰদৰ্শনৰ ধাৰাবাহিকতো অভিনয় কৰিছিল। তেওঁ পৰিচালনা কৰা আৰু অভিনয় কৰা এখন জনপ্ৰিয় ধাৰাবাহিক "তেজাল ঘোঁৰা"। "তেজাল ঘোঁৰা"ৰ উপৰিও তেখেতে অভিনয় আৰু পৰিচালনা কৰা টেলি চিৰিয়েল হ'ল- এই চহৰতে, ত্ৰিকাল(১৯৯৫) দামিনী আৰু হিন্দী ভাষাত নিৰ্মিত গেটৱে।
কুলদা কুমাৰ ভট্টাচাৰ্যই তথ্যচিত্ৰতো অভিনয় কৰিছিল। ৩৫ খনতকৈও অধিক তথ্যচিত্ৰ আৰু চুটি ছবি নিৰ্মাণ কৰিছিল। তাৰে কেইখনমান হ'ল- ‘Delightful Nature’ (১৯৭২), ‘Pride of Nature’ (১৯৭২), ‘Mopin’ (১৯৭৩), ‘Elephant Befriended’ (১৯৭৪), ‘Men Behind Metal’ (১৯৭৫) আৰু ‘Danger Ahead’ (১৯৭৬)।
নাট্য ক্ষেত্ৰতো কুলদা কুমাৰ ভট্টাচাৰ্যই কেতবোৰ কাম কৰিছিল। ভট্টাচাৰ্যই ১৯৬০ চনত 'অসম জাতীয় নাট্যশালা' প্ৰতিষ্ঠা কৰিছিল। প্ৰখ্যাত নাট্যকাৰ ড॰ ভবেন্দ্ৰনাথ শইকীয়া, অৰুণ শৰ্মা, মহেন্দ্ৰ বৰঠাকুৰ আদিৰ সৈতে লগ লাগি তেওঁ ৰেডিঅ' নাটক, ভ্ৰাম্যমাণ নাটকৰ ক্ষেত্ৰতো এক বিপ্লৱৰ সূচনা কৰিছিল।
শৈশৱত তেখেতে কবিগুৰুৰ 'ডাকঘৰ' নামৰ নাটকখনত অমল নামৰ চৰিত্ৰটোত অভিনয় কৰি অমল বুলি জনাজাত হৈ পৰিছিল। দিল্লীত থকাৰ সময়ত এক্সটাৰনেল এফেয়াৰ্চৰ এচিচটেণ্ট ষ্টেচন ডিৰেক্টৰ শৈলেন্দ্ৰ শংকৰৰ উৎসাহ আৰু তাগিদাত তেখেতে বহুকেইখন নাটকত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল।
তেখেতে অভিনয় কৰা উল্লেখযোগ্য নাটকসমূহ- নতুন ইহুদী (সলিল সেনৰ), মশাল (দ্বিগেন্দ্ৰচন্দ্ৰ বন্দ্যোপাধ্যায়ৰ), ৰক্তকৰবী (ৰবীন্দ্ৰনাথ ঠাকুৰৰ)। এইসমূহ নাটক তেওঁ ভাৰতী গণনাট্য সংঘৰ বাবে কৰা নাটক।
ইয়াৰ উপৰি ভ্ৰাম্যামাণ থিয়েটাৰৰ বাবেও তেঁও নাটক কৰিছিল। মাটিৰ গাড়ী (শূদ্ৰকৰ, ১৯৮৩), স'ৰাগুৰি চাপৰি (মহেন্দ্ৰ বৰঠাকুৰৰ, ১৯৮৮), পৰশুৰাম, বাঘজলি (অৰুণ শৰ্মাৰ, ১৯৮৮), অথেলো (শ্বেক্সপীয়েৰৰ, ২০০৫) আদি তেনে নাটক।
কুলদা কুমাৰ ভট্টাচাৰ্যৰ এনে বিৰল প্ৰতিভা আৰু কৰ্মৰাজিৰ বাবে ভালেসংখ্যক অনুষ্ঠান- প্ৰতিষ্ঠানে ভিন্ন সময়ত স্বীকৃতি আৰু সন্মান প্ৰদান কৰিছে। তেঁও লাভ কৰা সন্মান সমূহৰ ভিতৰত অন্যতম তৰুণ দুৱৰা মেম'ৰিয়েল অইল ইণ্ডিয়া বঁটা, নিৰোদ চৌধুৰী জীৱনজোৰা সাধনা বঁটা, জীৱন ৰাম মুংগি দেৱী গোৱেংকা চেৰিটেবল ট্ৰাষ্টৰপৰা স্বীকৃতি, অপ্সৰা বঁটা, ২০১৬ চনত জিপ্লাচ থিয়েটাৰ মহোৎসৱত 'লাইফ ইন আ থিয়েটাৰ এৱাৰ্ড', ২০১৮ চনত প্ৰাগ চিনে এৱাৰ্ডৰ নৰ্থ ইষ্টৰ জীৱনজোৰা সাধনা বঁটা, ২০২৩ চনত শ্ৰেষ্ঠ ভইচ অভাৰৰ বাবে ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আদি।
Also Read: প্ৰবীণ অভিনেতা, পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্য আৰু নাই...